অসম নাগৰিক সমাজ, নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী সমম্বয় সমিতি, সুস্থ সমাজ বিকাশ চক্ৰ আৰু অসম চিভিল ছ’চাইতিৰ সংবাদ মেল

অসম নাগৰিক সমাজ, নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী সমম্বয় সমিতি, সুস্থ সমাজ বিকাশ চক্ৰ আৰু অসম চিভিল ছ’চাইতিৰ সংবাদ মেল

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ চন্দ্ৰপ্ৰভা শইকীয়ানী ভৱনত অসম নাগৰিক সমাজ,নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী সমন্ময় সমিতি,সুস্হ সমাজ বিকাশ চক্ৰ,অসম চিভিল ছ’চাইটিৰ উদ্যোগত আজি সন্মিলিতভাৱে এখন সংবাদ মেল অনুষ্ঠিত কৰে৷ সংবাদ মেলত ক্ৰচ কাৰেন্টৰ সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰৰ বিনাচৰ্তে মুক্তি আৰু এপেক্স বেংকৰ দুৰ্নীতিৰ উচ্চ পৰ্য্যায়ৰ তদন্ত দাবী জনায়। বেংকৰ অৰ্থনৈতিক কেলেংকাৰীৰ বিৰুদ্ধে সংবাদ সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক গ্ৰেপ্তাৰ কৰা কাৰ্য্যক আটাই কেইটা সংগঠনৰ নেতৃবৰ্গই গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে বিজেপি চৰকাৰক একেমুখে ধিক্কাৰ দিয়ে। সংবাদ মাধ্যমৰ ওপৰত এই স্বৈৰাচাৰি বিজেপি চৰকাৰৰ বাৰে বাৰে আক্ৰমণ সাধাৰণ জনতাৰ বাবে, গণতন্ত্ৰৰ বাবে শুভ লক্ষণ নহয় বুলি বিশিষ্ট বুদ্ধিজীৱী ডঃ হীৰেন গোঁহাইয়ে উল্লেখ কৰে। তেওঁ আৰু কয়, এপেক্স বেংকৰ কেলেংকাৰীৰ লগত অকল ৰাজেশ বাজাজ জড়িত আছে এনে নহয়, সাৰদা কেলেংকাৰীৰ লগতে মুখ্যমন্ত্ৰী ও সাঙোৰ খাই আছে। গতিকে অসমৰ ৰাইজে যদি এই ভ্ৰষ্টাচাৰি বিজেপি চৰকাৰক পুলি পোখাই উৎখাত কৰিব নোৱাৰে তেন্তে অসমীয়া জাতিৰ উদ্ধাৰ নাই। গতিকে সকলো এক হৈ এই চৰকাৰক বিদায় দিয়াৰ বাবে আহ্বান জনায়। এই সংবাদ মেলত কা বিৰোধী সমন্বয় সমিতিৰ সভাপতি ডঃ হীৰেন গোহাঁই, আহ্বায়ক দেবেন তামূলী, সুস্থ সমাজ বিকাশ চক্ৰৰ সভাপতি ডঃ অপূৰ্ব বৰুৱা, চিভিল ছ’চাইটিৰ সভাপতি আব্দুৰ হাফিজ ৰচিদ চৌধুৰী, সম্পাদক মছদ্দৰ হুছেইন, অসম নাগৰিক সমাজৰ সম্পাদক পৰেশ মালাকৰ, আব্দুল মান্নানকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷