অসম দেশৰ মুকুট
ছেলিমা বেগম
নগাঁও
অসমৰ মুকুট আছিল জুবিন
সংগীত জগতৰ ৰজা,
মানুহৰ মন জয় কৰিছিল
আজি কিয় কান্দি আছে প্ৰজা।
ছিংগাপুৰ যে শেষ ভ্ৰমণ
যমদূত গৈছে লগে লগে,
সাগৰৰ তলে কৰিলে আনন্দ
বন্ধু আছিল একেলগে।
কোনে কৰিছিল ডকাইতি তাৰ
সহায় নাপালে বন্ধু আৰ,
সোণৰ হৰিণ আছিল জুবিন
কোনে কৰিছে ধ্বংস তাৰ।
প্ৰাণৰ গায়ক জুবিন আমাৰ
অসম দেশৰ অভিনেতা,
নাট্যকাৰ, তুমি সুৰকাৰ তুমি
কান্দে সৰ্ব দেশৰ জনতা ।