অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতিত্ব গ্ৰহণ মেহবুব আলীৰ

অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতিত্ব গ্ৰহণ মেহবুব আলীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  জয়ানগৰস্হিত অসম তৃণমূল কংগ্ৰেছৰ মূখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সভাত অসম তৃণমূল যুৱ কংগ্ৰেছৰ নৱ নিযুক্ত সভাপতি মেহবুব আলীয়ে আনুষ্ঠানিকভাৱে দায়িত্বভাৰ গ্ৰহণ কৰে। কামৰূপ মহানগৰ তৃণমূল কংগ্ৰেছৰ সভাপতি তপন কলিতাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা ডাঙৰীয়াও উপস্থিত থাকে। উক্ত সভাতেই সভাপতি ৰিপুণ বৰাৰ উপস্থিতিত অসম তৃণমূল যুৱ কংগ্ৰেছৰ নৱ-গঠিত ৰাজ্যিক কমিটি ঘোষণা কৰি দায়িত্ব প্ৰদান কৰা হয়।সভাত উপস্থিত থাকি ৰিপুণ বৰাই নৱ-নিযুক্ত কৰ্মী সকলক শুভেচ্ছা জনোৱাৰ লগতে অনাগত দিনত তেওঁলোকে অসমৰ যুৱপ্ৰজন্মক সঠিকভাৱে নেতৃত্ব দি স্বৈৰাচাৰী আৰু উগ্ৰ সাম্প্ৰদায়িকতাবাদী বিজেপিক প্ৰতিহত কৰাত সফল হ’ব বুলি মত প্ৰকাশ কৰে। ইয়াৰ লগতে এই সভাতেই ভালেসংখ্যক লোকে অসম তৃণমূল কংগ্ৰেছত যোগদান কৰে। সভাত অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ উপৰিও মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মা, অসম তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক গজেন্দ্ৰ প্ৰসাদ উপমন্যু, তৰিট চেটাৰ্জী, অভিজিৎ মজুমদাৰ, জুলফিকৰ হুছেইন, কোষাধ্যক্ষ ঘণকান্ত চুতীয়া, কামৰূপ মহানগৰ মহিলা তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী ৰেখা বৰগোহাঁই, কামৰূপ মহানগৰ তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি পৰাগ দাসৰ উপৰিও ভালেসংখ্যক কৰ্মী উপস্থিত থাকে। উল্লেখ্য যে, অসম তৃণমূল যুৱ কংগ্ৰেছে অহা ২ আৰু ৩ নৱেম্বৰ তাৰিখে সোৱণশিৰিৰ বৃহৎ নদীবান্ধ নিৰ্মাণৰ প্ৰতিবাদত গুৱাহাটীৰ পৰা গেৰুকামুখলৈ মটৰচাইকেলেৰে যাত্ৰা কৰি “সোৱণশিৰি বচাওঁক-অসম বচাওঁক” অভিযান আৰম্ভ কৰিব।