অসম তৃণমূল কংগ্ৰেছ-অসম তৃণমূল যুৱ কংগ্ৰেছৰ সংবাদমেল

অসম তৃণমূল কংগ্ৰেছ-অসম তৃণমূল যুৱ কংগ্ৰেছৰ সংবাদমেল

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যবাসীক বিদ্যুৎ যোগানৰ ক্ষেত্ৰত জড়িত এপিডিডিএলত চূড়ান্ত বেমেজালিৰ অভিযোগ উত্থাপন কৰিছে অসম তৃণমূল কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা মিডিয়া বিভাগৰ তত্বাৱধায়ক অভিজিত মজুমদাৰে । দলৰ গুৱাহাটীস্থ মুখ্য কাৰ্যালয়ত সম্বোধন কৰা সংবাদমেলত মজুমদাৰে এপিডিচিএলৰ ভুল পৰিচালনা নীতিৰ ফল। জনতাই ভুগিব লগা হৈছে বুলি অভিযোগ কৰে। অসম তৃণমূলৰ নেতাগৰাকীয়ে প্রিপেইড মিটাৰ সংযোগৰ প্ৰসংগ উত্থাপন কৰি এই ক্ষেত্ৰত এপিডিডিএলৰ তৰফৰ পৰা ইয়াৰ ব্যৱহাৰ সন্দৰ্ভত কোনো ব্যৱস্হা নকৰাক লৈ ক্ষোভ প্ৰকাশ কৰে। মজুমদাৰে লগতে বাৰে বাৰে বিদ্যুৎ মাচুল বৃদ্ধি কৰা কাৰ্যৰ সমালোচনা কৰে। এপিডিচিত্ৰলত চলি থকা ভুল পৰিচালনাৰ বাবেই বিদ্যুৎ মাচুল বৃদ্ধিৰ বোজা জনতাই কঢ়িয়াৰ লগা হোৱা বুলি মন্তব্য কৰে। ‘এপিডিচিএলে বিদ্যুৎ মাচুল বিল সংগ্ৰহৰ বাবে প্রিপেইড মিটাৰ সংযোগ কৰিছে। কিন্তু ৰাইজ ইয়াৰ ব্যৱহাৰ সন্দৰ্ভত অৱগত নহয়। প্রিপেইড মিটাৰৰ বিষয়ে বুজাবলৈ এপিডিডিএলৰ তৰফৰ পৰা কোনো ব্যৱস্থাও লোৱা নাই। কিন্তু ৰিচাৰ্জ শেষ হোৱাৰ লগে লগে গ্ৰাহকৰ বিদ্যুৎ সংযোগ কৰ্তন কৰি দিয়ে। এয়া অন্যায়। ৰাইজৰ পৰা সংগ্ৰহ কৰা ৰাজহৰ ধনেৰে এপিডিচিএল চলাই নিজৰ খেয়াল খুচি মতে বিদ্যুৎ মাচুল বৃদ্ধি কৰা, বিদ্যুৎ সংযোগ কর্তন কৰাটো কোনো কাৰণতে গ্রহণযোগ্য নহয়। আমি এই কথাৰ তীব্ৰ বিৰোধিতা কৰিছোঁ, মজুমদাৰে কয়। আনহাতে সংবাদমেলত মজুমদাৰে বিদ্যুৎ চুৰিৰ প্ৰসংগও উত্থাপন কৰি এই ক্ষেত্ৰত এপিডিডিএলক ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। আনহাতে অসম তৃণমূল যুব কংগ্ৰেছৰ সভাপতি বন্দীপ দত্তই সংবাদমেলত অংশ লৈ শক্তিমন্ত্রী নন্দিতা। গার্লোছাই অসমীয়া নাজানো বুলি কৈ বিষয়টোৰ পৰা দায় সাৰিবলৈ চেষ্টা কৰাটোক কঠোৰ সমালোচনা কৰে। ‘যদি বিদ্যুৎ মাচুল হ্ৰাস নকৰে তেন্তে আমি নন্দিতা গালোছা ডাঙৰীয়ানীৰ কোৱাৰ্টাৰত গৈ ধর্ণা দিম। তেতিয়া তেওঁ আমাক হিন্দী, ইংৰাজী, জার্মানী, ইটালী যি ভাষাত বুজায় বুজাই থাকিব, দত্তই কয়। সংবাদমেলত দত্তই লগতে বিল পৰিশোধ কৰা এপছত খৰচৰ বিপৰীতে বিতং তথ্য উপলব্ধ নোহোৱাৰ প্ৰসংগ উত্থাপন কৰি এই ক্ষেত্ৰত কেলেংকাৰী সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰে। এই ক্ষেত্ৰত শীঘ্ৰে প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি দত্তই।