অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ সংবাদমেল
ৰঙিলী বাৰ্ত্তাসেৱা- অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই খাৰঘূলিৰ জলবিস্ফোৰণৰ দুৰ্ঘটনাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক জগৰীয়া কৰিছে।আজি গুৱাহাটীস্থ অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত ৰিপুণ বৰাই এই সন্দৰ্ভত কয়,’এসময়ত দীৰ্ঘদিন গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী হিচাপে থকা ড° হিমন্ত বিশ্ব শৰ্মাৰ অৱহেলাৰ বাবে আজি খাৰঘূলিৰ জলবিস্ফোৰণৰ ঘটনা সংঘটিত হ’বলৈ পালে। পানী যোগানৰ বাবে সেই দায়িত্ব লাভ কৰিছিল গেমনে। পৰৱৰ্তী সময়ত গেমনে নিম্ন মানৰ কাম কৰাৰ বাবে উক্ত কাম দিয়া হৈছিল অন্ধ্ৰপ্ৰদেশৰ এটি প্ৰতিষ্ঠানক। কিন্তু গেমনৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নহ’ল। সেই সময়ত গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কোনো ব্যৱস্থা নল’লে। আৰু সেই গাফিলতিৰ ফল ভুগি খাৰঘূলিত এগৰাকী মহিলাই প্ৰাণ হেৰুওৱাৰ লগতে বহু সংখ্যক আহত হ’বলগীয়া হ’ল। নিহত মহিলাগৰাকীৰ পৰিয়ালৰ সকলো দায়িত্ব গ্ৰহণ কৰাৰ লগতে আহতসকলৰ চিকিৎসাৰ সঠিক ব্যৱস্থা কৰিবলৈ অসম তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা দাবী জনালো। লগতে গোটেই বিষয়টোৰ সন্দৰ্ভত এক উচ্চ পৰ্যায়ৰ তদন্ত দাবী জনালো৷আনহাতে,সংবাদমেলত ৰিপুণ বৰাই এক মন্তব্যত ৰহস্যজনক মৃত্যুক সাৱটি লোৱা আৰক্ষী বিষয়া জোনমণি ৰাভাৰ বিষয়টো মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তল পেলাবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰে। বৰাই কয়,’মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই জোনমণি ৰাভাৰ বিষয়টো ইচ্ছাকৃতভাৱে তল পেলাবলৈ চেষ্টা কৰিছে। এতিয়াৰে পৰা এই বিষয়ত আৰক্ষী বা চৰকাৰৰ তৰফৰ পৰা কোনেও মন্তব্য দিব নালাগে বুলি কৈ বিষয়টোৰ পৰা ফালৰি কাটিব যে বিচাৰিছে সেয়া প্ৰমাণ কৰিছে। আনহাতে লখিমপুৰত নকল সোণৰ ব্যৱসায়ীৰ সন্দৰ্ভত নৱ নিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰক সংবাদ মাধ্যমত কোনো বক্তব্য নিদিবলৈ ধমক দি মুখ্যমন্ত্ৰীয়ে কি বুজাব বিচাৰিছে সকলোৱে বুজি পাইছে। আনহাতে জোনমণি ৰাভাৰ মৃত্যুৰ ঘটনাৰ তদন্তৰ দায়িত্ব চিবিআইক দিছে যদিও আমি ন্যায়িক তদন্তৰ দাবী জনাই আহিছো। কাৰণ চিবিআই এতিয়া বিজেপি চৰকাৰৰ হাতৰ পুতলাত পৰিণত হৈছে। চিবিআইক দায়িত্ব দি পোন্ধৰ-বিশ বছৰলৈ বিষয়টো লেহেমীয়া কৰি মানুহৰ স্মৃতিৰ পৰা আঁতৰ কৰিব বিচৰা হৈছে। বহু উচ্চ পদস্থ আৰক্ষীৰ লোকক সুৰক্ষা দিবলৈ এয়া কৰিছে কৰিছে হিমন্ত বিশ্ব শৰ্মাই।’ইফালে উক্ত সংবাদমেলত শেহতীয়াকৈ মণিপুৰ আৰু মিজোৰামত অসমৰ বহু লোক জীৱনৰ নিৰাপত্তাহীনতাত ভুগি পলায়ন কৰিবলগীয়া পৰিস্থিতিৰ সময়তো নেডাৰ আহ্বায়ক ড° হিমন্ত বিশ্ব শৰ্মাই ভুক্তভোগীসকলৰ কাষত কিয় থিয় হোৱা নাই বুলি প্ৰশ্ন কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। বৰাই লগতে ড° হিমন্ত বিশ্ব শৰ্মাই বিধায়ক কিনা-বেচা কৰি উত্তৰ পূবৰ ৰাজ্যসমূহত বিজেপিৰ চৰকাৰ বনাবলৈহে নেডাৰ আহ্বায়ক হৈ আছে নেকি বুলি কটাক্ষ কৰে। ৰাজ্য দুখনত জীৱনৰ সংকটত ভোগা বহু লোক পলাই আহি বৰাকত আশ্ৰয় লোৱাৰ কথা প্ৰসংগক্ৰমে উল্লেখ কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। বৰাই লগতে খানাপাৰাত মেলা পাতি চাকৰিৰ নিযুক্তি পত্ৰ বিলোৱাৰ সময় পোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাৰ মণিপুৰলৈ যাবলৈ কিয় আহৰি নাই বুলি প্ৰশ্ন উত্থাপন কৰে। সংবাদমেলত অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মা, সাধাৰণ সম্পাদক (প্ৰশাসন) গজেন্দ্ৰ প্ৰসাদ উপমন্যু, কোষাধ্যক্ষ ঘনকান্ত চুতীয়া আৰু কামৰূপ মহানগৰ জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি তপন কলিতাও উপস্থিত থাকে।