অসম তৃণমূল কংগ্ৰেছলৈ যুৱ প্ৰজন্মৰ ব্যাপক আকৰ্ষণ

অসম তৃণমূল কংগ্ৰেছলৈ যুৱ প্ৰজন্মৰ ব্যাপক আকৰ্ষণ

ৰঙিলী বাৰ্ত্তাসেৱা-   প্ৰতিদিনে অসম তৃণমূল কংগ্ৰেছৰ প্ৰতি ৰাইজৰ আগ্ৰহ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। দলটোৰ গুৱাহাটীস্থ মুখ্য কাৰ্যালয়ত সভাপতি ৰিপুণ বৰাৰ উপস্থিতিত হৰেকৃষ্ণ ডেকাৰ নেতৃত্বত মঙলদৈ সমষ্টিৰ শতাধিক যুৱক-যুৱতীয়ে যোগদান কৰে।সভাপতি ৰিপুণ বৰাই ন-সতীৰ্থসকলক আদৰণি জনাই দিয়া ভাষণত বৰ্তমান কংগ্ৰেছ-এআইইউডিএফৰ দুৰ্বল স্থিতিৰ পৰিপ্ৰেক্ষিতত অসম তৃণমূল কংগ্ৰেছক ৰাইজে প্ৰকৃত বিৰোধী হিচাপে আদৰি লোৱা বুলি মন্তব্য কৰে। যোগদান কাৰ্যসূচীত অংশ লোৱাসকলক আদৰণি জনাই আগন্তুক সময়ত বিজেপি চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিবলৈ আহ্বান জনায়।আনহাতে অসম তৃণমূল কংগ্ৰেছ দলে সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত জনতাৰ দুখ-দুৰ্দশাৰ ছবিখন তুলি ধৰাৰ ক্ষেত্ৰত লোৱা ভূমিকাত সন্তুষ্ট বুলি মন্তব্য কৰে দলত যোগদান কৰা সদস্যসকলে।