অসম তথ্য আৰু জনসংযােগ বিষয়া সংস্থাৰ নতুন কার্যনির্বাহক সমিতি গঠন 

Pc Northeast Now

অসম তথ্য আৰু জনসংযােগ বিষয়া সংস্থাৰ নতুন কার্যনির্বাহক সমিতি গঠন 

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা-  অসম তথ্য আৰু জনসংযােগ বিষয়া সংস্থাৰ নতুন কার্যনির্বাহক সমিতি নির্বাচন অনুষ্ঠিত কৰি গঠন কৰা হয়। উল্লেখযােগ্য যে, কার্যনির্বাহক সমিতিখনৰ সভাপতি, উপ-সভাপতি, সাধাৰণ সম্পাদক, যুটীয়া সম্পাদক আৰু কোষাধ্যক্ষ পদৰ বাবে গণতান্ত্রিক প্রক্রিয়া অনুসৰি নির্বাচন অনুষ্ঠিত কৰি প্রার্থীসকলক নির্বাচন কৰা হয়। নির্বাচন প্রক্রিয়াত ৯৫.৭১ শতাংশ ভােটাৰে ভােটদান কৰে। নির্বাচনৰ ফলাফল অনুসৰি সভাপতি পদত সঞ্চালকালয়ৰ যুটীয়া সঞ্চালক দীন নাথ লয়িঙে সভাপতি পদৰ বাবে আৰু মৃদুপৱন বৰাই কোষাধ্যক্ষ পদৰ বাবে বিনা প্রতিদ্বন্দ্বিতাৰে নির্বাচিত হয়। আনহাতে, উপ-সভাপতি পদত অংশুমা মহিলাৰীয়ে ১২ টা ভােটৰ ব্যৱধানত, সাধাৰণ সম্পাদক পদত ইফটিখাৰ জামানে ৪৪ টা ভােটৰ বিপুল ব্যৱধানত আৰু যুটীয়া সম্পাদক পদত জয়ন্ত মাউতে ১০ টা ভােটৰ ব্যৱধানত জয় লাভ কৰে। তদুপৰি সাধাৰণ সভাই কার্যনির্বাহক সমিতিৰ বাবে গৰাকী সদস্য মনােনীত কৰে। তেওঁলােক হৈছেবংকিম ভাগৱতী, স্বাক্ষৰ ডেকা, মঞ্জুৰাণী ডেকা, শিখা শইকীয়া, চুস্পী চুতীয়া আৰু দিব্যজ্যোতি শৰ্মা। নির্বাচন পৰিচালনাৰ বাবে অনুসূচীত জাতিৰ সঞ্চালকালয়ৰ যুটীয়া সঞ্চালক হেমন্ত পেগুক ৰিটার্নিং বিষয়া আৰু তথ্য আৰু জনসংযােগ সঞ্চালকালয়ৰ পঞ্জীয়ক এল নাংলাইক প্রিজাইদিং বিষয়াৰ দায়িত্ব অর্পন কৰা হৈছিল। আনহাতে পর্যবেক্ষকৰ দায়িত্বত আছিল তথ্য আৰু জনসংযােগ বিভাগৰ বিষয়া ৰঞ্জিত গগৈ নির্বাচনৰ পিছতে অনুষ্ঠিত হােৱ তথ্য আৰু জনসংযােগ বিষয়া সংস্থাৰ সাধাৰণ সভাৰ বৈঠকত বিষয়াসকলে উত্থাপন কৰা জিলা-মহকুমা কার্যালয়ে সন্মুখীন হােৱা বিভিন্ন সমস্যাসমূহৰ বিষয়ে আলােচনা কৰা হয়। লগতে সঞ্চালকালয়ৰ বিষয়াসকলৰ সেৱা বিধিৰ সংশােধনৰ লগতে, কার্যালয়ৰ কাম-কাজ অধিক ক্ষিপ্ৰ আৰু সুচাৰুৰূপে পৰিচালনা কৰাৰ বাবে প্রয়ােজন হােৱা কাৰিকৰী তথা অন্যান্য দিশসমূহৰ বিষয়ে বিশদভাৱে আলােচনা কৰা হয়। সভাতমুখ্য কার্যালয়ৰ বিষয়াসকলৰ লগতে সকলাে জিলা আৰু মহকুমা বিষয়াসকলে অংশগ্রহণ কৰে।