অসম ডন ব’স্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ সজাগতা সভা
সকলো পেশাতে সমাজৰ বাবে গুৰুত্বপূৰ্ণ অৱদান থাকে – ড° বুলজিৎ বুঢ়াগোহাঁই
গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা- অসম ডন বস্ক’ বিশ্ববিদ্যালয় প্ৰযুক্তি বিদ্যাপীঠৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ উদ্যোগত ২৮ ছেপ্টেম্বৰত দিনৰ ৯ বজাত জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এখন কেৰিয়াৰ সজাগতা সভা অনুষ্ঠিত হয় । জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক কমল কুমাৰ শৰ্মাই আঁত ধৰা কেৰিয়াৰ সজাগতা সভাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা অসম ডন বস্ক’ বিশ্ববিদ্যালয় প্ৰযুক্তি বিদ্যাপীঠৰ যান্ত্রিক অভিযান্ত্রিক বিভাগৰ মুৰব্বী ড° বুলজিৎ বুঢ়াগোহাঁই আৰু সহকাৰী অধ্যাপক প্ৰাঞ্জল শৰ্মা । ড° বুঢ়াগোহাঁয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত শিক্ষাৰ্থীসকলে আই.টি.আই.ৰ বিভিন্ন ট্রেড, পলিটেকনিকৰ তিনি বছৰীয়া ডিপ্লমাৰ বিভিন্ন পাঠ্যক্রম আৰু উচ্চতৰ মাধ্যমিকত শাখা তথা বিষয় নিবাৰ্চন কেনেকৈ কৰিব লাগে সেই বিষয়ে বিষদ বাখ্যা আগবঢ়ায় । ড° বুঢ়াগোহাঁয়ে সমাজত পেশাৰ প্ৰতি থকা মনোভাৱৰ কথা লক্ষ্য কৰি কয় যে, “কামৰ কোনো সৰু বা ডাঙৰ ধাৰণা থাকিব নালাগে, আৰু সকলো কামৰ মূল্য আছে। যিকোনো কাম কৰাত লাজ কৰিব নালাগে, কিয়নো সকলো পেশাতে সমাজৰ বাবে গুৰুত্বপূৰ্ণ অৱদান থাকে।” লগতে তেওঁ বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষা তথা নিযুক্তিৰ বাবে আয়োজন কৰা সাক্ষাৎকাৰবোৰত সাধাৰণ জ্ঞানৰ প্রয়োজনীয়তাৰ বিষয়েও উল্লেখ কৰে। শিক্ষাৰ্থীসকলে সাম্প্রতিক ঘটনা প্রবাহৰ জ্ঞান আহৰণ কৰিবৰ বাবে দৈনিক বাতৰি কাকত তথা আলোচনীৰ নিয়মীয়াকৈ পঢ়াৰ অভ্যাস গঢ়ি তুলিব লাগিব বুলি উল্লেখ কৰে। সেইদৰে নিয়মীয়াকৈ ৰেডিঅ’ৰ বাতৰি অনুষ্ঠান শুনি আৰু টেলিভিছনৰ বাতৰি অনুষ্ঠানবোৰৰ পৰা আহৰণ কৰা জ্ঞানবোৰ লিপিবদ্ধ কৰি ৰাখিবলৈ ড° বুলজিৎ বুঢ়াগোহাঁয়ে শিক্ষাৰ্থীসকলক পৰামৰ্শ দিয়ে । কেৰিয়াৰ পৰামৰ্শদাতা গৰাকীয়ে শিক্ষাৰ্থীসকলৰ বিভিন্ন প্ৰশ্নৰ সমিধান আগবঢ়োৱাৰ লগতে প্ৰতি শনিবাৰে বিয়লি ৬বজাৰৰ পৰা ৯বজালৈ ফোনযোগে (৯৪৩৫১৮৮৬৩০) আগবঢ়োৱা কেৰিয়াৰ পৰামৰ্শৰ বিষয়েও অৱগত কৰে । জালুকবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা চৰিফা আৰা আহমেদ আৰু আন শিক্ষক-শিক্ষয়িত্ৰীসকল উপস্থিত থকা কৰ্মশালাখনত আনজন সমল ব্যক্তি প্ৰাঞ্জল শৰ্মাই ছাত্র-ছাত্রীসকলৰ হবি (hobby)বোৰৰ গুৰুত্ব উল্লেখ কৰি কয় যে এগৰাকী ব্যক্তিৰ হবি, কেৱল মনোৰঞ্জন বা অৱসৰৰ কাম নহয়, বৰঞ্চ সেয়া জীৱন-জীৱিকাত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পাৰে।