অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগে NCAMৰ পৃষ্ঠপোষকতাত ‘Additive Manufacturing: Transformative Applications and Technological Frontiers’ শীৰ্ষক এফ.ডি.পি. সম্পন্ন
গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা- অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগে ৰাষ্ট্ৰীয় এডিটিভ মেনুফেকচাৰিং কেন্দ্ৰ (National Centre for Additive Manufacturing – NCAM)ৰ পৃষ্ঠপোষকতাত অতি সফলতাৰে সম্পন্ন কৰিলে এখন Faculty Development Programme (FDP)। “Additive Manufacturing: Transformative Applications and Technological Frontiers” শীৰ্ষক ছয়দিনীয়া কাৰ্যসূচীয়ে ৯ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰী, ২০২৬ লৈকে বিশ্ববিদ্যালয়ৰ আজাৰা কেম্পাছত অনুষ্ঠিত হৈছিল। এই FDPত অসম ইঞ্জিনিয়াৰিং কলেজসহ আশে-পাশেৰে অৱস্থিত বিভিন্ন প্ৰতিষ্ঠানৰ অধ্যাপক-অধ্যাপিকা আৰু গৱেষকসকলে অংশগ্ৰহণ কৰিছিল। এডিটিভ মেনুফেকচাৰিং (৩ডি প্ৰিন্টিং) প্ৰযুক্তিৰ সাম্প্ৰতিক অগ্ৰগতি, ইয়াৰ ব্যৱহাৰিক প্ৰয়োগ আৰু ভৱিষ্যতৰ সম্ভাৱনাসমূহৰ বিষয়ে অংশগ্রহণকাৰীসকলক আধুনিক জ্ঞান আৰু দক্ষতা প্ৰদান কৰাটো কাৰ্যসূচীৰ মূল উদ্দেশ্য আছিল ।
কাৰ্যসূচীত অধ্যাপক অমৰেন্দ্ৰ কুমাৰ দাস (প্ৰ’ ভাইচ চান্সেলৰ, তেজপুৰ বিশ্ববিদ্যালয়) আৰু অধ্যাপক মামিলা ৰাৱি শংকৰে (মূৰবী, যান্ত্ৰিক অভিযান্ত্ৰিক বিভাগে , আই আই টি তিৰুপতি) সমল ব্যক্তি হিচাপে উপস্থিত থাকি বক্তৃতা প্ৰদান কৰে । ইয়াৰ উপৰি আই আই টি গুৱাহাটী, আই আই টি বোম্বে, এন আই টি শিলচৰ আদি প্ৰতিষ্ঠানৰ পৰা আহি অন্যান্য সমল ব্যক্তিসকলে বক্তৃতা প্রদান কৰে ।
কাৰ্যসূচীত অংশগ্ৰহণকাৰীসকলে এডিটিভ মেনুফেকচাৰিংৰ মৌলিক নীতি, বিভিন্ন প্ৰকাৰৰ ৩ডি প্ৰিন্টিং প্ৰযুক্তি (FDM, SLA, SLS আদি), CAD মডেলিং, STL ফাইল প্ৰস্তুতি, সিমুলেশন, প’ষ্ট-প্ৰচেছিং, বায়োমেডিকেল, অট’ম’টিভ, এয়াৰস্পেচ আৰু শক্তি খণ্ডত ইয়াৰ পৰিৱৰ্তনশীল প্ৰয়োগ আদি বিষয়ত গভীৰ আলোচনা কৰিছিল। হাতে-কামে প্ৰশিক্ষণ আৰু লেবৰেটৰী সেশ্বনৰ লগতে Tech Cityত 3DPCOEলৈ এক উদ্যোগ ভ্ৰমণো অনুষ্ঠিত হৈছিল, য’ত অংশগ্ৰহণকাৰীসকলে বাস্তৱিক উৎপাদন পৰিৱেশ প্ৰত্যক্ষ কৰিছিল।
উদ্বোধনী অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই এই ধৰণৰ কাৰ্যসূচীৰ গুৰুত্বৰ কথা উল্লেখ কৰি কৈছিল যে এডিটিভ মেনুফেকচাৰিংয়ে ভাৰতক বিশ্বৰ এটা প্ৰধান উদ্ভাৱনী কেন্দ্ৰ হিচাপে গঢ়ি তুলিব পাৰে। সমাপ্তি অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলক প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। অংশগ্ৰহণকাৰীসকলে এই এফডিপিক অত্যন্ত উপকাৰী বুলি মন্তব্য কৰি জ্ঞান আৰু দক্ষতা বৃদ্ধিৰ লগতে গৱেষণা আৰু শিক্ষাদানত নতুন দিশ লাভ কৰাৰ কথা প্ৰকাশ কৰিছে।
এফডিপিখনৰ সমন্বয়ক ড° ধ্ৰুবজিৎ শৰ্মাই উল্লেখ কৰে, “NCAMৰ সহায়ত এই FDP আয়োজন কৰি আমি অসমৰ শিক্ষকসকলক ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক মানৰ জ্ঞান প্ৰদান কৰিব পৰাৰ সুযোগ লাভ কৰিলোঁ। এই কাৰ্যসূচীয়ে আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবেও নতুন গৱেষণা আৰু প্ৰকল্পৰ দুৱাৰ মুকলি কৰিব।” এই সফল এফডিপিৰ জৰিয়তে অসম ডন বস্ক’ বিশ্ববিদ্যালয়ে আধুনিক প্ৰযুক্তিৰ ক্ষেত্ৰত নিজৰ অৱদান আৰু অগ্ৰগতিৰ স্বাক্ষৰ ৰাখিলে। এনে কাৰ্যসূচীৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষা ক্ষেত্ৰত এডিটিভ মেনুফেকচাৰিং প্ৰযুক্তিৰ প্ৰসাৰ আৰু বিকাশ ত্বৰান্বিত হ’ব বুলি আশা কৰা হৈছে।
