অসম ডনবস্ক’ বিশ্ববিদ্যালয়ৰ দ্বাদশ সমাৱৰ্তনত অসমৰ ৰাজ্যপালৰ মন্তব্য – ‘‘দেশবাসীৰ জীৱনত অৰ্থপূৰ্ণ পৰিৱৰ্তন আনিব লাগিব”

অসম ডনবস্ক বিশ্ববিদ্যালয়ৰ দ্বাদশ সমাৱৰ্তনত অসমৰ ৰাজ্যপালৰ মন্তব্য – ‘‘দেশবাসীৰ জীৱনত অৰ্থপূৰ্ণ পৰিৱৰ্তন আনিব লাগিব”

ৰঙিলী বাৰ্ত্তাসেৱা- উচ্চমানৰ শিক্ষাৰ জৰিয়তে একোজন সচেতন নাগৰিক গঢ় দিয়াৰ লক্ষ্য আগত লৈ নিৰৱচ্ছিন্ন প্ৰয়াসেৰে শিক্ষাজগতত প্ৰৱেশ কৰা অসম ডন বস্ক’ বিশ্ববিদ্যালয়ৰ দ্বাদশ সমাৱৰ্তন যোৱা ২৩ চেপ্তেম্বৰ তাৰিখে বিশ্ববিদ্যালয়ৰ টেপেছিয়া প্ৰাংগনত অনুষ্ঠিত হয়। সমাৱৰ্তনখনত মূখ্য অতিথিৰ আসন শুৱনি কৰি সমাৱৰ্তনৰ মূখ্য ভাষণ প্ৰদান কৰে অসমৰ ৰাজ্যপাল শ্ৰী গুলাব চান্দ কাটাৰিয়াই।বিশ্ববিদ্যালয়খনৰ আচাৰ্য ফাডাৰ জন’ৱাৰিছ চাংমা, উপাচাৰ্য ফাডাৰ (ড°) জ’চ পেলেলি, সম উপাচাৰ্য ফাডাৰ জোচেফ নেলানাট, বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ সঞ্চালকসকল, বিভিন্ন বিভাগৰ মুৰব্বীসকল, শিক্ষকবৃন্দ, শিক্ষাৰ্থীসকল আৰু সমাজৰ বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট তথা গণ্যমান্য ব্যক্তিসকলে সমাৱৰ্তনখনত অংশগ্ৰহণ কৰে।সমাৱৰ্তনখনিত ২৩ জন গৱেষকক ডক্টৰেট উপাধি প্ৰদান কৰাৰ লগতে সৰ্বমুঠ ১২৮৬ জন শিক্ষাৰ্থীৰ ভিতৰত ৫৫৫ জনক স্নাতক ৭৩১ জনক স্নাতকোত্তৰ উপাধি প্ৰদান কৰা হয় । ইয়াৰ উপৰিও বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ডন বস্ক’ গোলকীয় কেন্দ্ৰৰদ্বাৰা পৰিচালিত সতাঁৰ আৰু দূৰশিক্ষা পাঠ্যক্ৰমৰ (Online and Distance Education) জৰিয়তে সৰ্বমুঠ ১৩৪ জন শিক্ষাৰ্থীক বিভিন্ন বিষয়ত স্নাতক উপাধি প্ৰদান কৰাৰ লগতে ৬ জন শিক্ষাৰ্থীক স্নাতকোত্তৰ ডিপ্লমা আৰু প্ৰমাণপত্ৰ প্ৰদান কৰা হ’ব । বিশ্বৰ বিভিন্ন প্ৰান্তৰপৰা ২৮ জন শিক্ষাৰ্থীয়ে সমাৱৰ্তনখনত অনলাইনযোগে অংশগ্ৰহণ কৰে ।প্ৰতিটো বিভাগতে সৰ্ব্বোচ্চ নম্বৰপ্ৰাপ্ত মুঠ ৩৬ জন শিক্ষাৰ্থীক সোণৰ পদক প্ৰদান কৰা হয়।স্নাতকোত্তৰ পাঠ্যক্ৰমত সৰ্ব্বোচ্চ নম্বৰপ্ৰাপ্ত অসামৰিক অভিযান্ত্ৰিক বিভাগৰ হিমাক্ষী দাসক শ্ৰেষ্ঠ স্নাতকোত্তৰ শিক্ষাৰ্থীৰ বাবে আাচাৰ্য পদক আৰু স্নাতক পাঠ্যক্ৰমত সৰ্ব্বোচ্চ নম্বৰপ্ৰাপ্ত গণিত বিভাগৰ এলিচিয়া লালৰিনপুইক শ্ৰেষ্ঠ স্নাতক শিক্ষাৰ্থীৰ বাবে উপাচাৰ্যৰ পদক প্ৰদান কৰা হয়।নতুনকৈ প্ৰৱৰ্তন কৰা বঁটাসমূহৰ ভিতৰত, স্নাতকোত্তৰ জৈৱ-বিজ্ঞানৰ পৰা ডাপ্বোকলাং ৰাইনজাহক ফাদাৰ ষ্টিফেন মাভেলী সোণৰ পদক প্ৰদান কৰা হয় আৰু শিক্ষা, সামাজিক দায়বদ্ধতা, নেতৃত্বৰ ভূমিকা আৰু পাঠ্যক্ৰম আৰু পাঠ্যক্ৰমৰ বহিৰ্ভূত কাৰ্যকলাপত ব্যতিক্ৰমী প্ৰতিভাৰ বাবে কম্পিউটাৰ বিজ্ঞান অভিযান্ত্ৰিক বিভাগৰ পৰা প্ৰিয়ংকা চেত্ৰীক জে এন বাউৰী ব্যতিক্ৰমী পদক প্ৰদান কৰা হয় । মনস্তাত্ত্বিক দিশত পৰামৰ্শৰ জৰিয়তে সমাজলৈ আগবঢ়োৱা অৱদানৰ বাবে মনস্তাত্ত্বিক পৰামৰ্শ বিভাগৰ দিশা শৰ্মাক পাৰ্থ দে সোণৰ পদক প্ৰদান কৰা হয়।সমাৱৰ্তন ভাষণত অসমৰ ৰাজ্যপাল শ্ৰী গোলাব চান্দ কাটাৰিয়াই শিক্ষাৰ্থীসকলক উদ্দ্যেশি কয় যে, ” আপোনালোকে এতিয়াৰপৰা আমাৰ দেশৰ নতুন যুৱ কৰ্মশক্তি হিচাপে অন্যান্য লাখ লাখ যুৱক-যুৱতীৰ দৰে সপোন, দৃষ্টিভংগী, উদ্ভাৱনী ধাৰণা আৰু উন্নত ভাৰতৰ আশাৰে আগবাঢ়ি যাওঁক ।  আপোনালোক সেই কৰ্মশক্তিৰ অংশ হ’বলৈ চেষ্টা কৰক যিয়ে উদ্ভাৱনী মূলক ধাৰণা আৰু সমৰ্পণৰ জৰিয়তে আমাৰ দেশবাসী আৰু বিশ্বৰ নাগৰিকসকলৰ জীৱনত অৰ্থপূৰ্ণ পৰিৱৰ্তন আনে । ” তদুপৰি, শ্ৰী কাটাৰিয়াই বিশ্ববিদ্যালয়খনৰ সদস্যসকলক নতুন শিক্ষা নীতি ২০২০ (এনইপি)ৰ সফল ৰূপায়ণ আৰু কৰ্মশালা অনুষ্ঠিত কৰা আৰু শিক্ষকসকলক প্ৰশিক্ষণ দিয়া আৰু স্নাতক কাৰ্য্যসূচীসমূহৰ পাঠ্যক্ৰমৰ পুনৰ্গঠনৰ বাবে অভিনন্দন জ্ঞাপন কৰে।সমাৱৰ্তনখনত ভাষণ প্ৰদান কৰি বিশ্ববিদ্যালয়খনৰ আচাৰ্য ফাডাৰ জন’ৱাৰিছ চাংমাই  শিক্ষাৰ্থীসকলক সম্বোধন কৰি কয় যে, ‘পৃথিৱীখন আপোনাৰ সন্মুখত থিয় হৈ আছে, আপোনাৰ ব্ৰাছ-ষ্ট্ৰ’কৰ বাবে অপেক্ষা কৰি থকা কেনভাচ হিচাপে, আপোনাৰ অভিনয়ৰ বাবে অপেক্ষা কৰি থকা এখন মঞ্চৰ দৰে, আপোনাৰ পৰীক্ষাৰ বাবে অপেক্ষা কৰি থকা এটা পৰীক্ষাগাৰ হিচাপে, আৰু আপোনাৰ নেতৃত্বৰ বাবে অপেক্ষা কৰি আছে সমগ্ৰ জাতিটোৱে । চন্দ্ৰযান-৩ অভিযানে যেনেকৈ লাখ লাখ লোকৰ কল্পনাশক্তিক উপস্থাপন কৰিলে আৰু মানৱ প্ৰচেষ্টাৰ সীমাহীন সম্ভাৱনা প্ৰদৰ্শন কৰিলে, ঠিক তেনেকৈয়ে আপোনাৰ যাত্ৰাই আনক অনুপ্ৰাণিত কৰিব পাৰে আৰু আমাৰ জাতিটোত চিৰস্থায়ী চিন ৰাখিব পাৰে’। তেওঁ শিক্ষাৰ্থীসকলক জাতিটোৰ ভৱিষ্যতক মনত ৰাখিবলৈ আহ্বান জনায় যিটো পৰিৱেশৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত, আৰু তেওঁলোকক আগন্তুক প্ৰজন্মৰ বাবে এখন বহনক্ষম পৃথিৱী এৰি থৈ যোৱাৰ ওপৰত মনোনিৱেশ কৰিবলৈ কয়।সমাৱৰ্তনখনৰ আদৰণি ভাষণ প্ৰদান কৰি উপাচাৰ্য ফাডাৰ (ড°) জ’চ পেলেলিয়ে শিক্ষাৰ্থীসকলক অভিনন্দন জনায় আৰু কয় যে, তেওঁলোকে বিশ্ববিদ্যালয়ৰ প্ৰাংগন এৰি যোৱাৰ লগে লগে, তেওঁ আশা কৰে যে তেওঁলোকে পৰিৱৰ্তন গ্ৰহণ কৰা আৰু পৰিৱৰ্তনশীল সময়ৰ সৈতে দৃঢ়তাৰে খাপ খোৱাটো সহজ হ’ব । তেওঁ তেওঁলোকক তেওঁলোকে কৰা কামৰ প্ৰতি উৎসাহী হ’বলৈ, তেওঁলোকৰ লক্ষ্যস্থানত উপনীত হোৱাত গুৰুত্ব দিবলৈ, সকলোকে সন্মান আৰু সহানুভূতিৰে ব্যৱহাৰ কৰিবলৈ, বিশ্ববিদ্যালয়ত তেওঁলোকে শিকা মূল্যবোধৰ সৈতে তেওঁলোকৰ সিদ্ধান্তবোৰ সঠিকভাৱে ল’বলৈ উৎসাহিত কৰে।সমাৱৰ্তনখনৰ সমগ্ৰ কাৰ্য্যসূচী https://youtube.com/live/1Jgz-7HvgjI পোনপটীয়া সম্প্ৰচাৰ কৰা হয় ।ৰাজ্যপালৰ ঘোষণাৰ পিছতে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনৰ জৰিয়তে সমাৱৰ্তনখনৰ সামৰণি পৰে ।