অসম জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ উদ্যোগত সদৌ অসম ভিত্তিত ভুপেন্দ্ৰ সঙ্গীত প্ৰতিযোগিতা
ৰঙিলী বাৰ্ত্তাসেৱা- অসম চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ অধীনস্থ অসম জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ উদ্যোগত আৰু অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সহযোগত ভাৰত ৰত্ন – সুধাকণ্ঠ ডঃ ভুপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ লগত সংগতি ৰাখি অহা ২৮ নবেম্বৰৰ পৰা ৫ ডিচেম্বৰ ২০২৫ খ্ৰীষ্টাব্দ লৈ সদৌ অসম ভিত্তিত ভুপেন্দ্ৰ সঙ্গীত আৰু একাংকিকা নাটক প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰথম জিলা পৰ্য্যায়ত অনুষ্ঠিত হোৱা এই ভুপেন্দ্ৰ সঙ্গীত প্ৰতিযোগিতাত প্ৰথম দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্ত প্ৰতিযোগী সকলে আৰু একাংকিকা নাটক প্ৰতিযোগিতাৰ জিলাৰ শ্ৰেষ্ঠ নাট্য দলে সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুবিধা লাভ কৰিব। উক্ত প্ৰতিযোগিতাত অসম জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সমূহ সদস্য-সদস্যাৰ লগতে ৬০ বৰ্ষৰ উৰ্ধৰ সকলো পুৰুষ আৰু মহিলাই এই প্ৰতিযোগিতাত যোগদান কৰিব পাৰিব। গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান প্ৰাপ্ত প্ৰতিযোগী সকলক বঁটা আৰু যোগ্যতাৰ প্ৰমাণপত্ৰ প্ৰদান কৰাৰ লগতে অংশ গ্ৰহণ কৰা সকলো প্ৰতিযোগীয়ে অংশগ্ৰহণৰ প্ৰমাণপত্ৰ লাভ কৰিব। জ্যেষ্ঠ নাগৰিকৰ সঙ্গীত সাধনাৰ পাৰদৰ্শিতাক উৎসাহিত কৰাৰ উদ্দেশ্যে আগত ৰাখি এক জীৱন্ত কিংবদন্তি বিশ্ব বৰেণ্য শিল্পী ডঃ ভুপেন হাজৰিকালৈ সন্মান জনাই অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে সম্মিলনৰ জিলা সমিতিৰ লগত যোগাযোগ কৰি পঞ্জীয়ন কৰিবলৈ অসম চৰকাৰৰ অসম জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদৰ অংশগ্ৰহণকাৰী সংহতি সমিতিৰ আহ্বায়ক শশাঙ্ক শেখৰ গোস্বামী আৰু ৰাজ্যিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সদস্য ডাঃ বুধিন শইকীয়াই এক প্ৰেছ বিজ্ঞপ্তি যোগে জানিবলৈ দিয়ে।
