অসম জু জিৎসু সন্থাৰ বাচনি শিবিৰত মাজুলীৰ টংকী পেগু ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ নিৰ্বাচিত 

অসম জু জিৎসু সন্থাৰ বাচনি শিবিৰত মাজুলীৰ টংকী পেগু ৰাষ্ট্ৰীয় প্ৰতিযোগিতালৈ নিৰ্বাচিত 
বিকাশ শইকীয়া , মাজুলী ,ৰঙিলী বাৰ্ত্তাসেৱা- অসম জু জিৎসু সন্থাৰ উদ্যোগত শোণিতপুৰ জিলাৰ হোলেশ্বৰ হলত ৭ এপ্ৰিলত অনুষ্ঠিত হোৱা ৰাজ্যিক পৰ্যায়ৰ জি জিৎসু কেৰাটে বাচনি শিবিৰত মাজুলী জিলাৰ ১ নং কানিয়াজান গাঁৱৰ টংকী পেগুয়ে সোণৰ পদক লাভ কৰি ৰাষ্ট্ৰীয় জু জিৎসু প্ৰতিযোগিতা -২০২৫’ত অংশগ্ৰহণৰ বাবে নিৰ্বাচিত হৈছে । উক্ত, বাচনি শিবিৰত  টংকী পেগুয়ে আন্ডাৰ-১৪ শাখাৰ ফাইটিং ছিছটেমত সোনৰ পদক লাভ কৰি ৰাষ্ট্ৰীয় জি জিৎসু প্ৰতিযোগিতা -২০২৫’ লৈ নিৰ্বাচিত হৈছে।  টংকী পেগু ১ নং কানিয়াজান গাঁৱৰ নন্দেশ্বৰ পেগু আৰু দিপালী পেগুৰ পুত্ৰ আৰু নামনি মাজুলী জোনাকী  জোনাকী জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ।