অসম জাতীয় পৰিষদ দলৰ কামৰূপ জিলাৰ উদ্যোগত নাগৰিক সভা

অসম জাতীয় পৰিষদ দলৰ কামৰূপ জিলাৰ উদ্যোগত নাগৰিক সভা

ৰঙিলী বাৰ্ত্তাসেৱা- অসম জাতীয় পৰিষদ দলৰ কামৰূপ জিলাৰ উদ্যোগত হাজো সমষ্টি কমিটীৰ সহযোগত হাজোৰ ২ নং গাওঁ পঞ্চায়তৰ কোঁৱৰপূৰৰ দক্ষিণ শিংৰা অঞ্চলত সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে নাগৰিক সভা অনুষ্ঠিত হয়। কামৰূপ জিলা সমিতিৰ সাধাৰণ সম্পাদক তফজুল হুছেইনে অনুষ্ঠানটো আঁত ধৰি উদেশ্য ব্যাখ্যাত ভাৰতৰবৰ্ষৰ লগতে বিশ্বৰ দৰবাৰত ঐতিহ্য বহন কৰি অহা সমন্বয় ক্ষেত্ৰ হাজোৰ নাগৰিক সভাখন ইতিবাচক আৰু বৰ্তমান পৰিস্থিতি বিজেপি চৰকাৰৰ শাসনত অতি দূৰ্ভাগ্যজনক ইয়াৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে আহ্বান কৰে। হাজো সমষ্টি সমিতিৰ সভাপতি ৰৱিউল হুছেইনৰ সভাপতিত্ব অনুষ্ঠিত সভাখনত হাজো অঞ্চলৰ কেইবাগৰাকীও বিশিষ্ট সমাজ সচেতক ব্যক্তি উপস্থিত থাকে। অসম জাতীয় পৰিষদৰ উপ-সভাপতি দুলু আহমেদে সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে বিজেপি চৰকাৰে কৰা অন্যায়, অত্যাচাৰ আদিৰ বিষয়ে ৰাইজক একত্ৰিত হৈ মাৰবান্ধি প্ৰতিবাদ কৰিবলৈ আহ্বান জনায়৷কেন্দ্ৰীয় সমিতিৰ প্ৰচাৰ সম্পাদক তথা মুখপাত্ৰ জিয়াউৰ ৰহমানে বিশেষভাৱে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কু-কৰ্ম মূল্যবৃদ্ধি অতিষ্ঠ হোৱাৰ কেতবোৰ উদাহৰণ আৰু অসমীয়া জাতিৰ মাজত হিন্দু মুছলমান মাজত থকা একতা সম্প্ৰীতিৰ এনাজৰী মজবুত কৰাৰ আহ্বান জনায়৷ গুৱাহাটী পৌৰ নিগমৰ পৰিষদ তথা দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহ হুকুম চান আলী বাক্সিয়ে বিজেপিৰ নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ এয়া কুট -কৌশল বুলি অভিহিত কৰে৷জাতীয় মহিলা শক্তিৰ সভানেত্ৰী অল্পনা শৰ্মাই তেওঁৰ বক্তব্যত বৰ্তমান অসম তথা ভাৰতবৰ্ষত যি সংঘৰ্ষ চলিব ধৰিছে এয়া চৰকাৰৰ ব্যৰ্থতা আৰু বিজেপি দলৰ এজেণ্ডা বুলি কোৱাৰ লগতে এগৰাকী মহিলা হিচাপে সকলো মানুহক একত্ৰিত হৈ চৰকাৰৰ বিৰুদ্ধে যুঁজ দিয়াৰ আহ্বান জনায়। কেন্দ্ৰীয় জাতীয় মহিলা শক্তিৰ উপ-সভাপতি কাকলি বৰদলৈ,মৌচুমী বৰা,ৱাহিদা আহমেদ,মেৰিনা বেগম,কামৰূপ জিলাৰ সভাপতি সঞ্জীৱ মহন্ত, সাংগঠনিক প্ৰসন্ন কলিতা,জাতীয় যুৱ শক্তিৰ সম্পাদক কংকণ নাথ,নাজিম আহমেদ, জিলা যুৱ শক্তিৰ ৰিদীপ কলিতা,সুৰথ কলিতা,নাছিৰ আলী হাজো সমষ্টি কমিটীৰ মুখ্য উপদেষ্টা তাহেৰ আলী, কাৰ্য্যকৰী সভাপতি গৌতম মালাকৰ,সাধাৰণ সম্পাদক মুজিবুৰ ৰহমান,বাসুদেৱ দাসৰ লগতে হাজো মহিলা শক্তিৰ ৰিতু বেগম,চেহনাজ আহমেদ,মনিমা খাতুন,মামণ বেগম, ৰাণুৱাৰা বেগম আদি উপস্থিত থাকে। সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে৷