অসম জাতীয় পৰিষদ কামৰূপ জিলা সমিতিৰ সাংগঠনিক সভা

অসম জাতীয় পৰিষদ কামৰূপ জিলা সমিতিৰ সাংগঠনিক সভা

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম জাতীয় পৰিষদ কামৰূপ জিলা সমিতিৰ উদ্যোগত হাজো সমষ্টিৰ সহযোগত কলিতাকুছি বৰুৱাবাৰী কাৰ্যালয়ত সাংগঠনিক এখন সভা অনুষ্ঠিত হয়। হাজো সমষ্টি সমিতিৰ সভাপতি ৰৱিউল হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত উপস্থিত থাকে অসম জাতীয় পৰিষদৰ উপ-সভাপতি দুলু আহমেদ, কামৰূপ জিলা সমিতিৰ সাধাৰণ সম্পাদক তফজুল হুছেইন, জাতীয় যুৱ শক্তিৰ সাংগঠনিক সম্পাদক নাজিম আহমেদ , সম্পাদক কংকণ নাথ,যুৱ শক্তি কামৰূপ জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি প্ৰাঞ্জল নাথ, সাধাৰণ সম্পাদক ৰিদীপ কলিতা, কামৰূপ জিলা সমিতিৰ উপ-সভাপতি ৰৌছন আলম, কাৰ্যালয় সম্পাদক মইনুল হক প্ৰমুখ্যে সমষ্টিৰ উপদেষ্টা তাহেৰ আলী, কাৰ্যকৰী সভাপতি গৌতম মালাকৰ , সাধাৰণ সম্পাদক মজিবৰ ৰহমান, বাসুদেৱ দাসকে ধৰি দুই শতাধিক নেতা, কৰ্মী উপস্থিত থাকে৷