অসম জাতীয় পৰিষদৰ ভূমি সন্দৰ্ভত সভা
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত অসম জাতীয় পৰিষদৰ উদ্যোগত অসমৰ ভূমি সমস্যা আৰু ইয়াৰ সমাধানৰ ওপৰত আলোচনা সভা অনুষ্ঠিত হয়৷সভাত উপস্থিত থাকে বিভিন্ন দল-সংগঠন, ৰাজনৈতিক দলৰ নেতৃবৃন্দ।চৰকাৰে ভূমি অধিগ্ৰহণ কৰিব খোজাৰ বিৰুদ্ধে যিসমূহ অঞ্চলত ৰাইজে প্ৰতিবাদ কৰি আছে, সেইবোৰ অঞ্চলৰ প্ৰতিনিধি হিচাপেও বহু লোক উপস্থিত থাকে। ভূমি আইন সংশোধনীৰ বিৰোধিতাৰে সভাত সৰ্বসন্মতি মৰ্মে লোৱা হয় কেইবাটাও প্ৰস্তাৱ।সভাত এজেপিৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে বসুন্ধৰা আঁচনিৰ জৰিয়তে চৰকাৰে বিতৰ্কিত, পট্টাহীন ভূমি সন্ধান কৰাত নামিছে। সেই ভূমি মুখ্যমন্ত্রীয়ে পৰিয়াল আৰু ঘনিষ্ঠই দখল কৰিছে।বসুন্ধৰাৰ জৰিয়তে খিলঞ্জীয়াই লাভ কৰা নাই পট্টা। বহু চাহ বাগান অতি কম মূল্যত ক্ৰয় কৰিছে মুখ্যমন্ত্রীৰ ঘনিষ্ঠ মানুহে । কিন্তু আজিলৈ বাগানৰ শ্ৰমিকে লাভ কৰা নাই অলপো ভূমি। বসুন্ধৰাৰ জৰিয়তে কিমান লোকক পট্টা দিয়া হ’ল, লগতে কিমান লোক লাভান্বিত হৈছে শ্বেতপত্র প্ৰকাশ কৰক।