অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ঘোষণাৰ পিছত ডিব্ৰুগড়ত লুৰীন জ্যোতি গগৈক বিপুল আদৰণি

অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ঘোষণাৰ পিছত ডিব্ৰুগড়ত লুৰীন জ্যোতি গগৈক বিপুল আদৰণি

ৰঙিলী বাৰ্ত্তাসেৱা- অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে নাম ঘোষণাৰ পাছত আজি মোহনবাৰী বিমান বন্দৰত উপস্থিত হোৱাৰ লগে লগে অসম জাতীয় পৰিষদৰ দলীয় কৰ্মকৰ্তাসকলে লুৰিন জ্যোতি গগৈক বিপুলভাৱে আদৰণি জনায় । গায়ন বায়ন,বিহু, ঝুমুৰকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীৰ সহস্ৰাধিক লোকে অজাপ নেতা গৰাকীক ঢোলে দগৰে আদৰণি জনায়। এইবাৰ খোৱাং সমষ্টিৰ পৰা প্ৰাৰ্থী হিচাপে লুৰিণজ্যোতি গগৈৰ নাম ঘোষণা হোৱাৰ পাছতেই দলীয় কৰ্মীসকলৰ মাজত দেখা গৈছে ব্যাপক উচ্ছ্বাস। আজি ডিব্ৰুগড়ৰ ডঃ ভূপেন হাজৰিকা বিমানবন্দৰত উপস্থিত হোৱাৰ লগে লগে প্ৰিয় নেতাজনক স্বাগতম জনাবলৈ ভিৰ কৰিলে শতাধিক সমৰ্থকে। নিজৰ সমষ্টিৰ প্ৰাৰ্থী হিচাপে পাই আনন্দত আত্মহাৰা হৈ পৰিছে খোৱাংবাসী। মোহনবাৰীৰ পৰা দলীয় সমৰ্থক তথা শুভাকাংক্ষী সকলকলৈ ডাইনীজান বাইথ্’ থানত সেৱা জনাই বৰবৰুৱা চাও ল্যুং ছ্যুকাফা প্ৰৰ্তিমূৰ্ত্তিত সেৱা জনাই খোৱাংলৈ ৰাওনা হয়। লুৰিণ জ্যোতি গগৈয়ে- সাংবাদিকৰ আগত কয়- “খোৱাংবাসী ৰাইজৰ সৰ্বাংগীন উন্নয়নৰ বাবে মই প্ৰতিশ্ৰুতিবদ্ধ। অসমৰ উন্নয়নৰ বাবে কাম কৰি আছোঁ আৰু আগলৈও কৰি যাম”।ইয়াৰ লগতে তেওঁ কয় যে মিত্ৰদল কংগ্ৰেছৰ দলৰ বগৰা ৰাজনীতিয়ে ঐক্য মঞ্চৰ কোনো ক্ষতি কৰিব নোৱাৰে। মুঠতে, লুৰিণজ্যোতি গগৈৰ প্ৰাৰ্থিত্ব ঘোষণা হোৱাৰ পাছতেই খোৱাং সমষ্টিত ৰাজনৈতিক পৰিৱেশ একপ্ৰকাৰ জিপাল হৈ পৰা দেখিবলৈ পোৱা গৈছে। এতিয়া দৃষ্টি সকলোৰে আগন্তক নিৰ্বাচনৰ ফলাফলৰ প্ৰতি অপেক্ষা।