অসম জাতীয় পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে নাহৰকটীয়াত বিশাল আয়োজন

অসম জাতীয় পৰিষদৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে নাহৰকটীয়াত বিশাল আয়োজন

ৰঙিলী বাৰ্ত্তাসেৱা-  লুৰীণজ্যোতি গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদৰ তৃতীয় প্ৰতিষ্ঠা দিৱস৷ ২০২০ চনৰ ১৭ ডিচেম্বৰত ঐতিহাসিক শিৱসাগৰ চহৰৰ ব’ৰ্ডিং খেলপথাৰত অনুষ্ঠিত হোৱা ৰাজনৈতিক অভিৱৰ্তনত দলটোৰ জন্ম হৈছিল৷ বিজেপি চৰকাৰে কা’ আইন সংসদত পাৰিত কৰাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া স্বৰূপে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ যৌথ উদ্যোগত দলটোৱে জন্ম লাভ কৰিছিল৷ দল গঠনৰ তিনি বছৰ পুৰ্তি উপলক্ষে ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া জামুগুৰি ৰাজহুৱা খেলপথাৰত জাতীয় পৰিষদৰ তৃতীয় প্ৰতিষ্ঠা দিৱস পালন কৰা হয়৷ দলটোৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আৰু নাহৰকটীয়া সমষ্টি সমিতিৰ সহযোগত উক্ত অনুষ্ঠান উদযাপন কৰা হয়৷ দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞা প্ৰমুখ্যে নেতাসকলে অনুষ্ঠানত ভাগ লয়৷ মন কৰিবলগীয়া যে দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈৰ একালৰ কেইবাজনো সহযোগীয়ে শেহতীয়াকৈ সদৌ অসম ছাত্ৰ সন্থা ত্যাগ কৰি বিজেপিত যোগদান কৰাই নহয়, ছাত্ৰ সংগঠনটোৰ প্ৰাক্তন সভাপতি দীপাংক কুমাৰ নাথেও শাসক দলত যোগদানৰ প্ৰস্তুতি চলোৱা বুলি চৰ্চা চলিছে৷ যোৱা বছৰৰ ডিচেম্বৰ মাহত দীপাংক কুমাৰ নাথে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা অব্যাহতি লোৱাৰ পাছত জাতীয় পৰিষদে চৰাইদেওত অনুষ্ঠিত দ্বিতীয় প্ৰতিষ্ঠা দিৱসত দীপাংক নাথক জাতীয় পৰিষদত যোগদান কৰিবলৈ ৰাজহৱাকৈ আহ্বান জনাইছিল৷ দলটোৱে আনকি এইবুলিও কৈছিল যে যিহেতু জাতীয় পৰিষদ দল গঠনত আগভাগ লোৱা অন্যতম মূল ব্যক্তি দীপাংক নাথেই আছিল, সেয়ে ৰাজনীতিত জাতীয় পৰিষদেই নাথৰ একমাত্ৰ পচন্দ হোৱা উচিত৷ কিন্তু জাতীয় পৰিষদৰ উক্ত আহ্বানৰ প্ৰতি নাথে একো সঁহাৰি প্ৰদান নকৰিলে৷ সেয়েহে দীপাংক নাথে সম্প্ৰতি ৰজাঘৰীয়া শিবিৰত যোগদানৰ প্ৰস্তুতি চলোৱা বুলি চৰ্চা চলি থকা সময়তে লুৰীণজ্যোতি গগৈ নেতৃত্বাধীন দলটোৱে ইয়াৰ তৃতীয় বৰ্ষপুৰ্তি পালন কৰাটো লক্ষ্যণীয়৷