অসম জাতীয় পৰিষদলৈ নতুন প্ৰজন্ম

অসম জাতীয় পৰিষদলৈ নতুন প্ৰজন্ম

ৰঙিলী বাৰ্ত্তাসেৱা- ঐতিহাসিক অসম আন্দোলনৰ অগ্ৰণী নেতা তথা অসম গণ পৰিষদৰ উপ-সভাপতি দিগন্ত শইকীয়াৰ পুত্ৰ গীতাৰ্থ শইকীয়াই অগপ আৰু বিজেপিৰ বহুসংখ্যক স্থানীয় নেতা-কৰ্মীক লগত লৈ অসম জাতীয় পৰিষদত যোগদান কৰে৷ভাতৃপ্ৰতিম গীতাৰ্থ শইকীয়া ‘ডিগবৈ যুৱ উন্নয়ন মঞ্চ’ নামৰ এটা জনপ্ৰিয় সংগঠনৰ সভাপতি হিচাপেও কৰ্মৰত৷ডিগবৈত অসম জাতীয় পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু ডিগবৈ সমষ্টি সমিতিৰ আতিথ্যত অনুষ্ঠিত যোগদান সমাৰোহত আমাৰ দলত যোগদান কৰা গীতাৰ্থৰ উপৰি বিজেপিৰ টঙনা পঞ্চায়তৰ সম্পাদক বিজয় ওৰাং, বিজেপিৰ সমষ্টি সমিতিৰ সদস্য দীপাংকৰ মেচকে প্ৰমুখ্য কৰি সকলো নৱাগতক দলৰ মজিয়ালৈ দলৰ মাননীয় সভাপতি শ্ৰী লুৰীণজ্যোতি গগৈয়ে আদৰণি জনায়৷