অসম জাতীয় পৰিষদলৈ আদৰণি

অসম জাতীয় পৰিষদলৈ আদৰণি

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম জাতীয় পৰিষদৰ শিৱসাগৰ জিলা সমিতিৰ উদ‍্যোগত অনুষ্ঠিত ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ শিৱসাগৰ জিলা সমিতি গঠন আৰু যোগদান কাৰ্যসূচীত দলৰ নীতি-আদৰ্শৰ প্ৰতি আস্থা প্ৰকাশ কৰি বিজেপিৰ খেলুৱা মণ্ডলৰ প্ৰাক্তন সভাপতি পবিত্ৰ মৌপিয়া, বিজেপি খেলুৱা মণ্ডলৰ উপ-সভাপতি হেমচন্দ্ৰ খাটোৱাল, ডিব্ৰুগড় বিশ্ববিদ‍্যালয় আছু গোটৰ প্ৰাক্তন সদস‍্য কৃষ্ণ বৰুৱাকে প্ৰমুখ্যে কৰি ভাৰতীয় জাতীয় কংগ্ৰেছসহ বিভিন্ন দল-সংগঠনৰ ব‍্যক্তি তথা ব‍্যৱসায়ীয়ে দলত যোগদান কৰে৷ঐতিহাসিক শিৱসাগৰত জাতীয়তাবাদৰ এই নতুন ৰণধ্বনিয়ে দলক অধিক শক্তিশালী কৰিব৷ জাতিৰ হৈ সেৱা কৰাৰ মানসেৰে অসম জাতীয় পৰিষদত যোগদান কৰা আটাইকে দলৰ পবিত্ৰ মঞ্চলৈ আদৰণি জনাইছে জাতীয় পৰিষদে৷