অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটী শিলপুখুৰী পাৰ উদ্যানৰ সমুখত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ মহানগৰ জিলা সমিতিৰ উদ্যোগত তথা উক্ত মহানগৰ সমিতিৰ সভাপতি সঞ্জীৱ ৰায় চৌধুৰী আৰু সাধাৰণ সম্পাদক সুকুমাৰ বৰ্মন আদিৰ নেতৃত্বত আজি প্ৰায় ৪০ জন মান সদস্য-সদস্যায়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবীত হাতে হাতে বিভিন্ন বেনাৰ-পোষ্টাৰ প্ৰদৰ্শন কৰি যোগানমন্ত্ৰীক ধিক্কাৰ দি অৱস্থান ধৰ্মঘট প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে৷ তেওঁলোকে যোগানমন্ত্ৰী গৰাকীক নৈতিক দায়িত্ব স্বীকাৰ কৰি অনতি পলমে পদত্যাগ দাবী কৰে৷ অন্যথা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াতকৈ ডাঙৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে৷ এখন দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰদান কৰে অসমৰ মুখ্যমন্ত্ৰীলৈ উদ্দেশ্যি কামৰূপ মহানগৰ জিলা আয়ুক্তৰ মহোদয়ৰ জৰিয়তে৷ উক্ত স্মাৰকপত্ৰখন উক্ত স্থানৰ পৰা গ্ৰহণ কৰে পানবজাৰৰ এচিপিয়ে৷ স্মাৰকপত্ৰ প্ৰদানৰ অন্তত প্ৰতিবাদকাৰী সকলে স্থান ত্যাগ কৰে৷