অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কা বিৰোধী আন্দোলন ঘোষণা

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কা বিৰোধী আন্দোলন ঘোষণা

ৰঙিলী বাৰ্ত্তাসেৱা-  মহানগৰীৰ চানমাৰিস্থিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় মুখ্য কাৰ্যালয়ত এক সংবাদমেল অনুস্থিত হয়। উক্ত সংবাদমেলত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি পলাশ চাংমাই আৰু সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঞি উপস্হিত থাকে । উক্ত সংবাদমেলত নেতদ্বয়ে কয় যে শেহতীয়াভাৱে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে মাৰ্চ মাহৰ প্ৰথম সপ্তাহত ’কা’ বলৱৎ কৰিবলৈ ওলোৱাৰ পাছত অসমৰ অন্যতম জাতীয় সংগঠন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৰাজ্যজুৰি কা বিৰোধী আন্দোলন ঘোষণা কৰিছে। তেওঁলোকে কয় যে এই সংবিধান বিৰোধী আইন বাতিলৰ বাবে উচ্চতম ন্যায়ালয়ত বিভিন্ন দল সংগঠনে দুই শতাধিক গোচৰ ৰুজু কৰিছিল।বৰ্তমানে এই গোচৰ বিচাৰাধীন হৈ আছে বৰ্তমান যিহেতু উক্ত গোচৰ বিচাৰাধীন হৈ আছে তৎসত্বেও বৰ্তমান উচ্চতম ন্যায়ালয়ৰ বাৰ্ষিক বন্ধ চলি আছে সেয়েহে অবৈধ আৰু স্বেচ্চাচাৰিতাৰে কা নিয়মাৱলী বলৱৎ কৰিব বিছাৰিছে। তেওঁলোকে কয় যে কা বিৰোধী বলৱৎ কৰাৰ দিনাই অসমত সকলো আঞ্চলিক সমিতিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰী অমিত শ্বাহৰ লগতে কা প্ৰতিলিপি দাহ কৰিব৷তেনেদৰে ৫ মাৰ্চত অসমৰ সকলো জিলা উপায়ুক্ত আৰু মহকুমাধিপতি কাৰ্যালয়ৰ সন্মখুত প্ৰতিবাদী ধৰ্ণা কাৰ্যসূচী আৰু ভাৰতৰ মহামান্য ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিব। সেইদৰে ৭ মাৰ্চত অসমৰ প্ৰতিখন জিলা সদৰত নাগৰিক সমাজ, বিশিষ্ট ব্যক্তি আৰু বিভিন্ন দলৰ প্ৰতিনিধিৰ উপস্হিতিত ৩ ঘন্টীয়া গণ অৱস্হান কাৰ্যসূচী অনুষ্ঠিত কৰিব। পৰৱৰ্তী সময়ত জিলাই জিলাই ধাৰাবাহিকভাৱে প্ৰতিবাদী সমদল, বাইক ৰেলী , পথ সভা কা বিৰোধী প্ৰচাৰ কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব।