অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰধানমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ

ৰঙিলী বাৰ্ত্তাসেৱা- কামৰূপ মহানগৰ আয়ুক্তৰ কাৰ্য্যালয়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কামৰূপ মহানগৰ সমিতিৰ তৰফৰ পৰা আজি ৮ জন মান সদস্য উপস্থিত হৈ ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ উদ্দেশ্যি এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয় কামৰূপ মহানগৰ আয়ুক্তৰ জৰিয়তে বৃহৎ নদী বান্ধ বন্ধৰ দাবীত৷ বিশেষজ্ঞ সমিতিৰ পৰামৰ্শ গ্ৰহণ নকৰাকৈ নিৰ্মাণ কৰা গেৰুকামুখ নামনি সোঁৱনশিৰি বান্ধ বন্ধ কৰাৰ দাবী জনায় উক্ত সমিতিয়ে অন্যথা তীব্ৰ গনতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে স্মাৰকপত্ৰৰ জৰিয়তে৷আজিৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ মহানগৰ সমিতিৰ স্মাৰকপত্ৰ প্ৰদান কাৰ্যসূচীত মহানগৰ সমিতিৰ সভাপতি অৰুণজ্যোতি মেধি আৰু সাধাৰণ সম্পাদক সুকুমাৰ বৰ্মন আৰু উপদেষ্টা প্ৰদীপ কলিতা আদি ৮ জন সদস্য উপস্থিত থাকে৷