অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভা

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সভা

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ চান্দমাৰিস্থিত মুখ্য কাৰ্যালয়ত কেন্দ্ৰীয় কমিটীৰ এখন ৰুদ্ধদ্বাৰ কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত হয়৷আজিৰ বৈঠকত কেন্দ্ৰীয় কমিটীৰ মুখ্য উপদেষ্টা ৰানা প্ৰতাপ বৰুৱা,সভাপতি পলাশ চাংমাই,সম্পাদক ৰাতুল বৰগোহাঁই আদি কৰি কাৰ্যনিৰ্বাহক সহ প্ৰায় ৭০ জন মান সদস্য,সদস্যা উপস্থিত আছিল৷ জানিব পৰা মতে তেওঁলোকে আজিৰ বৈঠকত ১নং প্ৰস্তাৱ হিচাবে শদীয়াৰ পৰা ধুবুৰী লৈকে ভূমি অধিকাৰ সাব্যস্তৰ বাবে প্ৰতিবাদী পদযাত্ৰা গ্ৰহণ কৰিব অহা চেপ্টেম্বৰ মাহত৷ ২ নং প্ৰস্তাৱ তেওঁলোকে কেন্দ্ৰীয়ভাৱে অধিৱেশন ডিচেম্বৰ মাহত অনুষ্ঠিত কৰিব বুলি সাংবাদিকৰ আগত সভাপতি পলাশ চাংমাই প্ৰকাশ কৰে৷লগতে অসমৰ বান সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো ব্যৱস্হা যে কেন্দ্ৰীয় চৰকাৰে আজিলৈকে কৰা নাই তাক লৈ সভাপতি পলাশ চাংমাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷