অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ
ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ শিলপুখুৰীস্থিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মুখ্য কাৰ্যালয়ৰ সন্মুখৰ (গোস্বামী ছাৰ্ভিছ) মূল পথত তাৎক্ষণিক কেন্দ্ৰীয় কমিটীৰ সিদ্ধান্ত মৰ্মে গুৱাহাটী মহানগৰ কমিটীয়ে AJYCP ৰ সভাপতি সঞ্জীৱ ৰায় চৌধুৰী,মহিলা পৰিষদৰ সভানেত্ৰী বিনীতা কুমাৰীৰ নেতৃত্বত প্ৰায় ১০ জনমান AJYCP ৰ কাৰ্যকৰ্তাই অংশ গ্ৰহণ কৰে। হাতে হাতে বেনাৰ ফেষ্টুন লৈ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান হায় হায়, শিক্ষামন্ত্ৰী মূৰ্দাবাদ, শিক্ষামন্ত্ৰী পদত্যাগ কৰক ইত্যাদি ধ্বনি দি NEET, NET, UG ৰ NTA (National Testing Agency)ৰ অধীনত হোৱা আটাইবোৰ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হোৱাক লৈ গোটেই দেশ জুৰি হোৱা প্ৰতিবাদৰ অংশ হিচাপে AJYCP ও ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বিভিন্ন শ্লোগান দি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু ৰাজ্যৰ শিক্ষামন্ত্ৰী ডঃ ৰনোজ পেগুৰ প্ৰতিমূৰ্তি দাহ কৰে।