অসম চৰকাৰ আৰু ব্ৰিটিছ সংগ্ৰহালয় কর্তৃপক্ষৰ মাজত স্বাক্ষৰ লেটাৰ অৱ ইন্টেন্ট
ৰঙিলী বাৰ্ত্তাসেৱা- লণ্ডনত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত ব্রিটিছ মিউজিয়াম কর্তৃপক্ষৰে ইয়াৰ বাবে সম্পাদিত হ’ল লেটাৰ অৱ ইন্টেন্ট (এলঅ’আই) । উল্লেখ্য যে অসমৰ ঐতিহ্য, অতিকে আপুৰুগীয়া সম্পদ বৃন্দাবনী বস্ত্ৰ অসমভূমিলৈ অনাৰ বাবে মুখ্যমন্ত্ৰীৰ উদ্যোগত বিশেষ তৎপৰতা বহন কৰা হৈছিল। এই তৎপৰতাৰ অংশস্বৰূপে লণ্ডনত থকা বৃন্দাবনী বস্ত্র অসমলৈ অনাৰ বাবে প্রথমলানি পদক্ষেপ সম্পন্ন হ’ল। উল্লেখ্য যে ১৮ মাহৰ বাবে ২০২৭ চনত অসমলৈ আনিব লগা বৃন্দাবনী বস্ত্র প্রদৰ্শন কৰিবলৈ জিন্দাল গ্রুপে খানাপাৰাত লণ্ডন মিউজিয়াম আর্হিত নির্মাণ কৰিব এক সংগ্ৰহালয়। এই সংগ্রহালয়তে ৰাজ্যবাসীয়ে গুৰুজনাৰ সৃষ্টিক স্বচক্ষে প্রত্যক্ষ কৰিবলৈ সক্ষম হ’ব। এলঅ’আই সম্পাদিত কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই সামাজিক মাধ্যমত এইবুলি উল্লেখ কৰিছে- লণ্ডনৰ ব্ৰিটিছ সংগ্ৰহালয় হৈছে বিশ্বৰ এনে এটি বিৰল সংগ্ৰহালয়, যি ইতিহাসৰ বহু উল্লেখনীয় আৰু স্মৰণীয় সমলৰ সাক্ষ্য বহন কৰি হৈছে। এতিয়া মই এই ঐতিহাসিক স্থানতে আছোঁ। ব্ৰিটিছ মিউজিয়ামত সংগৃহীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ সৃষ্টি বৃন্দাবনী বস্ত্ৰ অসমলৈ অনাৰ বাবে আজি অসম চৰকাৰ আৰু ব্ৰিটিছ মিউজিয়ামৰ মাজত ‘লেটাৰ অৱ ইণ্টেন্ট’ স্বাক্ষৰিত হয়।অসমৰ ঐতিহ্য, অতিকৈ আপুৰুগীয়া সম্পদ অসমৰ ভূমিলৈ উভতি আহিব আৰু অসমবাসীয়ে এই পৱিত্ৰ বস্ত্ৰভাগি দৰ্শন কৰিব। গতিকে আজিৰ দিনটো আমাৰ বাবে সদায় স্মৰণীয় হৈ ৰ’ব। ব্ৰিটিছ মিউজিয়ামত থকা এই সম্পদবিধ অসমলৈ বিশেষ কিছু নিয়মৰ মাজেৰে সীমিত সময়ৰ বাবেহে অনা হ’ব৷ এই বাৰ্তাই নিশ্চিতকৈ জাতীয় জীৱন তথা ভাৰতবাসীকো গৌৰৱান্বিত কৰিব৷ উল্লেখ্য যে শংকৰদেৱৰ প্ৰত্যক্ষ নির্দেশনাত বুঢ়া আতাৰ নেতৃত্বত ১২জনীয়া শিল্পীৰ এটা দলে বৰপেটাৰ তাঁতীকুছি নামৰ ঠাইত বৃন্দাবনী বস্ত্রখন বৈ উলিয়াইছিল। মহাৰাজ নৰনাৰায়ণৰ লগত থকা এই বস্ত্ৰখন পৰৱৰ্তী সময়ত ভূটান আৰু তিব্বত পাইছিলগৈ। ১৯০৫ চনত ব্ৰিটিছে তিব্বতৰ পৰা এই বস্ত্ৰখন উদ্ধাৰ কৰি মিউজিয়ামত সংৰক্ষণ কৰি ৰাখে। বৃন্দাবনী বস্ত্ৰৰ আন এটা খণ্ড পেৰিছ মিউজিয়ামত, লছ এঞ্জেলছৰ মিউজিয়াম আৰু নিউয়র্ক মিউজিয়ামত সংৰক্ষিত হৈ আছে।
