অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতিৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা- আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে আজি অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতি (ছাত্ৰ আৰু যুৱকল্যাণ) আৰু সাই ওমৰ সহযোগত উলুবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা চুপাৰ মাৰ্কেটস্থিত ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ খেলপথাৰলৈকে মহিলা আৰু ছাত্ৰীসকলৰ মাজত এক সমূহীয়া দৌৰ অনুষ্ঠিত কৰা হয়। প্ৰায় ৫ শ ছাত্ৰী তথা বিভিন্ন ক্ষেত্ৰৰ মহিলাই অংশগ্ৰহণ কৰা এই সমূহীয়া দৌৰৰ ফ্লেগ অফ্ কৰে ক্ৰীড়া আৰু যুৱকল্যাণ মন্ত্ৰী নন্দিতা গৰ্লোছাই। ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতিৰ সদস্য-সচিব গীতাৰ্থ গোস্বামী, গুৱাহাটী পৌৰসভাৰ উপ মেয়ৰ স্মিতা ৰয়, ক্ৰীড়া আৰু যুৱকল্যাণ বিভাগৰ সহকাৰী সঞ্চালক সত্যবত গগৈকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থকা এই সভাত মন্ত্ৰী গৰাকীয়ে অনুষ্ঠানটোৰ ফ্লেগ অফ্ কৰি কয় যে গাঁৱৰ চুকে-কোণে যেতিয়া সকলো নাৰীয়ে ৮ মাৰ্চৰ নাৰী দিৱসৰ এই বিশেষ দিনটোৰ বিষয়ে গম পাব, যেতিয়া প্ৰত্যেকগৰাকী নাৰীয়ে নিজৰ অধিকাৰৰ বিষয়ে জানিব, তেতিয়াহে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস সফল হ’ব। তেওঁ উপস্থিত ছাত্ৰ-ছাত্ৰী তথা মহিলাসকলক গুৱাহাটী চহৰখন চাফ-চিকুন কৰি ৰাখিব বুলি পণ ল’বলৈও আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনটোত আহ্বান জনায়।