অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ব বিভাগ আৰু শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ মাজত বুজা বুজি চুক্তি স্বাক্ষৰিত

অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ব বিভাগ আৰু শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ মাজত বুজা বুজি চুক্তি স্বাক্ষৰিত
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ব বিভাগ আৰু শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ মাজত এখন বুজা-বুজি চুক্তি স্বাক্ষৰিত হয়। এই চুক্তি অনুসৰি দুয়োটা অনুষ্ঠানে একেলগে বুৰঞ্জী মূলক গৱেষণা আৰু অন্যান্য শিক্ষামূলক লগতে ক্ৰীড়াৰ বুৰঞ্জী বিষয়ক কাম কাজ কৰাৰ উপৰিও শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱৰ দ্বাৰা প্ৰৱৰ্তিত মায়ামৰা বৈষ্ণৱ ধৰ্মৰ কাল সংহতিৰ অন্তৰ্গত সত্ৰ সমূহৰ উন্নতি আৰু তেওঁলোকৰ সত্ৰ সমূহত সংৰক্ষিত প্ৰাচীন গ্ৰন্থৰাজি সংৰক্ষণ আৰু পৰিবৰ্দ্ধনৰ কাৰণেও কাম কৰাৰ বাবেও সন্মত হয়। প্ৰাচীন অসমৰ ক্ৰীড়া আৰু যোগৰ উৎস  আৰু বিকাশৰ বিষয়েও দুইটা পক্ষয়ে সন্মিলিত ভাৱে কম কৰিব। এই অনুষ্ঠানত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্রাধ্যাপক জয় প্ৰকাশ বাৰ্মা, পৰীক্ষা নিয়ন্ত্ৰক  অৰিঞ্জিত হাজৰিকাকে আদি কৰি বিষয়া কৰ্মচাৰীবৃন্দ আৰু অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগৰ হৈ সঞ্চালক ড০ সংগীতা গগৈ, গৱেষণা বিষয়া নম্ৰতা কাকতি উপস্থিত থাকে। অনুষ্ঠানটোৰ আঁত ধৰে শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ক্ৰীড়া বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক পংকজ বৰঠাকুৰে।