অসম চৰকাৰে সলনি কৰিলে জ্যোতি প্ৰসাদ আগৰৱালাৰ জন্মৰ তাৰিখ

Pc dainik agradoot

অসম চৰকাৰে সলনি কৰিলে জ্যোতি প্ৰসাদ আগৰৱালাৰ জন্মৰ তাৰিখ

ৰঙিলী বাৰ্ত্তাসেৱা- শিল্পী দিৱসত ৰূপকোঁৱৰক অপমান।১৭ জানুৱাৰীত জ্যোতি প্ৰসাদ আগৰৱালাৰ মৃত্যু তিথি নে জন্ম দিৱস?অসম চৰকাৰে সলনি কৰিলে জ্যোতি প্ৰসাদ আগৰৱালাৰ জন্মৰ তাৰিখ।শিল্পী দিৱসত চৰকাৰী বিজ্ঞাপনত কৰা হৈছে ভয়ংকৰ ভুল।ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱসত উদযাপন কৰা হয় শিল্পী দিৱস।অসম চৰকাৰে শিল্পী দিৱসৰ উপলক্ষে প্ৰকাশ কৰা এটা বিজ্ঞাপনত ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালাৰ মৃত্যু দিৱসৰ সলনি জন্ম দিন বুলি উল্লেখ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।বিজ্ঞাপনটোত এনে ভুলে জনসংযোগ বিভাগত হাহাকাৰ লগাইছে।মুখ্যমন্ত্ৰী আৰু জনসংযোগ বিভাগৰ দ্বায়িত্বত থকা মন্ত্ৰীৰ নিৰ্দেশত এই বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰি ব্যৱস্থা গ্ৰহণৰ বাবে ইতিমধ্যে বিভাগটোৰ শীৰ্ষ বিষয়াই পদক্ষেপ লৈছে।উল্লেখযোগ্য যে এই বিজ্ঞাপন প্ৰস্তূত কৰাৰ দ্বায়িত্বত থকা বিভা কলিতা নামৰ এগৰাকী বিষয়া আৰু আন এগৰাকী জনসংযোগৰ কৰ্মচাৰীক ইতিমধ্যেই কাৰণ দৰ্শোৱাৰ জাননী দিয়া হৈছে।অসম চৰকাৰে সলনি কৰিলে জ্যোতি প্ৰসাদ আগৰৱালাৰ জন্মৰ তাৰিখ।