অসম চৰকাৰে নিযুক্তি দিবলগীয়া পদৰ বিপৰীতে অপেক্ষা তালিকা (waiting list) জাৰি কৰাৰ দাবী আপৰ যুৱ শক্তিৰ

অসম চৰকাৰে নিযুক্তি দিবলগীয়া পদৰ বিপৰীতে অপেক্ষা তালিকা (waiting list) জাৰি কৰাৰ দাবী আপৰ যুৱ শক্তিৰ

গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা-  বিভিন্ন বিভাগৰ খালী পদসমূহত অসম চৰকাৰে নিযুক্তি দিবলগীয়া প্ৰাৰ্থীসকলৰ ফলাফলত অপেক্ষা তালিকা (waiting list) জাৰি কৰিবলৈ দাবী জনাইছে আম আদমি পাৰ্টীৰ যুৱ সংগঠন যুৱ শক্তিয়ে। এক সংবাদমেল সম্বোধন কৰি যুৱ শক্তিৰ ৰাজ্যিক সভাপতি ৰুদ্ৰাংকুৰ হাজৰিকাই কয় যে এজন প্রার্থীয়ে কেইবাটাও পদৰ বাবে আবেদন কৰি একাধিক পদৰ বাবে উত্তীৰ্ণ হ’ব পাৰে। বাছনিকৃত প্রার্থীজনে মাত্ৰ এটা পদতহে যোগদান কৰিব পাৰিব। এনে প্ৰেক্ষাপটত তেওঁ উত্তীৰ্ণ হোৱা অথচ যোগদান নকৰা পদকেইটা খালী হৈয়ে থাকিব। সেই সমস্যা নোহোৱা কৰিবৰ বাবে ফলাফল ঘোষণা কৰাৰ সময়তে চৰকাৰে প্ৰতিটো পদৰ বিপৰীতে অপেক্ষা তালিকা বা waiting list জাৰি কৰিব লাগে। উল্লেখযোগ্য যে প্রার্থীসকলে অসম চৰকাৰৰ বিভিন্ন বিভাগত চাকৰিৰ বাবে আবেদন কৰিছে। ইয়াৰ পূৰ্বেও ২ এপ্রিল, ২০২৩ তাৰিখে অসম কেবিনেটে ঘোষণা কৰা সিদ্ধান্তৰ প্ৰতি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ প্ৰয়াস কৰিছো সেই হিচাপে বিগত সময়ত লোৱা সিদ্ধান্তসমূহৰ ভিতৰত ২০২৩ চনৰ ৬ মে’ত ৫১,৩৯৭জন প্ৰাৰ্থীৰ নিযুক্তিৰ বাবে ফলাফল ঘোষণা কৰাৰ সিদ্ধান্ত (অন্য বিভাগীয় পৰীক্ষাৰ জৰিয়তেও নিযুক্তিকে ধৰি বৰ্তমান জনসাধাৰণৰ বহুত চিন্তাৰ কাৰণ হৈ পৰিছে। “অসম প্ৰত্যক্ষ নিযুক্তি আয়োগ”ৰ অধীনত আৰক্ষী বিভাগত মুঠ ৫১,৩৯৭টা, স্বাস্থ্য বিভাগত ৫,৭৯৯টা, শিক্ষা বিভাগত ১৪,২৪১টা, তৃতীয় শ্ৰেণীৰ ১১,৩৪৬টা আৰু চতুৰ্থ শ্ৰেণীত ১৪,২৮১টা পদ পূৰণ কৰাৰ কথা উল্লেখ কৰা হৈছে। অসম চৰকাৰৰ আৰক্ষী, স্বাস্থ্য, শিক্ষা আদি এনেধৰণৰ কিছুমান বিভাগ এডিআৰ আইৰ তৃতীয় শ্ৰেণী আদিত লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱা হাজাৰ হাজাৰ পৰীক্ষাৰ্থীক যিকোনো এটা বিভাগত নিযুক্তি দিয়া হ’ব। কিন্তু যেতিয়া এজন প্রার্থীয়ে দুই/তিনিটা বা ততোধিক বিভাগৰ ফলাফলত উত্তীৰ্ণ হয়, তাৰপিছত সেই উক্ত প্ৰাৰ্থী গৰাকীয়ে শেষত নিৰ্দিষ্ট এটা বিভাগতহে নিযুক্তি লাভ কৰে। তাৰপিছত সেই একেজন প্রার্থীয়ে বাকী বিভাগসমূহত লাভ কৰা পদসমূহ খালী হৈ থাকে। (যিবোৰক প্ৰাৰ্থীসকলে আৰু সচেতন অভিভাৱকে অভাৰলেপিং প্ৰাৰ্থী বুলি অভিহিত কৰিছে: লগতে যিটো পদ্ধতিৰ বাবে বহু সম্ভাৱ্য প্রার্থীও বাছনিৰ পৰা বঞ্চিত হয়)। উদাহৰণস্বৰূপে, ২০২২-২৩ মধ্যৱৰ্তী পৰীক্ষাৰ ফলাফলত দেখা গৈছে যে এজন পৰীক্ষাৰ্থীৰ নাম সৰ্বাধিক ০৭টা শিতানত অন্তৰ্ভুক্ত কৰা হৈছিল। অৱশ্যে চূড়ান্ত বাছনি/মেৰিট নিষ্টৰ জৰিয়তে মাত্ৰ এটা পদতহে প্রার্থী নিযুক্তি দিয়া হয়। এজন প্রার্থী কেইবাটাও পদৰ বাবে পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰে আৰু তেনে প্ৰাৰ্থী একাধিক পদত নিযুক্তিৰ বাবে বাছনিও হ’ব পাৰে। কিন্তু এনে প্ৰেক্ষাপটত উক্ত প্রার্থীজনে চূড়ান্ত সময়ত মাত্ৰ এটা পদতহে যোগদান কৰিব আৰু তেওঁ বাছনি হোৱা আন আন বৰ্গৰ পদকেইটা পূৰ নোহোৱাকৈ থাকি যাব। এনে পৰিস্থিতিত মেধাৰ ভিত্তিত Waiting List ৰ কৰ্তৃপক্ষই ফলাফলৰ সময়তে প্ৰস্তুত কৰি থলে সেই পূৰ নোহোৱাকৈ থকা পদসমূহ পৰৱৰ্তী সময়ত Waiting List পৰা বিভাগ সমূহত প্ৰাৰ্থী পূৰ কৰিব পৰাকৈ এটা সহজ উপায় হৈ থাকিব। যিটো পদ্ধতি প্রার্থী আৰু সচেতন জনতাৰ বাবে উপযুক্ত পদ্ধতি বুলি গণ্য কৰা হ’ব৷ লগতে ইয়াৰ ফলত অভাৰলেপিঙৰ দৰে সমস্যাটোও নাইকীয়া পৰিব। আনহাতে, অসম চৰকাৰৰ কিছুমান বিভাগত বহু পদ খালি হৈ থকা দেখা যায়। যাৰ বাবে মানৱ ক্ষমতা নথকা উক্ত বিভাগটোৰ বিভিন্ন ধৰণৰ কাম-কাজ পিছ পৰি ৰয়। যিহেতু চাকৰি প্ৰত্যাশি প্ৰাৰ্থী সকলৰ বয়সৰ সময় সীমা নিৰ্ধাৰিত থাকে; এই ক্ষেত্ৰত অসম চৰকাৰে সময় মতে নিযুক্তিৰ পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰাৰ বাবে আৰু কিছুমান নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবেই বহু যোগ্য প্রার্থী মানসিকভাৱে ভাগি পৰা দেখা যায়। আপ যুৱশক্তি অসমে শ্ৰম আৰু নিয়োগ বিভাগৰ অধীনত এক ঐক্যবদ্ধ ৱেব পৰ্টেল সৃষ্টিৰ বাবে পৰামৰ্শ আগবঢ়াইছে য’ত চাকৰি প্ৰত্যাশি প্রার্থীসকলে মেধা তালিকা (Merit List) আৰু বিভিন্ন ৰাউণ্ডৰ নিযুক্তিৰ খালী পদৰ আপডেট সমূহ পাই থাকিব। বৰ্তমান সময়ত এইটোও প্ৰাসংগিক যে অসমত তীব্ৰ নিবনুৱা সংকটৰ সৃষ্টি হৈছে। এনে নিযুক্তি প্ৰক্ৰিয়াৰ বিজুতিৰ বাবে প্ৰাপ্য প্রার্থীৰ ন্যায্য নিযুক্তিত আৰু অধিক বিলম্ব ঘটে। যুৱ শক্তিয়ে এই সন্দৰ্ভত ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীলৈ পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰদান কৰে।