অসম চৰকাৰে অব্যাহত ৰখা উচ্ছেদ অভিযানক উষ্ম আদৰণি “সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম, কেন্দ্ৰীয় সমিতি”ৰ

অসম চৰকাৰে অব্যাহত ৰখা উচ্ছেদ অভিযানক উষ্ম আদৰণি “সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম, কেন্দ্ৰীয় সমিতি”ৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে ৰাজ্যজুৰি অব্যাহত ৰখা সময়োপযোগী উচ্ছেদ অভিযানক “সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম, কেন্দ্ৰীয় সমিতিয়ে উষ্ম আদৰণি জনাইছে ৷ এই ক্ষেত্ৰত এক প্ৰেছ বিজ্ঞপ্তিৰ যোগেদি সাধাৰণ জাতি সুৰক্ষা সন্মিলনৰ কেন্দ্ৰীয় সভাপতি ক্ষীৰোদ কুমাৰ বৰদলৈ, মুখ্য সম্পাদক অমৃত কুমাৰ শৰ্মা আৰু সাংগঠনিক সম্পাদক ক্ৰমে বলিন কৃষ্ণ গোস্বামী আৰু অজয় ভট্টাচাৰ্য্যই কয় যে, অসমৰ সংৰক্ষিত বনাঞ্চলেই হওক অথবা পিজিআৰ, ভিজিআৰকে আদি কৰি বিভিন্ন স্থানত বেআইনীভাৱে দখল কৰি থকা প্ৰায় ১ লাখ ৫০ হাজাৰতকৈও অধিক বিঘা মাটি মোকলাই অসম চৰকাৰৰ হাতলৈ অনাৰ ক্ষেত্ৰত কেৱল সফলতা অৰ্জন কৰাই নহয়, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এক নতুন দিগন্তৰ সূচনা কৰিছে ৷ কাৰণ ভাৰত স্বাধীন হোৱাৰ পাছৰে পৰা বৰ্তমানলৈকে অবৈধ বেদখলকাৰীৰ কবলৰ পৰা বৃহৎ সংখ্যক ভূমি উদ্ধাৰ কৰি সাহসিকতাৰ পৰিচয় দিয়া প্ৰথমগৰাকী মুখ্যমন্ত্ৰীয়েই হৈছে ড০ হিমন্ত বিশ্ব শৰ্মা৷ যি সময়ত অসমতে সংখ্যালঘু হিচাপে পৰিণত হৈছে খিলঞ্জীয়া, সেই সময়তে জাতি-মাটি ভেটি ৰক্ষাৰ বৃহত্তৰ স্বাৰ্থত ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত গ্ৰহণ কৰা এই উচ্ছেদ অভিযান সঁচাকৈ শলাগ ল’বলগীয়া ৷ আনহাতে কেৱল আৰু কেৱল ৰাজনীতিৰ স্বাৰ্থত ৰাজ্যৰ বিৰোধী ৰাজনৈতিক দলসমূহে অসম চৰকাৰৰ বাংলাদেশী মিঞা উচ্ছেদ অভিযানৰ বিৰুদ্ধে থিয় দিয়াৰ লগতে ভোট বেংকৰ বাবে মিঞাক ৰক্ষণাবেক্ষণ দিবলৈ উঠিপৰি লগা বিষয়টো সমগ্ৰ অসমীয়া জাতিৰ বাবেই দূৰ্ভাগ্যজনক বুলি সাধাৰণ জাতি সুৰক্ষা সন্মিলনে অভিহিত কৰিছে ৷ সাধাৰণ জাতি সুৰক্ষা সন্মিলন-অসম, কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জনোৱাৰ লগতে বৃহত্তৰ অসমীয়া খিলঞ্জীয়া ৰাইজৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত এই উচ্ছেদ অভিযান বীৰদৰ্পে আগবঢ়াই নিবলৈ ঈশ্বৰে তেখেতক অফুৰন্ত আত্মবিশ্বাস, শক্তি, সাহস আৰু সু-স্বাস্থ্য প্ৰদান কৰবলৈ প্ৰাৰ্থনা জনাইছে৷