অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত কেবিনেট উপ-সমিতিৰে আছুৰ বৈঠক
ৰঙিলী বাৰ্ত্তাসেৱা- অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত সম্পন্ন হৈছে কেবিনেট উপ-সমিতিৰে আছুৰ বৈঠক। অহা ৮ আগষ্টৰ পূৰ্বে অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰীকৰণৰ উপ-সমিতিয়ে মুখ্যমন্ত্ৰীৰ ওচৰত দাখিল কৰিব প্রতিবেদন। জনতা ভৱনত অনুষ্ঠিত উপ-সমিতিৰ ষষ্ঠখন বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয়। উল্লেখ্য যে লখিমপুৰত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰীকৰণৰ ৰূপৰেখা প্ৰস্তুত কৰাৰ বাবে গঠন কৰা হৈছিল উপ-সমিতি। মন্ত্রী অতুল বৰাৰ নেতৃত্বত গঠন হোৱা এই উপ-সমিতিৰ আন সদস্যসকল হৈছে- মন্ত্রী পীযূষ হাজৰিকা, অজন্তা নেওগ, আছুৰ সভাপতি, সম্পাদক আৰু মুখ্য উপদেষ্টাগৰাকী। এই অনুষ্ঠিত উপ-সমিতিৰ বৈঠকত অসম চুক্তিৰ ৬নং দফা সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মা কমিটীয়ে আগবঢ়োৱা ৩৯টা পৰামৰ্শৰ সৈতে জড়িত বিভিন্ন কাম-কাজৰ অগ্ৰগতিৰ খতিয়ান লোৱাৰ লগতে অন্যান্য বিষয়সমূহো আলোচনা কৰা হয়। এই আলোচনাকালতে ৬নং দফা ৰূপায়ণ সন্দৰ্ভত প্ৰস্তুত কৰা ৰূপৰেখাৰ প্ৰতিবেদন অহা ৮ আগষ্টৰ পূৰ্বেই মুখ্যমন্ত্ৰীক দাখিলৰ সিদ্ধান্ত লোৱা হয়। অসম চুক্তি ৰূপায়ণ মন্ত্রী অতুল বৰাৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচার্য, সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক সমীৰণ ফুকন উপস্থিত থাকে। এই বৈঠকতে অসম চুক্তিৰ ৭নং দফা সন্দর্ভতো এখন উপ-সমিতি গঠনকে ধৰি চুক্তিৰ কাৰ্যকৰী প্ৰক্ৰিয়া ক্ষিপ্ৰতাৰে আগবঢ়াই নিয়াৰ বাবেও আছু নেতৃত্বই এলানি পৰামৰ্শ আগবঢ়ায়। বৈঠকৰ অন্তত মন্ত্ৰী অতুল বৰাই সংবাদ মাধ্যমৰ আগত প্রকাশ কৰে যে গঠন হোৱা উপ-সমিতিখনে ৬নং দফাৰ ৰূপৰেখাৰ বিভিন্ন দিশ আলোচনা কৰি বহুকেইটা দিশত সহমত পোষণ কৰে। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে প্ৰদান কৰা ৪০টা পৰামৰ্শ ৰাজ্য চৰকাৰে কাৰ্যকৰী কৰিব পাৰিব। আনহাতে ১২টা পৰামৰ্শ কাৰ্যকৰী কৰাৰ দায়িত্বত আছে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ উভয়ে। ১৫টা পৰামৰ্শ কেৱল ভাৰত চৰকাৰেহে কাৰ্যকৰী কৰিব পাৰিব। ৪০টা পৰামৰ্শ কাৰ্যকৰী কৰাৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে প্রয়োজনীয় পদক্ষেপ। সমান্তৰালভাৱে কেন্দ্ৰীয় চৰকাৰে কাৰ্যকৰী কৰিবলগীয়া মৰামৰ্শসমূহ আগুৱাই নিয়াৰ ক্ষেত্ৰত মুখ্যমন্ত্রীয়ে ইতিমধ্যে বিভিন্ন ধৰণে বিষয়টোত লাগি আছে। এই বৈঠকে সকলো দিশ চালিজাৰি চাই ৮ আগষ্টৰ পূৰ্বে মুখ্যমন্ত্ৰীক প্রতিবেদন দাখিলৰ সিদ্ধান্ত গ্রহণ কৰে। ইফালে এই বৈঠক সন্দর্ভত সদৌ অসম ছাত্র সন্থা (আছু)-এ অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত এক লিখিত প্রশ্ন দাখিল কৰে। এই বৈঠকতে ৬নং দফাৰ দৰে ৭নং দফা সম্পর্কতো এক উচ্চস্তৰীয় সমিতি গঠনৰ বাবে আছুৱে দাবী তোলে। অসম চুক্তিৰ ৭ং দফা অনুসৰি ৰাজ্যৰ জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ লক্ষ্যৰে সামগ্রিক উন্নয়ন আৰু ৰাষ্ট্ৰীয় স্তৰত বিজ্ঞান-প্রযুক্তিৰ শিক্ষানুষ্ঠান স্থাপনৰ প্ৰতিশ্রুতি প্রদান কৰা হৈছে। আনহাতে আছুৱে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী (এনআৰচি)ক লৈ উদ্বিগ্নতা প্রকাশ কৰি এইক্ষেত্ৰত অসন্তুষ্টি প্রকাশ কৰে। আছুৱে এনআৰচি উন্নীতকৰণৰ ফলাফলক লৈ সন্তুষ্ট নহয় আৰু উচ্চতম ন্যায়ালয়ত ইয়াৰ পুনৰীক্ষণ বিচাৰি আবেদন দাখিল কৰিছিল। আছুৱে আজি কয় যে পুনৰীক্ষণ আবেদন ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে কৰা নাছিল। এই বিষয়টোক লৈ পূর্বে অনুষ্ঠিত উপ-সমিতিৰ বৈঠকত ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰাও এনআৰচি পুনৰীক্ষণৰ বাবে আবেদন কৰা হ’ব বুলি প্রতিশ্রুতি প্রদান কৰা হৈছিল যদিও সেয়া হৈ নুঠিল। শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে প্ৰদান কৰা ৰায়ৰ পাছত আছুৱে এনআৰচিৰ পুনৰীক্ষণ বিচাৰি পুনৰ ন্যায়ালয়ত আবেদন কৰিবলৈ যো-জা চলাইছে। এই কথা সমিতিৰ বৈঠকত উল্লেখ কৰি আছু নেতৃত্বই অসম চৰকাৰকো আবেদন কৰিবলৈ আহ্বান জনায়। সমান্তৰালভাৱে কেন্দ্ৰীয় চৰকাৰকো অনুৰূপ ব্যৱস্থা ল’বলৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ব্যৱস্থা গ্ৰহণৰ আবেদন জনায়। মন্ত্রী অতুল বৰাই গৃহ আৰু ৰাজনৈতিক বিভাগৰ লগত আলোচনা কৰি ব্যৱস্থা লোৱা হ’ব বুলি অৱগত কৰে। এই বৈঠকতে আছুৱে অসম আন্দোলনৰ শ্বহীদ পৰিয়াল, নির্যাতিতক সংস্থাপনৰ ক্ষেত্ৰত পূর্বে দাখিল কৰা তালিকাৰ সকলোকে আর্থিক সকাহ দিবলৈ দাবী জনায়। এই বৈঠকত অসম চুক্তি ৰূপায়ণ বিভাগৰ আয়ুক্ত জি ডি ত্রিপাঠী, সচিব পল্লৱ গোপাল ঝাৰ লগতে কেইবাজনো শীর্ষ বিষয়া উপস্থিত থাকে।