অসম চিকিৎসা মহাবিদ্যালয়ৰ ৭৮ সংখ্যক প্রতিষ্ঠা দিৱসত মুখ্য অতিথি সৰ্বানন্দ সোণোৱালৰ অংশ গ্ৰহণ
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা– অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ৭৮ সংখ্যক প্রতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাপে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সৰ্বানন্দ সোণোৱালে অংশ গ্ৰহণ কৰি ছাত্র সমাজৰ সৈতে মনৰ ভাৱ বিনিময় কৰে।অসম চিকিৎসা মহাবিদ্যালয়ৰ যুৱ সমাজৰ আগত ভাষণ দি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয় যে”সমাজত বিজ্ঞানসন্মত মানসিকতা গঢ়াৰ বাবে চিকিৎসকসকলে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এখন গৰিমাময় চিকিৎসা মহাবিদ্যালয়ৰ উত্তৰসূৰী হিচাপে আপোনালোকে জনসাধাৰণৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ সমৃদ্ধিৰ বাবে অহোৰাত্ৰি কাম কৰে। বিগত সময়চোৱাত ক’ভিডে যি ভাবুকিৰ সৃষ্টি কৰিছিল, তাক বিফল কৰিবলৈ চিকিৎসক সমাজৰ লগতে আমাৰ বিজ্ঞানীসকলৰো শক্তি অপৰিহাৰ্য বুলি প্রমাণিত হ’ল।চিকিৎসকসকলৰ নিস্বাৰ্থ সেৱাৰ বাবে জনসাধাৰণ ৰোগাৰোগ্য হ’ল আৰু সামগ্রিকভাৱে সমাজখন সুস্থ হৈ উঠিল। আজি চিকিৎসা পাৰদৰ্শিতাৰ ক্ষেত্ৰত ভাৰতীয় চিকিৎসকৰ প্ৰতিভা শীর্ষ মানৰ। ভাৰতত চিকিৎসা পৰ্যটনৰ দ্রুত বৃদ্ধিয়ে ইয়াৰ জলন্ত প্ৰমাণ। আজি আধুনিক চিকিৎসা পদ্ধতিৰ সমান্তৰালকৈ আমাৰ পৰম্পৰাগত চিকিৎসা পদ্ধতিকো বিজ্ঞানসন্মত গৱেষণাৰে সমৃদ্ধ কৰি জনকল্যাণৰ বাবে ব্যৱহাৰ কৰা হৈছে। স্বাস্থ্যখণ্ডত ভাৰতৰ বিশ্বলৈ আটাইতকৈ ডাঙৰ উপহাৰ হৈছে যোগ সাধনা, যিয়ে বহু যুগ ধৰি মানৱজাতিৰ স্বাস্থ্য আৰু মনৰ সুস্থতা বৃদ্ধি কৰি আহিছে।প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ গতিশীল নেতৃত্বত আমি পৰম্পৰাগত চিকিৎসা বিজ্ঞানক আধুনিক চিকিৎসা বিজ্ঞানৰ সৈতে একত্ৰিত কৰি এক সামগ্রিক চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিছো। আমি আশাবাদী যে বিশ্বমানৰ চিকিৎসক আৰু গৱেষকৰ ৰূপত অসম চিকিৎসা মহাবিদ্যালয়ে বুজন সংখ্যক মানৱ সম্পদ সৃষ্টি কৰিব বুলিও কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে উল্লেখ কৰে।তেওঁ পুনৰাই কয় যে মহাবিদ্যালয়খনৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে অসম চৰকাৰে ইতিমধ্যে ৩০০ কোটি টকা প্রদান কৰিছে।ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ হিচাপে এইক্ষেত্রত প্রয়োজনীয় সহায়ৰ হাত আগবঢ়োৱাৰ প্ৰতশ্ৰুতি দিয়ে সোণোৱালে।তেওঁ আৰু কয়- অসম চিকিৎসা মহাবিদ্যালয় ডিব্রুগড়, অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ গৌৰৱ। এনে এখন গৌৰৱোজ্জ্বল শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী হিচাপে আপোনালোকে প্রতিটো প্রজন্মক অনুপ্রাণিত কৰি মানৱ সমাজৰ সুস্থতাৰ বাবে কাম কৰি যাব বুলি মই আশা কৰিছো।অসম চিকিৎসা মহাবিদ্যালয়ৰ অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ সৈতে উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী বিমল বৰা, ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলী; শদিয়াৰ বিধায়ক বলিন চেতিয়া; ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ড০ সৈকত পাত্র, মহাবিদ্যালয়খনৰ অধ্যক্ষ অধ্যাপক ডা০ সঞ্জীৱ কাকতি আৰু উপাধ্যক্ষ ড০ ৰীমা নাথ; মৰাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য অৰুণ জ্যোতি মৰাণ, অসম গেছ কোম্পানী লিমিটেডৰ উপাধ্যক্ষ ইন্দ্র গগৈ,ডিব্ৰুগড় জিলা বিজেপিৰ সভাপতি উজ্জ্বল কাশ্যপৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। উল্লেখযোগ্য যে বিশ্বৰ বহু দেশৰ চিকিৎসা বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীয়ে এই চিকিৎসা মহাবিদ্যালয়ত গৱেষণা কৰি আছে। লগতে দেশৰ ভিতৰতে প্ৰথম বাৰলৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ত ছুপাৰ স্পেচিয়েলিটি বিভাগ সমূহত স্নাতকোত্তৰ পাঠ্যক্ৰমত ইতিমধ্যে ছাত্ৰ ছাত্ৰী সকলে শিক্ষা গ্ৰহন কৰি আছে। আজিৰ দিনত দেশৰ ভিতৰতে অসম চিকিৎসা মহাবিদ্যালয় এখন উন্নত মহাবিদ্যালয় আৰু ছাত্ৰ ছাত্ৰীৰ উত্তীৰ্ণ হাৰ সৰ্বোচ্চ লগতে ই দেশৰ ভিতৰতে চিকিৎসা মহাবিদ্যালয়খনিয়ে গৱেষণা দিশত প্ৰথম স্থান লাভ কৰিছে। ইতিম্যে মুক্ত অস্ত্ৰোপ্ৰচাৰ আৰম্ভ হোৱাৰ লগতে অসম চিকিৎসা মহাবিদ্যালয়ত আৰম্ভ হব কম দিনৰ ভিতৰত ৰ’বৰ্টিক চিকিৎসা সেৱা।