অসম চাহ জনজাতি মহিলা ( আটুৱা ) সমিতিৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন 

অসম চাহ জনজাতি মহিলা ( আটুৱা ) সমিতিৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন                         
যদুমণি হাজৰিকা, নাজিৰা,ৰঙিলী বাৰ্ত্তাসেৱা-  অসম চাহ জনজাতি মহিলা ( আটুৱা) সমিতিৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱসটি  শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত ও আটুৱা ডিমৌ, নাজিৰা শাখা আৰু আটছা নাজিৰা শাখা তথা চন্টকবাসী ৰাইজৰ সহযোগত নাজিৰাৰ  চন্টক বাগান প্ৰাথমিক বিদ্যালয়ত ১৮ ফেব্ৰুৱাৰীত দিনজোৰা কাৰ্য্যসূচীৰে পালন কৰে । পুৱা আটুৱাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্যা জোনমণি ৰাজোৱাৰ আৰু আটছাৰ নাজিৰা শাখাৰ সম্পাদক ভূপেন ঘাটোৱাৰে বৃক্ষৰোপন কৰাৰ পাচতে পতাকা উত্তোলন আৰু দুপৰীয়া শিৱসাগৰ জিলা সমিতিৰ সভানেত্রী প্ৰিয়ংকা ভূমিজৰ সভাপতিত্ব আৰু নাজিৰা শাখাৰ সম্পাদিকা নমিতা গোৱালাই উদ্দেশ্য ব্যাখ্যা কৰা মুকলি সভাত উপস্থিত থাকে আটছা কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি দিগন্ত চাহু তাছা , আটুৱা কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদিকা প্ৰিয়া চাহু , আটুৱা কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহ সদস্যা জোনমণি ৰাজোৱাৰ , আটছা শিৱসাগৰ জিলা সমিতিৰ সভাপতি ৰাজকিশোৰ ভূমিজ , আটছা ডিমৌ শাখাৰ ভা:সভাপতি ৰাজু ভূঞা , সম্পাদক বিশ্বনাথ নাগ , আটছা নাজিৰা শাখাৰ ভাৰপ্ৰাপ্ত সভাপতি পবিত্ৰ লাইক , সম্পাদক ভূপেন ঘাটোৱাৰকে প্ৰমূখ্য কৰি ভালেকেইজনে বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰে ।  আটুৱাৰ ৩৫তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি  শিমলুগুৰিস্থিত বৃদ্ধাশ্ৰমত থকা ককা আইতাসকলৰ সৈতে মতবিনিময় কৰে আৰু কিছু পৰিমানে ঘৰতে তৈয়াৰ কৰা খাদ্যবস্তু যোগান ধৰাৰ লগতে প্ৰতিগৰাকীকে এটিকৈ ক্ষুদ্ৰ উপহাৰ আগবঢ়ায়।