অসম গ্ৰন্হমেলাত নতুন গ্ৰন্থ সম্ভাৰ

Pc Ukhrul Times

অসম গ্ৰন্থমেলাত নতুন গ্ৰন্থ সম্ভাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- গ্ৰন্থমেলাৰ বিপণী সমূহ দিনে দিনে বিভিন্ন নতুন কিতাপেৰে ভৰি পৰিছে৷ কালিৰে পৰা গ্ৰন্থমেলাত উপলব্ধ হৈছে “অসম পাব্‌লিচিং কোম্পানী”য়ে প্ৰকাশ কৰা তিনিখন বিশ্ববিখ্যাত গ্ৰন্থৰ অসমীয়া অনুবাদ সংস্কৰণ ৷ গ্ৰন্থকেইখন হৈছে “বেষ্ট অৱ বুকাৰ/বুকাৰ অৱ বুকাৰছ” পুৰষ্কাৰেৰে সন্মানিত ছালমান ৰুশ্বডিৰ “মিডনাইটছ চিলড্ৰেন“ৰ প্ৰশান্ত দত্তই কৰা অসমীয়া অনুবাদ সংস্কৰণ , ন’বেল বঁটা প্ৰাপ্ত অৰ্থনীতিবিদ অমৰ্ত্য সেনৰ “তৰ্কপ্ৰিয় ভাৰতীয়”ৰ ড° হেমন্ত ডেকাই কৰা অসমীয়া অনুবাদ সংস্কৰণ আৰু শচীন তেণ্ডুলকাৰৰ আত্মজীৱনী “প্লেয়িং ইট মাই ৱে”ৰ “শচীন তেণ্ডুলকাৰঃ সপোনৰ পম খেদি” শিৰোনামেৰে বৰীয়া মজুমদাৰৰ সৈতে অশ্বিনী বেজবৰুৱাই কৰা অসমীয়া অনুবাদ সংস্কৰণ ৷তদুপৰি সঞ্জীৱনী প্ৰকাশনে প্ৰকাশ ৰৰা অভিজিত শৰ্মা বৰুৱাৰ “দেউতাৰ হাঁহি আৰু অন্যান্য গল্প”, অমৰ বৰাৰ “নাহৰ”, শান্তনু কৌশিক বৰুৱাৰ “সংক্ষিপ্ত অসম বিশ্বকোষ” (প্ৰথম খণ্ড), ষ্টুডেণ্ট হউচে প্ৰকাশ কৰা জিন্তু গীতাৰ্থৰ “সিহঁতৰ পৃথিৱী” ,“ নিৰ্বাচিত অসমীয়া কুইয়ৰ গল্প” , অবাকে প্ৰকাশ কৰা প্ৰাঞ্জল মজুমদাৰৰ “শৰাইঘাটৰ শেষ ৰণ আৰু ভাষা সংকট” ,সাঁকোৱে প্ৰকাশ কৰা প্ৰিয়ম আদিত্যই ৰচনা কৰা চন্দ্ৰশেখৰ আজাদৰ জীৱনভিত্তিক গ্ৰন্থ “আজাদ” আদি গ্ৰন্থমেলাত উপলব্ধ হৈছে ৷