অসম গ্ৰন্থমেলা, লখিমপুৰৰ সফল সামৰণি

অসম গ্ৰন্থমেলা, লখিমপুৰৰ সফল সামৰণি
সাহিত্য-সংস্কৃতিৰ সৌৰভ বিলাই নিজম পৰিল কমাৰ্চ কলেজৰ স্প’ৰ্টছ কম্‌প্লেক্স
পুথিভঁৰালৰ অভিজ্ঞতা মোবাইলে পূৰ্ণ কৰিব নোৱাৰেঃ ড° বসন্ত কুমাৰ গোস্বামী

ৰঙিলী বাৰ্ত্তাসেৱা- ভাষা-সাহিত্য, নাট্যকলা-সংগীত, সমাজ-ইতিহাস আদি বিভিন্ন বিষয়ৰ বৌদ্ধিক আলোচনা, কবিতা পাঠ, সাংস্কৃতিক প্ৰতিযোগিতাৰে বিগত ১০ দিনজুৰি উৎসৱমুখৰ হৈ থকা অসম গ্ৰন্থমেলাৰ সফল সমাপ্তিৰে নিজম পৰিল লখিমপুৰ কমাৰ্চ কলেজৰ স্প’ৰ্টছ কম্‌প্লেক্স ৷ ৰাজ্য চৰকাৰে ঘোষণা কৰা ‘গ্ৰন্থ-বৰ্ষ’ৰে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই আয়োজন কৰা অসম গ্ৰন্থমেলা, লখিমপুৰৰ আজি বিয়লি সামৰণী সভা অনুষ্ঠিত হয় ৷ গ্ৰন্থমেলাৰ জুবিন গাৰ্গ সোঁৱৰণী অস্থায়ী প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাখনত সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰে অসম সাহিত্য সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামীয়ে ৷ তেওঁ ভাষণত কয় যে অসম চৰকাৰে ২০২৫ বৰ্ষটোক গ্ৰন্থবৰ্ষ হিচাপে ঘোষণা কৰিছে ৷ অৰ্থাৎ চৰকাৰে গ্ৰন্থৰ পৃষ্ঠপোষকতা কৰিছে ৷ এয়া আমাৰ বাবে গৌৰৱৰ কথা ৷ বিভিন্ন ঘটনা পৰিঘটনাৰ বাবে সময়ে সময়ে গ্ৰন্থৰ জগতখন আক্ৰান্ত হৈছে ৷ কিন্তু দেখা যায় সকলো প্ৰত্যাহ্বান ওফৰাই গ্ৰন্থ জীয়াই আছে ৷ অসম গ্ৰন্থমেলায়ো প্ৰত্যাহ্বান অতিক্ৰম কৰিবলৈ সক্ষম হৈছে ৷ তেওঁ নতুন প্ৰজন্মই অধ্যয়ন নকৰে বুলি বিভিন্ন পক্ষই কৰা অভিযোগ সম্পূৰ্ণ সঁচা নহয় বুলি উল্লেখ কৰি কয় যে যুৱ প্ৰজন্মৰ মাজত যথেষ্ট অধ্যয়নস্পৃহা দেখা যায় ৷ ভাষা-সাহিত্যৰ ক্ষেত্ৰত বহু তৰুণে দায়িত্বশীলতাৰে কাম কৰি আহিছে ৷ অৱশ্যে প্ৰযুক্তিৰ ব্যাপক ব্যৱহাৰে কিছু সমস্যাৰ সৃষ্টি কৰাটো সত্য ৷ কিন্তু প্ৰযুক্তিয়ে তথ্য দিব পাৰিলেও মনুষ্যত্বৰ সাধনা সম্পূৰ্ণ কৰিব পাৰে নে নাই তাত সন্দেহ আছে ৷ ড° গোস্বামীয়ে পুনৰ কয় যে জ্ঞান আৰু প্ৰজ্ঞা হৈছে মানৱ সভ্যতাৰ মূল আধাৰ ৷ এয়া অৰ্জন কৰা হয় গ্ৰন্থৰ জৰিয়তে ৷ সেয়েহে গ্ৰন্থ নোহোৱাকৈ, জ্ঞানৰ চৰ্চা অবিহনে এখন সভ্য সমাজ গঢ়ি উঠিব নোৱাৰে ৷ পৃথিৱীৰ প্ৰতিটো সভ্যতা গঢ়ি তোলাত, সভ্য জাতি গঠনৰ ক্ষেত্ৰত গ্ৰন্থই মহত্ত্বপূৰ্ণ ভূমিকা পালন কৰিছে ৷ তেওঁ গ্ৰন্থৰ মৃত্যু নাই বুলি উল্লেখ কৰি আকৌ কয় যে অভিভাৱকসকলে, শিক্ষক সমাজে আমাৰ ল’ৰা-ছোৱালীহঁতৰ মনত গ্ৰন্থৰ প্ৰতি আকৰ্ষণ জগাই তুলিবলৈ দায়িত্বশীলতাৰে পদক্ষেপ গ্ৰহণ কৰা উচিত ৷ নতুন প্ৰজন্মৰ মাজত কিতাপক জনপ্ৰিয় কৰাৰ বাবে গ্ৰন্থমেলা নিৰ্ভৰযোগ্য মাধ্যম ৷ ল’ৰা-ছোৱালীহঁতক গ্ৰন্থমেলালৈ আনি কিতাপৰ স্পৰ্শ আৰু সুবাস ল’বলৈ দিলেও তেওঁলোকৰ মনত গ্ৰন্থস্পৃহা জাগি উঠিব ৷ মোবাইলতো পঢ়িব পাৰি ৷ কিন্তু কিতাপ হাতত লৈ পঢ়াৰ যি আনন্দ, পুথিভঁৰাললৈ যোৱাৰ যি অভ্যাস আৰু অভিজ্ঞতা মোবাইলে সেয়া পূৰ্ণ কৰিব নোৱাৰে ৷ উচ্চ শিক্ষাই জীৱিকা নিশ্চিত কৰিব পাৰে কিন্তু সুশিক্ষাই মানুহ গঢ়ে ৷ সেয়ে প্ৰতিঘৰ মানুহে গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ ৰচনা কৰাটো আমাৰ সকলোৰে দায়িত্ব ৷ অসম গ্ৰন্থমেলাই এইক্ষেত্ৰত আশাৰ বতৰা কঢ়িয়াইছে ৷ ইয়াত আদৰণী ভাষণ আগবঢ়াই অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ২০২৫ বৰ্ষটো গ্ৰন্থ-বৰ্ষ হিচাপে ঘোষণা কৰি লেখক-প্ৰকাশক আৰু পঢ়ুৱৈ সকলক উৎসাহিত কৰিছে ৷ মুখ্যমন্ত্ৰীৰ পৰামৰ্শমতে শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৰ পৰিকল্পনা অনুসৰি গ্ৰন্থ-বৰ্ষৰে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি থকা হৈছে ৷ ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত প্ৰকাশ সাহিত্য গোটৰ জৰিয়তে সৃজনীশীল সাহিত্যক লৈ আলোচনা সত্ৰ, মহাবিদ্যালয় গ্ৰন্থমেলা আদি অনুষ্ঠিত কৰি আহিছে অসম প্ৰকাশন পৰিষদে ৷ সচিব কলিতাই লগতে কয় যে সম্প্ৰতি মোবাইলৰ ব্যাপক ব্যৱহাৰ আৰু ডিজিটেল মাধ্যমৰ আগ্ৰাসনৰ পৰিণতিত ছপা মাধ্যম অৰ্থাৎ গ্ৰন্থ, সংবাদ পত্ৰ, আলোচনী সমূহলৈ প্ৰত্যাহ্বান নমাই আনিছে ৷ ক’ভিড মহামাৰীৰ ফলতো ছপা মাধ্যমৰ বিস্তৰ ক্ষতি সাধন হৈছিল ৷ কাৰ্যতঃ এয়া আছিল সামগ্ৰিকভাৱে গ্ৰন্থৰ জগতখনৰ ওপৰত গুৰুতৰ আঘাত ৷ কিন্তু গ্ৰন্থৰ বিকল্প যে আন একো হ’ব নোৱাৰে সেয়া সকলোৱে একেমুখে স্বীকাৰ কৰে ৷ সেয়েহে এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ২০২১ চনৰ পৰা অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে অসম গ্ৰন্থমেলাৰ আয়োজন কৰি ৰাজ্যখনত এটা আশাব্যঞ্জক বাতাৱৰণ সৃষ্টি কৰিবলৈ চেষ্টা চলোৱা হৈছিল ৷ এতিয়া কেৱল গুৱাহাটী মহানগৰীতে আৱদ্ধ নাৰাখি ৰাজ্যখনৰ জিলাই জিলাই অসম গ্ৰন্থমেলা অনুষ্ঠিত কৰি অহা হৈছে ৷ তেতিয়াৰ শিক্ষামন্ত্ৰী আৰু এতিয়াৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সুচিন্তিত পৰিকল্পনা তথা দূৰদৰ্শিতাৰ বাবেই এয়া সম্ভৱ হৈছে ৷ অসম গ্ৰন্থমেলা, লখিমপুৰ এই প্ৰয়াসৰে এক অংশ আছিল ৷ লখিমপুৰত দহদিনত ৪০ৰ পৰা ৪৫ লাখ টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি বক্তব্য আগবঢ়াই ইয়াত অসম গ্ৰন্থমেলা সাফল্যমণ্ডিত কৰাত সহযোগিতা আগবঢ়োৱা বিদ্যায়তনিক অনুষ্ঠান, সংবাদ মাধ্যমকে ধৰি সকলো পক্ষলৈ ধন্যবাদ জ্ঞাপন কৰে সচিব কলিতাই ৷ শংকৰদেৱ শিশু বিদ্যা নিকেতন, উত্তৰ লখিমপুৰৰ শিক্ষাৰ্থী অৰ্ণৱ ছেত্ৰী, শুভাংকৰ হৃদয় দত্ত, গৰিমা হাজৰিকা, উপাসনা কাশ্যপ, বন্দিতা শৰ্মা আৰু নৈমিষা কাশ্যপে পৰিৱেশন কৰা এটি বৰগীতেৰে আৰম্ভ হোৱা সামৰণী সভাখনৰ আঁত ধৰে প্ৰবোধ দাসে ৷ উল্লেখ্য যে বিগত দিনকেইটাত অসম গ্ৰন্থমেলা, লখিমপুৰৰ বাকৰিত বিভিন্ন শিক্ষানুষ্ঠানৰ মাজত অনুষ্ঠিত হোৱা সাংস্কৃতিক প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰি আজিৰ সামৰণী সভাত বঁটা প্ৰদান কৰা হয় ৷ সেই অনুসৰি পাণীন্দ্ৰ বিদ্যালয়, উত্তৰ লখিমপুৰে প্ৰথম, শংকৰদেৱ শিশু বিদ্যা নিকেতন, উত্তৰ লখিমপুৰে দ্বিতীয়, জিনিয়াছ একাডেমী, লখিমপুৰে তৃতীয় আৰু বগীনদী উচ্চতৰ মাধ্যমিক বিদ্যালয়, লখিমপুৰে চতুৰ্থ স্থান লাভ কৰিছে ৷