অসম গ্ৰন্থমেলা , বঙাইগাঁৱত সুধাকণ্ঠলৈ জন্ম শতবৰ্ষৰ শ্ৰদ্ধাঞ্জলি
আলোচনা সত্ৰঃ ড° ভূপেন হাজৰিকাৰ গীতত লোকসমাজ আৰু লোকভাষা
সুধাকণ্ঠৰ গান মানে মানুহৰ প্ৰাণঃ ৰঞ্জন কুমাৰ বেজবৰুৱা
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য চৰকাৰে ঘোষণা কৰা ‘গ্ৰন্থ-বৰ্ষ’ৰে সংগতি ৰাখি পশ্চিম অসমৰ অন্যতম বাণিজ্যিক প্ৰাণকেন্দ্ৰ বঙাইগাঁৱত অনুষ্ঠিত হোৱা ২০২৫-২৬ ৰ প্ৰথমখন অসম গ্ৰন্থমেলাত আজি দ্বিতীয় দিনা আয়োজন কৰা হয় ‘ড° ভূপেন হাজৰিকাৰ গীতত লোকসমাজ আৰু লোকভাষা’ শীৰ্ষক আলোচনা সত্ৰ ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই ইয়াৰ ঐতিহ্যমণ্ডিত গান্ধী ময়দানত আঠদিনীয়াকৈ আয়োজন কৰা গ্ৰন্থমেলাত সুধাকণ্ঠৰ জন্মশতবাৰ্ষিকীৰ কাৰ্যসূচীৰ অংশৰূপে এই আলোচনা সত্ৰখন অনুষ্ঠিত কৰা হয় ৷ গ্ৰন্থমেলা প্ৰাংগণৰ জুবিন গাৰ্গ সোৱঁৰণী অস্থায়ী প্ৰেক্ষাগৃহত ৰঞ্জন কুমাৰ বেজবৰুৱাই পৰিৱেশন কৰা সুধাকণ্ঠৰ এটি গীতেৰে আৰম্ভ কৰা আলোচনা সত্ৰখন সঞ্চালনা কৰে ৰত্নপীঠ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক কন্দৰ্প বৰপূজাৰীয়ে ৷ ইয়াত আলোচক অতিথিৰূপে অংশগ্ৰহণ কৰি গুৱাহাটী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগী অধ্যাপিকা, বিশিষ্ট লেখিকা ড° স্মৃতিৰেখা ভূঞাই ৷ তেওঁ কয় যে ড° ভূপেন হাজৰিকাৰ গীত মানেই থলুৱা মানুহৰ হৃদয়ৰ কথা আৰু মাটিৰ সুগন্ধ ৷ থলুৱা মানুহ আৰু আপোন মাটি মানেই লোকসমাজ, লোকজীৱন ৷ ড° ভূপেন হাজৰিকাৰ সৃষ্টিয়ে এই বৃহত্তৰ লোকসমাজখনক সামৰি লৈছে ৷ এখন বৈষম্যহীন প্ৰাকৃতিক সমাজ, সাধাৰণ মানুহৰ অধিকাৰ সদায়েই তেওঁৰ সৃষ্টিৰ আধাৰ হৈ আহিছে ৷ এই সৃষ্টি কৰিবলৈ তেওঁ অতি সফলভাৱে লোকভাষাৰ সুপ্ৰয়োগ কৰিছে ৷ মানুহৰ মুখে মুখে প্ৰচলিত প্ৰবাদ, পটন্তৰ, লোক কাহিনী অতি বিচক্ষণতাৰে প্ৰয়োগ কৰিছে ড° ভূপেন হাজৰিকাই ৷ তেওঁ ভৌগোলিক আৰু জাতি-ধৰ্মৰ পৰিধি ভাঙি বৃহত্তৰ লোকসমাজক সৃষ্টিৰ আধাৰ কৰি লৈছে ৷ আন এগৰাকী আলোচক অতিথি, তথ্য আৰু জনসংযোগ বিভাগৰ উপ-সঞ্চালক, বিশিষ্ট লেখক ৰতন সাউদে কয় যে জন-জীৱনৰ ছবিৰেই পৰিপূৰ্ণ হৈ আছে সুধাকণ্ঠৰ গীত ৷ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ সমাজ জীৱন, বৃহত্তৰ অসমীয়া সমাজ আৰু সংস্কৃতিৰে তেওঁ সৃষ্টিক মহিমামণ্ডিত কৰিছে ৷ ব্ৰহ্মপুত্ৰখন যেন তেওঁৰ বাবে এখন দাপোণ আছিল য’ত তেওঁ লোকসমাজখন চাব পাৰিছিল ৷ লোকভাষাৰে তেওঁ নিজৰ সৃষ্টিক লোকসমাজৰ একেবাৰে ওচৰ চপাই নিছিল ৷ সেইবাবেই সুধাকণ্ঠৰ গীতত থলুৱা সমাজখনক বিচাৰি পোৱা যায় ৷ সত্ৰখনত আলোচক অতিথিৰূপে অংশগ্ৰহণ কৰি দিল্লী দূৰদৰ্শনৰ সংস্কৃত বিভাগৰ অতিথি শিল্পী ৰঞ্জন কুমাৰ বেজবৰুৱাই কয় যে ড° ভূপেন হাজৰিকাই নিজেই কৈছিল যে তেওঁৰ প্ৰিয় গ্ৰন্থ হৈছে অভিধান ৷ অৰ্থাৎ সুধাকণ্ঠই ভাষাৰ শুদ্ধ প্ৰয়োগত সদা সচেতন আছিল ৷ তদুপৰি তেওঁ জনজীৱনকো সুন্দৰভাৱে বুজিছিল ৷ একেবাৰে ওচৰৰ পৰা জনজীৱনক চাইছিল ৷ সেইবাবে অসমীয়া মানুহৰ অতীত, বৰ্তমান আৰু ভৱিষ্যৎ প্ৰতিফলিত হৈ আছে তেওঁৰ গীতত ৷ লোকসমাজৰ কথাৰে, লোকভাষাৰে অসমৰ পৰা সীমা অতিক্ৰমী সুধাকণ্ঠই বিশ্বযাত্ৰা কৰিছিল ৷ তেওঁৰ গান মানে আমাৰ সকলোৰে প্ৰাণ ৷ তেওঁৰ গান মানেই সমাজ-জীৱন ৷ মানুহৰ মুখৰ ভাষা আৰু হৃদয়ৰ স্বৰে তেওঁৰ গানক অমৰত্ব প্ৰদান কৰিছে ৷ বেজবৰুৱাই অসমীয়া আৰু সংস্কৃত ভাষাত সুধাকণ্ঠৰ কেবাটাও কালজয়ী গীত পৰিৱেশন কৰি অনুষ্ঠানটিক মনোমুগ্ধকৰ কৰি তোলে ৷ গাম্ভীৰ্যপূৰ্ণ আলোচনা সত্ৰখনৰ আঁত ধৰে কবি-লেখক নৱজ্যোতি পাঠকে ৷ ইয়াৰ পাছতে প্ৰবোধ দাসে আঁত ধৰা অসম গ্ৰন্থমেলা, বঙাইগাঁৱৰ দ্বিতীয় দিনৰ সাংস্কৃতিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে মূলাগাঁৱৰ চিলাৰায় জাতীয় বিদ্যালয়, পি কে এম ইংলিছ মিডিয়াম স্কুল আৰু বীৰঝৰা কণ্যা মহাবিদ্যালয়ে৷
