অসম গ্ৰন্থমেলা , গুৱাহাটীত কবি-গীতিকাৰ কেশৱ মহন্তলৈ জন্ম শতবৰ্ষৰ শ্ৰদ্ধাঞ্জলি
প্ৰকাশন পৰিষদে প্ৰকাশ কৰা কেশৱ মহন্ত ৰচনাৱলী উন্মোচন
নিৰন্তৰ সাধনাৰে গীত-কবিতাক নতুন মাত্ৰা প্ৰদান কৰিছিল কেশৱ মহন্তইঃ ৰমেন চৌধুৰী
ৰঙিলী বাৰ্ত্তাসেৱা- কিতাপৰ সুবাস-সান্নিধ্যই উমাল কৰি তুলিছে খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলা, গুৱাহাটী ৷ ৰাজ্য চৰকাৰে ঘোষণা কৰা ‘গ্ৰন্থ-বৰ্ষ’ৰে সংগতি ৰাখি অসমৰ ৭খন চহৰত সফলতাৰে অসম গ্ৰন্থমেলা আয়োজনৰ পাছত যোৱা ২৪ ডিচেম্বৰৰ পৰা ৰাজধানী মহানগৰ গুৱাহাটীত এলানি বৰ্ণিল কাৰ্যসূচীৰে এই গ্ৰন্থমেলা অনুষ্ঠিত হৈছে ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজন কৰা অসম গ্ৰন্থমেলাৰ জুবিন গাৰ্গ সোঁৱৰণী প্ৰেক্ষাগৃহত আজি বিয়লি ২-৩০ বজাত “কবি, গীতিকাৰ কেশৱ মহন্তৰ গীত-কবিতাৰ মাধুৰ্য” শীৰ্ষক এখন মনোজ্ঞ আলোচনা সত্ৰ অনুষ্ঠিত হয় ৷ অসমীয়া কাব্য আৰু গীতি সাহিত্যৰ বৰেণ্য পুৰুষগৰাকীলৈ জন্ম শতবৰ্ষৰ শ্ৰদ্ধাৰ্ঘ্য জনাই আয়োজন কৰা এই আলোচনা সত্ৰতে উন্মোচিত হয় অসম প্ৰকাশন পৰিষদে ছপা কৰি উলিওৱা “কেশৱ মহন্ত ৰচনাৱলী” ৷ বিশিষ্ট অভিধান প্ৰণেতা , অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই সম্পাদনা কৰা গ্ৰন্থখন উন্মোচন কৰি বিশিষ্ট সংগীত শিল্পী ৰমেন চৌধুৰীয়ে কয় যে কেশৱ মহন্তই গীত আৰু কবিতাক জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰিছিল ৷ নিৰন্তৰ সাধনাৰে গীত-কবিতাক এটা নতুন মাত্ৰা প্ৰদান কৰিছিল ৷ মানুহৰ জীৱন সংগ্ৰাম, অসমৰ মাটি-প্ৰকৃতিৰ কথাৰে সমৃদ্ধ হৈছে তেওঁৰ সমগ্ৰ সৃষ্টি ৷গ্ৰন্থখন সম্পাদনাৰ বিষয়ে সুমন্ত চলিহাই এইবুলি কয়—“ কেশৱ মহন্ত ৰচনাৱলী সম্পাদনা কৰাটো এক মনোৰম অভিজ্ঞতা ৷ এয়া প্ৰথম খণ্ড ৷ ইয়াত তেওঁৰ গীত , কবিতা আৰু ১২ খন সংগীতালেখ্য সন্নিৱিষ্ট হৈছে ৷ অসমীয়া ভাষা-সাহিত্যক কেশৱ মহন্তৰ সৃষ্টিয়ে যে অনন্য মাত্ৰা প্ৰদান কৰিছে তেওঁৰ ৰচনাৱলী পঢ়িলে পাঠক সমাজে ভালদৰে অনুধাৱন কৰিব পাৰিব ৷” ইপিনে “কবি, গীতিকাৰ কেশৱ মহন্তৰ গীত-কবিতাৰ মাধুৰ্য” শীৰ্ষক আলোচনা সত্ৰখন সঞ্চালনা কৰে সাহিত্য-সমালোচক অৰিন্দম বৰকটকীয়ে ৷ বিষয় প্ৰসংগত তেওঁ এইদৰে কয়—“ কেশৱ মহন্তই নিজে জীৱন সংগ্ৰামৰ মাজেৰে ওলাই আহিছে ৷ তেওঁ স্বাধীনতা আন্দোলনত যোগদান কৰিও কাৰাবৰণ কৰিছিল আৰু সাম্যবাদেৰে সমাজ গঠনৰ আদৰ্শ লৈও কাৰাগাৰলৈ গৈছে ৷ সেয়ে তেওঁ আদৰ্শবাদিতাৰে সৃষ্টি কৰিছিল গীত আৰু কবিতা ৷ বিষ্ণু ৰাভা, হেমাংগ বিশ্বাস, ভূপেন হাজৰিকাৰ সান্নিধ্যয়ো তেওঁৰ আদৰ্শবাদী সৃষ্টিক শক্তিশালী ৰূপ প্ৰদান কৰিছে ৷ লক্ষ্যণীয় কথাটো হ’ল আদৰ্শ এটাক গোটেই জীৱন আকোঁৱালি লৈও তেওঁ অসমীয়া লোক-জীৱন আৰু ভাষাৰ কালিকাৰ নিজস্ব ৰূপটোক উজলাই ৰাখিব পাৰিছিল ৷ সেইবাবেই কেশৱ মহন্তৰ গীত-কবিতাৰ মাধুৰ্য সন্ধান কৰিলে অসমীয়া সমাজ-জীৱন জিলিকি ওলাই আহে ৷” ইয়াত আলোচক হিচাপে অংশ লয় গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক, কবি-সমালোচক ড° এম কামালুদ্দিন আহমেদে ৷ তেওঁ কয় যে কেশৱ মহন্তৰ গীতি সাহিত্যৰ বিশাল পৰিচয়ে তেওঁৰ কবি হিচাপে থকা পৰিচয়ক যেন ঢাকি ৰাখে ৷ কিন্তু কেশৱ মহন্তৰ কবিতাই জয়ন্তী যুগৰ পৰাই অসমীয়া ভাষাৰ কালিকা বজাই ৰাখিব পাৰিছিল ৷ “আগন্তুক” , “তোমাৰ তেজ”, “মোৰ শুকান কলিজাত কুঁহিপাত” কবিতা সংকলন কেইখনে অসমীয়া কবিতাক সমৃদ্ধ কৰিছে ৷ তেওঁ আধুনিক অসমীয়া কবিতাৰ উজ্জ্বল , শক্তিশালী আৰু ব্যতিক্ৰমী ব্যক্তিত্ব ৷ লোক-জীৱন, লোক-ভাষাক তেওঁৰ কবিতাই মহিমামণ্ডিত কৰিছে ৷ এটা নিৰ্দিষ্ট আদৰ্শক লৈ আজীৱন কাব্য সাধনা কৰা এইগৰাকী কবিৰ কবিতাই শ্ৰেণীদ্বন্দ্বক প্ৰতিনিধিত্ব কৰিও সুক্ষ্ম কলাত্মক পৰিপূৰ্ণতাৰে মানুহৰ হৃদয়ক স্পৰ্শ কৰে ৷ ইয়াৰ উদাহৰণ হৈছে বহুল সমাদৃত “সোণজিৰা মাহীৰ নাড়ী” আৰু “আঘোণৰ কুঁৱলী” আদি কবিতাসমূহ ৷ অনুভূতিৰ তীব্ৰতা, শব্দৰ সংহত প্ৰকাশ আৰু সমাজ ৰূপান্তৰৰ আহ্বানেৰে কেশৱ মহন্তৰ কবিতা কালোত্তীৰ্ণ হৈছে ৷ আন এগৰাকী আলোচক,লেখক-সমালোচক,গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰে সহযোগী অধ্যাপক, ড° প্ৰাঞ্জল শৰ্মা বশিষ্ঠই কয় যে “গালেহে গীত” বুলি গান আৰু গীতৰ মাজৰ পাৰ্থক্য সৰলভাৱে বুজাই কেশৱ মহন্তই নিজে লিখা গানবোৰৰ আধা কৃতিত্ব সুৰকাৰ আৰু কণ্ঠশিল্পী সকলক দি গৈছে ৷ এয়া হৈছে তেওঁৰ মহানুভৱতা ৷ এই মহানুভৱতাৰে গান লিখি তেওঁ এগৰাকী সফল-সাৰ্থক অসমীয়া গীতিকাৰ ৷ তেওঁৰ গানসমূহ অসমীয়া গীতি সাহিত্যত চিৰকালৰ অন্যতম উজ্জ্বল নিদৰ্শন ৷ জয়ন্তী যুগৰ সমাজবাদী চেতনাৰে তেওঁৰ গীতসমূহ সমৃদ্ধ হৈছে ৷ সমান্তৰালভাৱে তেওঁ এগৰাকী কবি ৷ দৰাচলতে কবি হিচাপে প্ৰসিদ্ধি লাভ কৰাৰ প্ৰায় এটা দশকৰ পাছত গান ৰচনা কৰিবলৈ লৈছিল তেওঁ ৷ ১৯৫৪ চনত “কলৰে পাততে কাউৰি পৰে” গীতেৰে তেওঁ অসমীয়া গীতি সাহিত্যত নতুন দিগন্তৰ সূচনা কৰিছিল ৷ গীতিকাৰ হিচাপে সাহিত্য একাডেমি বঁটা লাভ কৰা কেশৱ মহন্ত একমাত্ৰ উদাহৰণ ৷ গীতি সাহিত্যৰ সন্মুখত ডাঙৰ প্ৰত্যাহ্বান হৈছে এয়ে যে এয়া সাহিত্যৰ সমানে পৰিৱেশ্য ক্ষেত্ৰখনতো সফল হ’ব লাগিব ৷ কেশৱ মহন্তই এই প্ৰত্যাহ্বান অতিক্ৰম কৰিছে আৰু মাধুৰ্যৰে অসমীয়া গীতি সাহিত্যক মহত্ব প্ৰদান কৰিছে ৷ কবি-লেখক নৱজ্যোতি পাঠকে গ্ৰন্থ উন্মোচনী অনুষ্ঠান আৰু আলোচনা সত্ৰখনৰ আঁত ধৰে ৷ ইয়াৰ পাছতে প্ৰবোধ দাসৰ পৰিচালনাৰে অসম গ্ৰন্থমেলা, গুৱাহাটীৰ তৃতীয় দিনৰ সাংস্কৃতিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে জাতীয় বিদ্যালয়, কাহিলীপাৰা, শংকৰদেৱ শিশু নিকেতন, আমবাৰী আৰু দিছপুৰ মহাবিদ্যালয়ে ৷
