অসম গ্ৰন্থমেলা, গুৱাহাটীত কিতাপ বিক্ৰীয়ে অভিলেখ গঢ়াৰ আশা প্ৰকাশকৰ
৯ দিনত পঢ়ুৱৈয়ে ক্ৰয় কৰিলে ৫ কোটি ১০ লাখ টকাৰ গ্ৰন্থ
অসম গ্ৰন্থমেলাত কিতাপ বিক্ৰীয়ে নতুন অভিলেখ গঢ়াৰ আশা
প্রজ্ঞাবাহক ড° প্রাঞ্জল বুঢ়াগোহাঁইৰ ফটোৰে ৰেইনচফ্টৰ কেলেণ্ডাৰ’
ব্ৰিটিছে জাপি থৈ যোৱা শিক্ষাৰে বহুলোক মূলৰ পৰা বিছিন্ন হৈছিলঃ ডাঃ ৰণোজ পেগু
ৰঙিলী বাৰ্ত্তাসেৱা- অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে খানাপাৰস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজন কৰা অসম গ্ৰন্থমেলা, গুৱাহাটীত কিতাপ বিক্ৰীয়ে নতুন অভিলেখ গঢ়াৰ আশা প্ৰকাশ কৰিছে উদ্যোক্তাসকলে ৷ আজিলৈ ৯ দিনত পঢ়ুৱৈয়ে ক্ৰয় ৫কোটি ১০লাখ টকাৰ গ্ৰন্থ ক্ৰয় কৰা বুলি উদ্যোক্তাসকলে সদৰী কৰিছে ৷ ইপিনে বিগত বৰ্ষবোৰৰ দৰে এইবাৰো আজি ৪ জানুৱাৰীৰ দিনা গ্ৰন্থমেলাৰ অস্থায়ী কাৰ্যালয়ত উন্মোচন কৰে “ৰেইনচফ্ট এডভাৰটাইজিঙ”ৰ “উৎপল-ধনজিৎ কেলেণ্ডাৰ”। প্ৰসিদ্ধ কথা-শিল্পী প্ৰয়াত হোমেন বৰগোহাঞিৰ ছবিৰে সূচনা কৰা ৰেইনচফ্টৰ বহুল জনপ্ৰিয় “উৎপল -ধনজিৎ” বাৰ্ষিক কেলেণ্ডাৰে ১৬ বছৰ অতিক্ৰম কৰিলে ৷ এইবেলি অৰ্থাৎ ২০২৫ খ্ৰীষ্টিয় বৰ্ষত এই কেলেণ্ডাৰখনৰ সোতৰ বছৰীয়া সংস্কৰণত স্থান লাভ কৰিছে ধেমাজি জিলাৰ অসম-অৰুণাচলৰ সুবাসীত গৃহহাৰা,পিতৃ-মাতৃহাৰা কিম্বা দিব্যাংগসকলক শিক্ষাদানৰ বাবে স্থাপিত “বিদ্যা দ্যা লিভিং স্কুল” নামৰ এখন ব্যতিক্রমী বিদ্যালয়ে ৷এই বিদ্যালয় প্ৰতিষ্ঠা কৰি অসমৰ শিক্ষাজগতত অন্য এক মাত্ৰা প্ৰদান কৰিছে ড° প্রাঞ্জল বুঢ়াগোহাঁয়ে । আয়োজিত অসম গ্রন্থমেলাত কেলেণ্ডাৰখন উন্মোচন কৰে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ৷ তেওঁ কয় যে—“বিদ্যা দ্যা লিভিং স্কুলক এখন ব্যতিক্ৰমী শিক্ষানুষ্ঠান বুলি কোৱা হৈছে ৷ কিন্তু মোৰ বোধেৰে এয়াই সাম্প্ৰতিক শিক্ষা পদ্ধতিৰ শুদ্ধ পথ ৷ এই পদ্ধতি দৰাচলতে ব্যতিক্ৰম হৈ থকা নাই ৷ বাহিৰৰ বিভিন্ন স্থানত এনে বিদ্যায়তনিক অনুষ্ঠান গঢ়ি উঠিছে ৷ অসমত এই কামটো প্ৰথমতে কৰি বাট দেখুৱাইছে ড° প্ৰাঞ্জল বুঢ়াগোহাঁয়ে ৷” তেওঁ লগতে কয় যে আধুনিক শিক্ষাৰ নামত ব্ৰিটিছে জাপি থৈ যোৱা শিক্ষাৰে বহুলোক মূলৰ পৰা বিছিন্ন হৈছিল ৷ এনে মানৱ সম্পদ বাহিৰলৈ ওলাই যোৱাৰ পাছত, নাইবা বাহিৰলৈ মগজুৰ সোঁত বোৱাৰ ফলত আমি বাৰুকৈয়ে ক্ষতিগ্ৰস্ত হৈছোঁ ৷ গতিকে বিদ্যা দ্যা লিভিং স্কুলৰ দৰে পদ্ধতিলৈ আমি যাবই লাগিব , য’ত আমাৰ সমাজ-জীৱনৰ সকলো প্ৰয়োজনীয় শিক্ষাৰে আমাৰ ভৱিষ্যৎ প্ৰজন্ম গঢ় লৈ উঠিব ৷ বিদ্যা দ্যা লিভিং স্কুলক প্ৰকাশন আৰু ডিজাইনিং প্ৰতিষ্ঠান ৰেইনচফ্টে তেওঁলোকৰ জনপ্ৰিয় “উৎপল-ধনজিৎ” বাৰ্ষিক কেলেণ্ডাৰৰ বিষয় হিচাপে লৈও অন্য এক নিদৰ্শন দাঙি ধৰিলে ৷ ইয়াত অংশগ্ৰহণ কৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেক্সাছস্থিত চেম হিউস্টন ষ্টেট ইউনিভাৰ্চিটিৰ অৰ্থনীতি আৰু আন্তৰ্জাতিক বাণিজ্য বিভাগৰ অধ্যাপক ডঃ হিৰণ্য নাথে কয় যে মূল্যবোধৰ শিক্ষাদান বৰ্তমান সময়ৰ অতি গুৰুত্বপূৰ্ণ কাম ৷ বিদ্যা দ্যা লিভিং স্কুলে সেই পথ মুকলি কৰি দিছে ৷ অনাগত সময়ত এই ব্যৱস্থাক নিশ্চয় সকলোৱে আদৰি ল’ব আৰু এয়া সকলোৰে বাবে উপযোগী হ’ব ৷ বিদ্যা দ্যা লিভিং স্কুলক লৈ প্ৰকাশন আৰু ডিজাইনিং প্ৰতিষ্ঠান ৰেইনচফ্টৰ পদক্ষেপ আদৰণীয় । বিদ্যা দ্যা লিভিং স্কুলৰ প্ৰতিষ্ঠাপক ড° প্ৰাঞ্জল বুঢ়াগোহাঁয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰি কয় যে এই স্কুল প্ৰতিষ্ঠা কৰাটো এক প্ৰত্যাহ্বান ৷ কাৰণ গৃহহাৰা, পিতৃ-মাতৃহাৰা, দিব্যাংগসকলক লৈ এনে এখন বিদ্যালয় ধেমাজিৰ অসম-অৰুণাচল সীমান্তৰ সুবাসীত স্থাপন কৰাটো সহজ কাম নাছিল ৷ সকলোৰে সহযোগিতাৰ বাবে এয়া সম্ভৱ হৈছে ৷ ভৱিষ্যতলৈও সকলোৰে সহযোগিতা কামনা কৰিছোঁ ৷ অনুষ্ঠানৰ আঁত ধৰে আবৃত্তিকাৰ অৱণী বৰাই ৷ এই অনুষ্ঠানতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উন্মোচন কৰে “অসম বুক হাইভ”-এ প্ৰকাশ কৰা ড° কন্দৰ্প কুমাৰ শৰ্মাৰ “ছেমিকণ্ডাকণ্ডাক্টৰ বা অৰ্ধপৰিবাহীৰ অ আ ক খ” শীৰ্ষক গ্ৰন্থখন ৷ এই গ্ৰন্থখনে ছাত্ৰ-ছাত্ৰী তথা সাধাৰণ ৰাইজক উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰী ডাঃ পেগুৱে ৷ এই সভাত অসম প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতাৰ লগতে ভালে কেইগৰাকী লেখক-সাহিত্যিক, বিশিষ্ট ব্যক্তিয়ে ৷ ইপিনে আজি বিয়লি শশী ফুকন সোঁৱৰণী প্ৰেক্ষাগৃহত উন্মোচন কৰা হয় প্ৰাণ্জিৎ বৰাৰ “তাইৰ মুখখনৰ ক’ৰবাত কুঁৱলী আৰু অন্যান্য কবিতা” শীৰ্ষক কাব্যপুথি আৰু “অসমীয়া কাব্য সংকলনৰ নিৰ্বাচিত পাতনি” শীৰ্ষক গ্ৰন্থখন ৷ উল্লেখ্য যে “তাইৰ মুখখনৰ ক’ৰবাত কুঁৱলী আৰু অন্যান্য কবিতা” শীৰ্ষক কাব্যপুথিখনত সন্নিৱিষ্ট হৈছে বৰাই নিজে কৰা কবিতাসমূহৰ ইংৰাজী অনুবাদ ৷ আনহাতে “অসমীয়া কাব্য সংকলনৰ নিৰ্বাচিত পাতনি” শীৰ্ষক গ্ৰন্থখন এই বিষয়ক প্ৰথম অসমীয়া কিতাপ ৷ সভাখনত একেলগে উন্মোচিত হয় ড° জোনালী পাটোৱাৰী বৰাৰ কাব্য সংকলন “মাজ নিশাৰ কথকতা” আৰু অনুবাদ গল্প সংকলন “পদ্মকন্যা আৰু অন্যান্য গল্প” ৷ গ্ৰন্থ কেইখন উন্মোচন কৰে কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক প্ৰদীপ খাটনিয়াৰ, বিশিষ্ট গল্পকাৰ ডাঃ অপূৰ্ব কুমাৰ শইকীয়া, বিশিষ্ট কবি অনুভৱ তুলসী, প্ৰকাশ আলোচনীৰ সম্পাদক মিহিৰ দেউৰী, প্ৰসিদ্ধ সত্ৰীয়া শিল্পী অতুল ভূঞা, বিশিষ্ট চিত্ৰ শিল্পী সঞ্জীৱ বৰাই ৷ অনুষ্ঠানটি পৰিচালনা কৰে লেখক-সাংবাদিক নৱজ্যোতি পাঠকে ৷ ইপিনে আজি গ্ৰন্থমেলাৰ বাকৰিত বিশিষ্ট কবি মীৰা ঠাকুৰৰ সোঁৱৰণত অনুষ্ঠিত হয় মহিলাসকলৰ বিশেষ অনুষ্ঠান ৷ বিশিষ্ট সমাজসেৱী ৰাণী গোহাঁয়ে এই অনুষ্ঠানটি পৰিচালনা কৰে ৷ আনহাতে কবি-লেখিকা মন্দিৰা গগৈয়ে পৰিচালনা কৰা “শব্দ-শিল্প-আড্ডা” শীৰ্ষক আকৰ্ষণীয় অনুষ্ঠানটিত অংশগ্ৰহণ কৰে ৰবিজিতা গগৈ, প্ৰণয় বৰদলৈ, অপু ভৰদ্বাজ, হেমন্ত কুমাৰ দাস, ৰুবু বৰা আদি নাটক, সাহিত্য, প্ৰশাসন, সাংবাদিকতা আদি ভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তি সকলে ৷ উল্লেখ্য যে কালি গ্ৰন্থমেলাৰ বাকৰিত উন্মোচিত হয় ডাঃ নমিতা বৈশ্যৰ “হিটলাৰৰ শেষ ২৪ ঘন্টা” শীৰ্ষক গল্প সংকলনখনো ৷ এই উন্মোচনী অনুষ্ঠানত অংশগ্ৰহণ কৰে বিশিষ্ট সাহিত্যিক-কবি ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, কুলধৰ শইকীয়া, ডাঃ অপূৰ্ব কুমাৰ শইকীয়া, নীলিম কুমাৰ, গীতালি বৰা, মীনাক্ষি বৰুৱা, পংকজ প্ৰতীপ বৰদলৈ,উৎপল বাদল বৰুৱা, ভাস্কৰজ্যোতি বৰুৱা, হিমাংশু ভাগৱতী, সৃঞ্জনা শৰ্মাই ৷