অসম গ্ৰন্থমেলা, গুৱাহাটীৰ লাইখুঁটা স্থাপন

অসম গ্ৰন্থমেলা, গুৱাহাটীৰ লাইখুঁটা স্থাপন

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত ২৯ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’ব লগা গুৱাহাটীত অসম গ্ৰন্থমেলাৰ লাইখুঁটা আজি স্থাপন কৰা হয় ৷ আজি দিনৰ ১২ বজাত চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অসম গ্ৰন্থমেলা, গুৱাহাটীৰ লাইখুঁটা স্থাপন কৰে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ (আই এ এছ )-এ ৷ মাংগলিক কাৰ্যক্ৰমেৰে লাইখুঁটা স্থাপন কৰি নাৰায়ণ কোঁৱৰে কয়—অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত ২৯ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’ব লগা অসম গ্ৰন্থমেলা গুৱাহাটীয়ে এইবাৰ নতুন বৈশিষ্ট্য কঢ়িয়াই আনিব বুলি উল্লেখ কৰে ৷ ৰাজ্যখনৰ হাফলং,তিনিচুকীয়া, নলবাৰী, শিৱসাগৰ, শিলচৰকে ধৰি বাংগালোৰতো অসম গ্ৰন্থমেলা সুকলমে সম্পন্ন হোৱাৰ পাছত এতিয়া গুৱাহাটীৰ অসম গ্ৰন্থমেলাৰ বাবে সকলো সাজু হৈ উঠিছে ৷ আজি লাইখুঁটা স্থাপন কৰি কোঁৱৰে লগতে কয়—অসম গ্ৰন্থমেলা এতিয়া সকলোৰে আদৰৰ অনুষ্ঠান৷ এই অনুষ্ঠান সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত আহক আমি সকলোৱেই ঐক্যৱদ্ধ হও৷’ অনুষ্ঠানত বিশিষ্ট লেখক—সাংবাদিক কমল লোচন দাসে বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি কয় — অসম প্ৰকাশন পৰিষদত জড়িত থকাৰ সময়ৰ পৰাই এই গ্ৰন্থমেলাসমূহৰ লগত সম্পৃক্ত আছিলো ৷ কৰ্মসূত্ৰে বাহিৰত থকাৰ হেতুকে যোৱা কিছু বছৰ এই গ্ৰন্থমেলাৰ লগত সম্পৃক্ত হ’ব পৰা নাছিলোঁ ৷ এইবাৰ উদ্যোক্তাসকলৰ আমন্ত্ৰণ লাভ কৰি পুনৰ ঘৰৰ ল’ৰা ঘৰলৈ ঘুৰি অহা যেন লাগিছে ৷ মই সকলোকে অসম গ্ৰন্থমেলা সফল কৰি তুলিবলৈ আহ্বান জনাইছোঁ ৷ প্ৰবোধ দাসে আঁত ধৰা অনুষ্ঠানত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই অসম গ্ৰন্থমেলাৰ ২০২৩-২৪ বৰ্ষৰ স্বৰ্ণময় যাত্ৰা সফল কৰিবৰ বাবে সকলোৰে সহযোগিতা কামনা কৰি বক্তব্য আগ বঢ়ায় ৷ অনুষ্ঠানত সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সভাপতি নগেন শৰ্মা আৰু সাধাৰণ সম্পাদক ধীৰাজ গোস্বামীকে ধৰি বহুকেইজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷