অসম গ্ৰন্থমেলা,শিলচৰত যুৱ-লেখক সন্মিলন
“উন্মীলন”ৰ জৰিয়তে যুৱ-লেখক সকল উৎসাহিত হ’বঃ বিশ্বৰাজ ভট্টাচাৰ্য
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্য চৰকাৰে ঘোষণা কৰা ‘গ্ৰন্থ-বৰ্ষ’ৰে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজন কৰা দহদিনীয়া অসম গ্ৰন্থমেলা অব্যাহত আছে বৰাক উপত্যকাৰ প্ৰাণকেন্দ্ৰ শিলচৰত ৷ ইয়াৰ পুলিচ পেৰেড গ্ৰাউণ্ডত ভাষা-সাহিত্য-সংস্কৃতিৰ এলানি আকৰ্ষণীয় কাৰ্যসূচীৰে আয়োজন কৰা অসম গ্ৰন্থমেলা, শিলচৰত আজি তৃতীয় দিনা বিয়লি অনুষ্ঠিত হয় “উন্মীলন” শীৰ্ষক যুৱ-লেখক সন্মিলন ৷ উল্লেখ্য যে যুৱ-লেখক সকলক গ্ৰন্থৰ প্ৰতি অধিক আকৰ্ষিত কৰা আৰু অধ্যয়নৰ জৰিয়তে তেওঁলোকৰ সৃষ্টিৰ উত্তৰণ কৰাৰ লক্ষ্যৰে প্ৰতিখন অসম গ্ৰন্থমেলাতে এই অনুষ্ঠানটি আয়োজিত কৰি অহা হৈছে ৷ উন্মীলন অনুষ্ঠানত যে কেৱল লেখক সকলহে থাকে সেইটো নহয়; এই অনুষ্ঠানে গীতিকাৰ-সুৰকাৰ, কণ্ঠশিল্পী-চিত্ৰশিল্পী সকলোকে সামৰি লয় ৷ বিভিন্ন সৃজনীশীল ক্ষেত্ৰত কাম কৰি থকা যুৱ প্ৰজন্মই যাতে ইয়াৰ জৰিয়তে উপকৃত হ’ব পাৰে সেই লক্ষ্যৰেই অসম গ্ৰন্থমেলাত “উন্মীলন” আৰম্ভ কৰা হৈছিল ৷ অসম গ্ৰন্থমেলা, শিলচৰত আজি “উন্মীলন” সঞ্চালনা কৰে বিশিষ্ট কণ্ঠশিল্পী, লেখক, গীতিকাৰ বিশ্বৰাজ ভট্টাচাৰ্যই ৷ তেওঁ কয় যে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশৰ আৰু বিক্ৰেতা সংস্থাই শিলচৰত অসম গ্ৰন্থমেলা আয়োজন কৰাটো গুৰুত্বপূৰ্ণ কথা ৷ কাছাৰৰ সমাজ-সাহিত্য তথা সাংস্কৃতিক উৎকৰ্ষ সাধনত ইয়াৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ থাকিব ৷ তদুপৰি যুৱ প্ৰজন্মৰ প্ৰতিভাক “উন্মীলন”ৰ জৰিয়তে একেখন মঞ্চতে মত বিনিময় কৰিবলৈ দিয়াটোও গুৰুপূৰ্ণ ৷ ইয়াৰ ফলত তেওঁলোক উৎসাহিত আৰু উপকৃত হ’ব ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰা যুৱ-লেখক সকল হৈছে কল্পিতা দেৱ, সায়ন চক্ৰৱৰ্তী, প্ৰাঞ্জল পাল, ড° কনিকা চক্ৰৱৰ্তী, ড° অৰ্পিতাৰাণী দাস, কমলা থাপা সোণাৰ, সানি ভট্টাচাৰ্য, সূৰয কুমাৰ নাথ, বিভাস মণ্ডল, সাহনাজ হুছেইন মাঝাৰ ভূঞাই ৷ ইয়াৰ পাছতে অসম গ্ৰন্থমেলা, শিলচৰৰ আজি তৃতীয় দিনৰ সাংস্কৃতিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে উদাৰবন্দ শিক্ষা সদন, নৰচিং হায়াৰ ছেকেণ্ডাৰী আৰু এক্সিছ গ্ল’বেল স্কুল, কালাইনে ৷
