অসম গ্ৰন্থমেলাত “সৰ্বগুণাকৰ” উন্মোচন

অসম গ্ৰন্থমেলাত “সৰ্বগুণাকৰ” উন্মোচন
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাজীৱনৰ আধাৰত ৰচিত গ্ৰন্থৰ অসমীয়া ভাঙনি
শ্ৰীমন্তশঙ্কৰদেৱৰ গভীৰ আত্মদৰ্শন অসমীয়া জাতিৰো দৰ্শনঃ ড° পীতাম্বৰ দেৱগোস্বামী
মহাপুৰুষ শংকৰদেৱ সমাজৰ ভাস্কৰ্যবিদঃ অনুৰাধা শৰ্মা পূজাৰী
“Saint Saviour Soul Society”গুৰুজনাক জগতসভালৈ নিয়াৰ সুন্দৰ আয়োজনঃ ড° সমুদ্ৰগুপ্ত কাশ্যপ

ৰঙিলী বাৰ্ত্তাসেৱা- গ্ৰন্থৰ বতৰত পঢ়ুৱৈৰ বাবে শুভসংবাদ কঢ়িয়াই খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আয়োজিত অসম গ্ৰন্থমেলাত উন্মোচিত হয় পঢ়ুৱৈ সমাজৰ বহু প্ৰতীক্ষিত গ্ৰন্থ “সৰ্বগুণাকৰ” ৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মহাজীৱনৰ আধাৰত বিশিষ্ট সাহিত্যিক, পদ্মশ্ৰী অৰূপ কুমাৰ দত্তই ৰচনা কৰা “Saint Saviour Soul Society” শীৰ্ষক কিতাপৰ বন্দিতা ফুকনে কৰা অসমীয়া অনুবাদৰ এই সংস্কৰণ উন্মোচন কৰে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ, বিশিষ্ট লেখক-গৱেষক ড° পীতাম্বৰ দেৱগোস্বামীয়ে ৷ আউনীআটী বিশ্ববিদ্যালয়ৰো আচাৰ্য ড° দেৱগোস্বামীয়ে ভাষণত কয়— “আজিৰ এই দিনটো পবিত্ৰ দিন বুলি অনুভৱ কৰিছোঁ ৷ মহাপুৰুষ গুৰুজনা শ্ৰীমন্তশঙ্কৰদেৱৰ মহাজীৱনক কেন্দ্ৰ কৰি ৰচনা কৰা “সৰ্বগুণাকৰ” গ্ৰন্থখন ইয়াত উন্মোচন কৰা হৈছে ৷ এয়া সচাকৈয়ে বিৰল মূহুৰ্ত বুলি বিবেচনা কৰিছোঁ ৷ মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ জীৱন এখন মহাসমূদ্ৰৰ দৰে ৷ সেই মহাসমুদ্ৰক এখন গ্ৰন্থত সামৰি লোৱাটো অতিশয় কষ্টসাধ্যকৰ কাম ৷ এই কাম কৰি অসমীয়া জাতিলৈ অতুলনীয় বৰঙনি আগবঢ়ালে অৰূপ কুমাৰ দত্ত আৰু বন্দিতা ফুকনে ৷” তেওঁ লগতে কয় যে শ্ৰীমন্তশঙ্কৰদেৱৰ গভীৰ আত্মদৰ্শন অসমীয়া জাতিৰো দৰ্শন ৷ এনে এগৰাকী সন্ত, মহাপুৰুষ পৃথিৱীতে নাই যিয়ে আধ্যাত্মিকতা, কলা, শিল্প, নাটক, চিত্ৰ, ক্ৰীড়া , অৰ্থনীতি প্ৰতিক্ষেত্ৰৰে বিশেষজ্ঞ ৷ মহাপুৰুষ জনাই মূলতঃ এইসকলো কাম সাধাৰণ মানুহৰ বাব কৰিছিল ৷ তেওঁৰ দৰ্শন হৈছে —“কুকুৰ শৃগাল গৰ্দভৰো আত্মাৰাম” অৰ্থাৎ সকলো জীৱন সমান ৷ এই দৰ্শনৰ আধাৰতে মহাপুৰুষ জনাই মানুহৰ বাবে সৰ্বোত্তম কাম কৰি নিজকে “সৰ্বগুণাকৰ”ৰ পৰ্যায়লৈ উত্তৰিত কৰিছিল ৷ কাহিনী-কথন শৈলীৰে ৰচনা কৰা এই গ্ৰন্থখনে গুৰুজনাক জানিবলৈ, বুজিবলৈ আৰু তেওঁৰ দৰ্শনক সকলোৱে আকোঁৱালি ল’ব পৰাকৈ নতুন দুৱাৰ মুকলি কৰিব ৷ ইায়াত বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰি সাহিত্য অকাদেমি বঁটা প্ৰাপক কথা-শিল্পী অনুৰাধা শৰ্মা পূজাৰীয়ে কয় যে পৰম্পৰাগতভাৱে মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ বিষয়ে অসমৰ সকলোৱে বহু কথা জানে ৷ কিন্তু গুৰুজনাক এগৰাকী সূত্ৰধাৰৰ দৰে নতুকৈ চোৱাৰ কৌশলে এই গ্ৰন্থখনক বিশিষ্ট কৰিছে ৷ নাটকৰ সূত্ৰধাৰৰ সূচনাৰ কথা ওলালে সকলোৱে বাৰ্টল্ট্ ব্ৰেইখ্‌টৰ কথা কয় ৷ কিন্তু ব্ৰেইখ্‌টৰ বহু শতিকা পূৰ্বে শ্ৰীমন্তশঙ্কৰদেৱে সূত্ৰধাৰক উলিয়াই আনিছিল ৷ এয়াই শংকৰদেৱৰ সৰ্বোত্তম প্ৰতিভা ৷ তেওঁ দৰাচলতে সমাজখনৰ ভাস্কৰ্যবিদ ৷ এই গ্ৰন্থখনৰ জৰিয়তে আধুনিক শংকৰদেৱক আৱিষ্কাৰ কৰিব পাৰিব নতুন প্ৰজন্মই ৷ আচলতে তেঁৱেই আধুনিক যাৰ সৰ্বকালৰ গ্ৰহণযোগ্যতা থাকে ৷ সভাখনত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে “দৈনিক জনমভূমি” কাকতৰ সম্পাদক, বিশিষ্ট সাংবাদিক সঞ্জীৱ ফুকনে ৷ তেওঁ ভাষণত কয় যে আজিৰ অনুষ্ঠানটো মণিকাঞ্চন সংযোগৰ অন্য এক ৰূপ ৷ কাৰণ ইয়াত ইংৰাজী ভাষাত ৰচনা কৰা গ্ৰন্থখনৰ অসমীয়া অনুবাদ প্ৰকাশ হৈছে ৷ বিশ্বভাষা আৰু অসমীয়া ভাষাত মহাপুৰুষ শ্ৰীমন্তশংকৰদেৱৰ মহাজীৱনৰ কাহিনী কোৱা হৈছে ৷ অৰূপ কুমাৰ দত্ত আৰু বন্দিতা ফুকন দুয়োগৰাকী বশিষ্ট গ্ৰন্থকাৰৰো “সৰ্বগুণাকৰ” পুথিখনৰ জৰিয়তে মণিকাঞ্চন সংযোগ ঘটিল ৷ মহাপুৰুষ শংকৰদেৱে শ্বেইকছপীয়েৰৰো আগতে অসমভূমিত জন্মগ্ৰহণ কৰিছিল ৷ কিন্তু আমাৰ দুৰ্ভাগ্য যে মহাপুৰুষজনাক আমি সেই পৰ্যায়লৈ নিব নোৱাৰিলোঁ ৷ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই শংকৰদেৱ চৰ্চা কৰাৰ পাছতহে গুৰুজনাক নতুনকৈ চাবলৈ আৰম্ভ কৰিছিল অসমীয়া মানুহে ৷ শেহতীয়াকৈ অৰূপ কুমাৰ দত্তই ‘Saint Saviour Soul Society” গ্ৰন্থ ইংৰাজীত ৰচনা কৰি শংকৰদেৱ চৰ্চাক নতুন মাত্ৰা প্ৰদান কৰিলে ৷ বন্দিতা ফুকনেও এই গ্ৰন্থৰ অসমীয়া অনুবাদ কৰি মহৎ কাম কৰিলে ৷ আন এগৰাকী বিশিষ্ট অতিথি, “দৈনিক অসম” কাকতৰ সম্পাদক, শিক্ষাবিদ ড° হিতেশ ডেকাই এইদৰে কয়—“ জীৱন বৰ চমু ৷ চমু সময়ৰ মাজতে আমি ইতিবাচক কাম কৰিব লাগিব ৷ নৱ প্ৰজন্ম যাতে মাতৃভাষাৰ প্ৰতি আকৃষ্ট হ’ব পাৰে সেই পৰিৱেশ আমিয়ে গঢ়ি তুলিব লাগিব ৷ মাতৃভাষা মাতৃদুগ্ধ সম ৷ এই কথা অভিভাৱকসকলে বুজিব লাগিব ৷ অৰূপ কুমাৰ দত্ত, বন্দিতা ফুকন কোন, তেওঁলোকে কি লিখিছে সেয়া আমাৰ নতুন প্ৰজন্মই জানিব লাগিব ৷ নহ’লে ধ্ৰুপদী ভাষাৰ মৰ্যাদা বাতৰি কাকতৰ শিৰোনামৰ বাহিৰে আন একো নহব ৷” গ্ৰন্থখনৰ অনুবাদক, বিশিষ্ট সাহিত্যিক বন্দিতা ফুকনে কয় যে বহু কিতাপ লিখিলোঁ ৷ অনুবাদো কৰিলোঁ ৷ কিন্তু এই গ্ৰন্থ অনুবাদ কৰাৰ অভিজ্ঞতা আৰু আনন্দ সুকীয়া ৷ অৰূপ কুমাৰ দত্ত এগৰাকী প্ৰাজ্ঞ আৰু কৌশলী লেখক ৷ তেওঁৰ ইংৰাজী ভাষাৰ প্ৰয়োগ চমকপ্ৰদ ৷ মহাপুৰুষ শংকৰদেৱৰ মহাজীৱনক যি সুন্দৰ শৈলীৰে বৰ্ণনা কৰিছে সেয়া অসমীয়ালৈ ভাঙনি কৰাৰ কঠিন কাম মোৰ বাবে আনন্দদায়ক অভিজ্ঞতা হৈ ৰ’ব ৷ সভাখনত পৌৰহিত্য কৰে নগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য, বিশিষ্ট সাংবাদিক ড° সমুদ্ৰগুপ্ত কাশ্যপে ৷ তেওঁ ভাষণত কয় যে শ্ৰীমন্তশঙ্কৰদেৱ গুৰুজনাক কেন্দ্ৰ কৰি ইংৰাজীত আগতেও বহু কিতাপ ওলাইছে ৷ তিনিশৰো অধিক গৱেষণা পত্ৰ আছে শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে ৷ কিন্তু অৰূপ কুমাৰ দত্তই ৰচনা কৰা “Saint Saviuor Soul Society” গ্ৰন্থই অন্যৰূপত গুৰুজনাক জগতসভালৈ নিব ৷ বন্দিতা ফুকনে এই গ্ৰন্থৰ অসমীয়া ভাঙনিৰে অসমীয়া পাঠককো এই যাত্ৰাৰ অংশীদাৰ হোৱাৰ সুযোগ দিলে ৷ “Saint Saviuor Soul Society” গ্ৰন্থৰ লেখক অৰূপ কুমাৰ দত্তৰ লগতে ৰাজ্যখনৰ ভালেসংখ্যক গৱেষক-পণ্ডিত, সাহিত্যিকে সভাখনত অংশগ্ৰহণ কৰে ৷
গ্ৰন্থখন প্ৰকাশ কৰিছে ৰাজ্যখনৰ আগশাৰীৰ প্ৰকাশন গোষ্ঠী “অসম বুক হাইভ”-এ ৷ অসম গ্ৰন্থমেলা, গুৱাহাটীৰ শশী ফুকন সোঁৱৰণী প্ৰেক্ষাগৃহত উন্মোচন হোৱা গ্ৰন্থখনৰ দাম হৈছে ৩৬০ টকা ৷