অসম গ্ৰন্থমেলাত নতুন গ্ৰন্থ সম্ভাৰ
ৰঙিলী বাৰ্ত্তাসেৱা- এইবেলি অসম প্ৰকাশন পৰিষদে ৩৮খন নতুন গ্ৰন্থ প্ৰকাশৰ লগতে ৫২খন আপুৰুগীয়া গ্ৰন্থ পুনৰ মুদ্ৰণ কৰিছে ৷ মুঠতে ৯০খন গুৰত্বপূৰ্ণ গ্ৰন্থ প্ৰকাশ কৰিছে পৰিষদে৷ এই ন-পুৰণি গ্ৰন্থসমূহ পঢ়ুৱৈ সমাজে আদৰি লোৱা বুলি পৰিষদৰ তৰফৰ পৰা জনাইছে ৷ ইপিনে সৰস্বতী প্ৰিন্টাৰ্ছ এণ্ড প্ৰাইভেট লিমিটেডে প্ৰকাশ কৰা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ “মুখ্যমন্ত্ৰীৰ ডায়েৰী-১” পঢ়ুৱৈৰ মাজত বহুল চৰ্চিত হৈছে ৷ জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীৰ গ্ৰন্থখন সকলো বয়সৰ পাঠকে বিচৰা বুলি জনাইছে সৰস্বতী প্ৰিন্টাৰ্ছে ৷ অসম গ্ৰন্থমেলা, গুৱাহাটীত উপলব্ধ হৈছে আন আন প্ৰকাশন গোষ্ঠীৰো নতুন নতুন গ্ৰন্থ ৷ কালি গ্ৰন্থমেলাৰ “আৱাহন” প্ৰেক্ষাগৃহত বিশিষ্ট সাহিত্যিক-সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীয়ে উন্মোচন কৰে ডি.ভি.এছ. প্ৰকাশনে ছপা কৰা আৰু প্ৰদীপ কুমাৰ ভূঞা-সঞ্জয় উপাধ্যায়ে ৰচনা কৰা গ্ৰন্থ “দ্য লিভিং ৰিভাৰ” ৷ গ্ৰন্থখন নদীবান্ধৰ বিষয়ে ৰচনা কৰা এখন গৱেষণামূলক গ্ৰন্থ ৷ একেটা প্ৰকাশনে ছপা কৰা ড°সূৰ্য কুমাৰ ভূঞাৰ কৰ্মৰাজীৰ বিষয়ে বন্তি ভূঞাৰ “ৰিফ্লেক্সন অন ফিলচ’ফী লিটাৰাচাৰ হিষ্ট্ৰী” কিতাপখনো একেখন সভাতে উন্মোচন কৰে শৰ্মা পূজাৰীয়ে ৷ “অসম পাব্লিচিং কোম্পানী”য়ে প্ৰকাশ কৰা তিনিখন বিশ্ববিখ্যাত গ্ৰন্থৰ অসমীয়া অনুবাদ সংস্কৰণো পাঠকৰ মাজত চৰ্চিত হৈছে ৷ গ্ৰন্থকেইখন হৈছে “বেষ্ট অৱ বুকাৰ/বুকাৰ অৱ বুকাৰছ” পুৰষ্কাৰেৰে সন্মানিত ছালমান ৰুশ্বডিৰ “মিডনাইটছ চিলড্ৰেন”ৰ প্ৰশান্ত দত্তই কৰা অসমীয়া অনুবাদ সংস্কৰণ , ন’বেল বঁটা প্ৰাপ্ত অৰ্থনীতিবিদ অমৰ্ত্য সেনৰ “তৰ্কপ্ৰিয় ভাৰতীয়”ৰ ড° হেমন্ত ডেকাই কৰা অসমীয়া অনুবাদ সংস্কৰণ আৰু শচীন তেণ্ডুলকাৰৰ আত্মজীৱনী “প্লেয়িং ইট মাই ৱে”ৰ “শচীন তেণ্ডুলকাৰঃ সপোনৰ পম খেদি” শিৰোনামেৰে বৰীয়া মজুমদাৰৰ সৈতে অশ্বিনী বেজবৰুৱাই কৰা অসমীয়া অনুবাদ সংস্কৰণ ৷তদুপৰি ,অসম বুক ট্ৰাষ্টে প্ৰকাশ কৰা অনুৰাধা শৰ্মা পূজাৰী-প্ৰীতিৰেখা ভূঞা সম্পাদিত “সাংবাদিকৰ গল্প”, পাঞ্চজন্য বুক্চে প্ৰকাশ কৰা গীতালি বৰাৰ “ডিডাওলা মৰমৰ ডিডাওলা ”, আঁক-বাকে প্ৰকাশ কৰা গীতালি বৰাৰ “পথিক মেঘৰ মাত শুনি”, ষ্টুডেণ্ট হউচে প্ৰকাশ কৰা জিন্তু গীতাৰ্থৰ “সিহঁতৰ পৃথিৱী” ,“ নিৰ্বাচিত অসমীয়া কুইয়ৰ গল্প” আদি পঢ়ুৱৈৰ মাজত আলোচিত হৈছে ৷