অসম গ্ৰন্থমেলাত অনুবাদ আৰু সাহিত্যৰ সমৃদ্ধি

Pc Ukhrul Times

অসম গ্ৰন্থমেলাত অনুবাদ আৰু সাহিত্যৰ সমৃদ্ধি

ৰঙিলী বাৰ্ত্তাসেৱা- বিয়লি ৩ বজাত গ্ৰন্থমেলাৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় “অনুবাদ আৰু সাহিত্যৰ সমৃদ্ধি” শীৰ্ষক আন এখন আলোচনা সত্ৰ ৷ বিশিষ্ট কথা-শিল্পী কুল শইকীয়াই আলোচনা সত্ৰখন উদ্বোধন কৰি কয় যে অনুবাদ হৈছে দুটা ভাষাৰ মাজৰ এখন সেতু ৷ সমান্তৰালভাৱে অনুবাদে অন্য এটা ভাষাৰ আৱেগ অুভূতিকো আন এটা ভাষালৈ কঢ়িয়াই নিয়ে ৷ কেৱল শব্দৰ প্ৰত্যক্ষ অনুবাদৰ সলনি গ্ৰহণযোগ্য অভিযোজনাই সাহিত্যক অধিক ৰসগ্ৰাহী কৰিব পাৰে ৷ অনুবাদৰ জৰিয়তে এখন সমাজৰ জীৱনশৈলী আন এখন সমাজে বুজিব বা প্ৰত্যক্ষ কৰিব পাৰে ৷ ইয়াৰ জৰিয়তে সাহিত্যৰ বিশ্বজনীন সমৃদ্ধি হয় ৷ আলোচনা সত্ৰখন সঞ্চালনা কৰি ডাঃ ছাইদুল ইছলামে কয় যে অসম প্ৰকাশন পৰিষদে অনুবাদ কৰ্মক লৈ আয়োজন এই আলোচনা সত্ৰ অতি গুৰুত্বপূৰ্ণ ৷ অনুবাদ সাহিত্যই আমাক বিশ্ব দৰ্শন কৰায় আৰু আমাৰ সাহিত্যক বিশ্বমুখী কৰে ৷ইয়াত আলোচক অতিথিৰূপে অংশগ্ৰহণ কৰে বিশিষ্ট অনুবাদক ড° পৰী হিলৈদাৰীয়ে ৷ তেওঁ কয়–“আনুবাদকৰ্ম বৰ সুক্ষ্ম কলা ৷ বৰ্তমান যুগত অনুবাদ এটা ভাষাৰ পৰা আন এটা ভাষালৈ কৰা ভাষান্তৰ মাত্ৰ হৈ থকা নাই ৷ এখন উপন্যাস চিনেমালৈ কৰা ৰূপান্তৰো অনুবাদ হ’ব পাৰে ৷ অনুবাদৰ জৰিয়তে অন্য ভাষাৰ এখন সমাজক নিজৰ দৃষ্টিৰে চাব পাৰিব লাগিব ৷গল্প-কবিতা বা উপন্যাসৰ চৰিত্ৰসমূহক নিজৰ সমাজৰ সৈতে খাপ খোৱাকৈ গঢ়ি তুলিব পাৰিলে অনুবাদ কৰ্মই সফলতা অৰ্জন কৰিব ৷ বিশিষ্ট অনুবাদক নীৰেণ ঠাকুৰীয়ায়ো আলোচনা সত্ৰখনত আলোচক অতিথিৰূপে অংশ লয় ৷ তেওঁ কয়—” অনুবাদ নহ’লে সাহিত্যৰ সমৃদ্ধি হ’ব নোৱাৰে ৷ খীষ্টপূৰ্ব ২৮৫ ত গ্ৰীকসকলে “Old testament” অনুবাদ কৰিছিল ৷ সদায় মূল ভাষাৰ পৰাই অনুবাদ হ’ব লাগিব বুলি কোনো কথা নাই ৷ বহুমাত্ৰিক উৎসৰ পৰাও অনুবাদ কৰিব পাৰি ৷ তেতিয়া আমি অন্য ভাষাৰ সাহিত্যৰে সমৃদ্ধ হ’ব পাৰিম ৷”আন এগৰাকী আলোচক ইন্দ্ৰানী লস্কৰে কয় যে অনুবাদৰ জৰিয়তে আমি সাহিত্যৰ লগতে বিভিন্ন দেশৰ সমাজ-সংস্কৃতি,ধৰ্ম-পৰম্পৰাৰ বিষয়ে জানিব পাৰো ৷ এখন দেশক আন এখন দেশে অনুবাদৰ জৰিয়তে আৱিষ্কাৰ কৰে ৷ অনুবাদ ব্যৱস্থা নাথাকিলে আমি পৃথিৱীখন ভালদৰে দেখাৰ সুযোগ নাপাম ৷একেদৰে বিশিষ্ট অনুবাদক, আলোচক অতিথি বিপুল দেউৰীয়ে কয়—“ অনুবাদ মোৰ বাবে এক নিচাৰ দৰে ।পৃথিৱীত বিভিন্ন ভাষাত বিভিন্ন কথা চৰ্চা হৈ আছে যিবোৰ হয়তো আমাৰ সাহিত্যলৈ এতিয়াও অহাই নাই৷ অনুবাদেই আমাক তেনে নতুন পৰীক্ষা নীৰিক্ষাৰ লগত পৰিচয় কৰাই দিয়ে৷ সেইদৰে অনুবাদে আমাৰ সংস্কৃতিকো আনৰ সমুখত পৰিচয় কৰাই দিয়াত সহায়কৰে৷ অনুবাদকসকলে অনূদিত ভাষাটোৰ সাংস্কৃতিক পাৰিপাৰ্শ্বিকতা আৰু গুৰুত্ব বুজি পোৱাটো খুব জৰুৰী৷ সৃষ্টিশীল কৰ্মৰ অনুবাদৰ ক্ষেত্ৰত অনুবাদকগৰাকীও সৃষ্টিশীল হোৱা দৰকাৰ।” ইয়াত আলোচকৰূপে অংশ লোৱা অনুবাদক ড° মানৱেন্দ্ৰ শৰ্মাৰ মতে —“ অনুবাদ কৰিবৰ বাবে একধৰণৰ গৱেষণা কৰি লোৱাটো জৰুৰী৷ অনুবাদে নতুন লেখক সৃষ্টিতো সহায় কৰে ।” ৰাধা গোবিন্দ বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে আলোচনা সত্ৰখন পৰিচালনাত সহযোগিতা আগ বঢ়ায় ৷সন্ধিয়া গ্ৰন্থমেলাৰ মূল মঞ্চত অনুষ্ঠিত হয় এলানি মনপৰশা সাংস্কৃতিক কাৰ্যসূচী৷