অসম গ্ৰন্থমেলাক লৈ উৎসাহিত শিলচৰৰ বৌদ্ধিক সমাজ

অসম গ্ৰন্থমেলাক লৈ উৎসাহিত শিলচৰৰ বৌদ্ধিক সমাজ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম গ্ৰন্থমেলাক লৈ উৎসাহিত হৈ পৰিছে শিলচৰৰ বৌদ্ধিক সমাজ ৷ বৌদ্ধিক সমাজৰ এনে ইতিবাচক সঁহাৰিয়ে আশাবাদী কৰি তুলিছে লেখক-প্ৰকাশক তথা গ্ৰন্থ বিক্ৰেতাসকলক ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই শিলচৰ পুলিচ পেৰেড গ্ৰাউণ্ডত আয়োজন কৰা দহদিনীয়া অসম গ্ৰন্থমেলাত আজি বিয়লি ৩ বজাত অনুষ্ঠিত হয় লেখক-পাঠক সমাৰোহ ৷ সাহিত্যিক পেঞ্চন প্ৰাপক লেখক সমৰ বিজয় চক্ৰৱৰ্তীয়ে এই সমাৰোহ উদ্বোধন কৰি কয় যে লেখক-পাঠকৰ সমাৰোহ এক অনন্য অনুষ্ঠান ৷ ইয়াত লেখকে প্ৰত্যক্ষভাৱে পাঠকৰ মনৰ কথাৰ উমান ল’ব পাৰে ৷ ইয়াৰ ফলত লেখাৰ মান উন্নত কৰাৰ বাবে নতুন চিন্তাৰ উন্মেষ ঘটিব ৷ পাঠকেও ইয়াত লেখকৰ সৃষ্টিৰ আঁৰৰ বিভিন্ন দিশ উদঘাটন কৰাৰ সুযোগ লাভ কৰে ৷ পাঠকৰ বাবে এয়া হ’ব পাৰে বিৰল অভিজ্ঞতা ৷ লেখক-পাঠক সমাৰোহ সঞ্চালনা কৰে জনপ্ৰিয় স্তম্ভ লেখক সংহিতা দত্ত চৌধুৰীয়ে ৷ তেওঁ কয়—“কোনোবা কোনোবাহে লেখক ৷ কিন্তু সকলোৱে পাঠক ৷ লেখকসকলো পাঠক ৷ গতিকে পাঠকক ওচৰৰ পৰা পোৱাটো লেখকৰ বাবে অতি গুৰুত্বপূৰ্ণ ৷ অসম গ্ৰন্থমেলাত আয়োজিত লেখক-পাঠক সমাৰোহে উভয় পক্ষকে মুখামুখি হোৱাৰ আৰু মত বিনিময় কৰাৰ সুযোগ প্ৰদান কৰিছে ৷ ইয়াৰ জৰিয়তে প্ৰিয় লেখকক লগ পোৱাৰ বাবে পাঠকৰ মনত যি স্বাভাৱিক হেঁপাহ থাকে সেয়া পৰিপূৰ্ণ হয় ৷ লেখকেও পাঠকৰ পৰা নিজৰ সৃষ্টিৰ বিষয়ে জানিব পাৰে ৷ এক অৰ্থত এই সমাৰোহ গ্ৰন্থমেলাৰ এক অভিনৱ সংযোজন ৷” কবি-সাংবাদিক নৱজ্যোতি পাঠকে আঁত ধৰা অনুষ্ঠানটিত অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে জয়া দেব, ড° শিশিৰ বিশ্বাস, ড° হিমাশিস ভট্টাচাৰ্য, সুব্ৰত দাস, আশুতোষ দাস, অসিত চক্ৰৱৰ্তী, তাপস পাল, ড° দুৰ্বা দেব, শতদল আচাৰ্য, ড° বৰুণজ্যোতি চৌধুৰী, নাৰায়ণ মোদক, ড° আলাউদ্দিন মণ্ডল , ৰূপৰাজ ভট্টাচাৰ্য , ড° বিষ্ণু চন্দ্ৰ দে’ আৰু হেমন্ত বৰাই ৷ সন্ধিয়া প্ৰবোধ দাসৰ পৰিচালনাত অনুষ্ঠিত হয় সাংস্কৃতিক প্ৰতিযোগিতা ৷উল্লেখ্য যে অসম গ্ৰন্থমেলা, শিলচৰতো এহেজাৰ টকাৰ গ্ৰন্থ ক্ৰয় কৰা সকলক ১ লাখ টকাৰ নগদ ধনৰ পুৰস্কাৰৰ বাবে কুপন দিয়াৰ ব্যৱস্থা কৰা হৈছে ৷গ্ৰন্থমেলাৰ অন্তিম দিনা অৰ্থাত অহা ১০ ডিচেম্বৰত লটাৰীৰ জৰিয়তে এই পুৰস্কাৰ প্ৰদান কৰা হ’ব ৷ নোমল মাহাত্তাৰ অনূদিত কাব্য গ্ৰন্থ “থামেনা মাদলেৰ বোল” উন্মোচিত বিয়লি ২ বজাত অসম গ্ৰন্থমেলা, শিলচৰত উন্মোচিত হয় কাছাৰ জিলাৰ আৰক্ষী অধীক্ষক, বিশিষ্ট কবি-সমালোচক নোমল মহাত্তাৰ কবিতাৰ বাংলা ভাষালৈ অনূদিত গ্ৰন্থ “থামে না মাদলেৰ বোল” ৷ শীৰ্ষক গ্ৰন্থখন অনুবাদ কৰিছে লেখক-সাংবাদিক গৌতম তালুকদাৰে ৷গ্ৰন্থমেলাৰ অস্থায়ী প্ৰেক্ষাগৃহত গ্ৰন্থখন উন্মোচন কৰে বিশিষ্ট সাহিত্যিক-সমালোচক , অৱসৰপ্ৰাপ্ত অধ্যাপক ড° অমলেন্দু ভট্টাচাৰ্যই ৷ উন্মোচনী সভাত সন্মানীয় অতিথিৰ আসন শুৱনি কৰে দৈনিক বাৰ্তালিপিৰ সম্পাদক অৰিজিৎ আদিত্যই ৷ সভাখনত অংশগ্ৰহণ কৰে উন্মোচিত কাব্য পুথিৰ অনুবাদক গৌতম তালুকদাৰ , প্ৰকাশ আলোচনীৰ সম্পাদক মিহিৰ দেউৰী , বিউটি গগৈয়ে ৷ উন্মোচক ড° অমলেন্দু ভট্টাচাৰ্য আৰু কবি নোমল মাহাত্তাই সাৰগৰ্ভ ভাষণেৰে সকলোকে আপ্লুত কৰে ৷