অসম গ্ৰন্থমেলাঃ শিৱসাগৰত সফল সামৰণি, নলবাৰীত শুভাৰম্ভ

অসম গ্ৰন্থমেলাঃ শিৱসাগৰত সফল সামৰণি, নলবাৰীত শুভাৰম্ভ

ৰঙিলী বাৰ্ত্তাসেৱা-  এলানি গুৰুত্বপূৰ্ণ আলোচনা সত্ৰ, সাহিত্য-সাংস্কৃতিৰ বৰ্ণিল কাৰ্যসূচী ৰূপায়ণৰ লগতে গ্ৰন্থৰ বিমল সুবাস বিয়পাই সফল সামৰণি পৰিল অসম গ্ৰন্থমেলা, শিৱসাগৰৰ ৷ যোৱা ১৭ নৱেম্বৰৰ পৰা দহদিনীয়াকৈ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই ইয়াৰ ঐতিহ্যমণ্ডিত ব’ৰ্ডিং খেলপথাৰত যৌথভাৱে অনুষ্ঠিত কৰা গ্ৰন্থমেলাৰ আজি সামৰণী সভাৰ আয়োজন কৰা হয় ৷ ইয়াত সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰে বিশিষ্ট সাহিত্যিক, বিজ্ঞানী ড° দীনেশ চন্দ্ৰ গোস্বামীয়ে ৷ তেওঁ ভাষণত কয়—“ গ্ৰন্থ নপঢ়িলে সুসভ্য জাতি এটা গঢ় দিব নোৱাৰি ৷ স্ক্ৰীণ চোৱা আৰু তথ্য আহৰণ কৰা মানেই পঢ়া বুলিব নোৱাৰি ৷ গ্ৰন্থ পঠনে মানুহৰ হৃদয়ানুভূতি সুন্দৰ কৰি ৰাখে , নতুন চিন্তাৰ উন্মেষ ঘটায় আৰু সৃজনী শক্তিৰে সমৃদ্ধ কৰে ৷ গতিকে গ্ৰন্থ পঢ়াটো মানুহৰ জীৱনৰ এক দৈনন্দিন কাৰ্যসূচী হ’লে সমাজৰ মংগল ৷ বিশেষকৈ শিশুসকলক গ্ৰন্থৰ প্ৰতি আকৃষ্ট কৰাটো আমি সকলোৱে দায়িত্ব বুলি গ্ৰহণ কৰা উচিত ৷ কিতাপে মানুহৰ আৱেগক সৎ কৰি ৰাখে ৷ কিতাপ পঢ়িলে মানুহৰ শব্দ ভাণ্ডাৰ বৃদ্ধি হয় , ভাষা-সাহিত্যৰ উন্নতি হয় আৰু মানুহ পৰিশীলিত হয় ৷ তিনি মাহৰ পৰাই শিশুৱে বুজিবলৈ আৰম্ভ কৰে ৷ কিছুমান দেশত সেয়েহে তিনিমহীয়া শিশুৰ বাবেও গ্ৰন্থ ওলাইছে ৷ এয়া বিজ্ঞানসন্মত ৷ আমাৰ সমাজেও এইবোৰ কথা ভাবিবৰ হ’ল ৷ কিতাপ পঢ়াৰ কৰ্মশালা অনুষ্ঠিত কৰাৰ প্ৰয়োজন আছে ৷ভিন্ন প্ৰান্তত গ্ৰন্থমেলা অনুষ্ঠিত হোৱাটো শুভ লক্ষণ ৷ ইয়াৰ পৰাই এইক্ষেত্ৰত নতুন দিগন্ত উন্মোচিত হ’ব পাৰে ৷” সভাখনত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তড়েণ বড়োৱে ৷ তেওঁ কয় যে গ্ৰন্থমেলা এক সামূহিক বৌদ্ধিক যাত্ৰা ৷ ৰাজ্যখনৰ ভিন্ন প্ৰান্তত অসম গ্ৰন্থমেলা অনুষ্ঠিত কৰি প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই এই আন্দোলনক তৰান্বিত কৰিছে ৷ বিজ্ঞান-প্ৰযুক্তিৰ যিমানে উত্তৰণ নঘটক কিয়, জ্ঞানাৰ্জনৰ বাবে গ্ৰন্থ অধ্যয়নেই উত্তম উপায় ৷ গ্ৰন্থ অবিহনে এটা সুসভ্য জাতিৰ কথা কল্পনা কৰিব নোৱাৰি ৷নতুন প্ৰজন্মই কিতাপৰ স’তে বন্ধুত্ব পতাৰ অনুশীলন কৰা উচিত ৷ কিতাপতকৈ ভাল বন্ধু আন কোনো হ’ব নোৱাৰে ৷ আধ্যাত্মিক জ্ঞানৰ অভাৱে মানুহৰ চিন্তাত আউল লগায় ৷ নতুন ল’ৰা-ছোৱালীবোৰে এই বিষয়ত অধ্যয়ন কৰাটো অতি প্ৰয়োজনীয় ৷ আমাৰ মাজত অধ্যয়ন সংস্কৃতি জাগ্ৰত কৰাৰ বাবে গ্ৰন্থমেলাৰ আয়োজন এক সুন্দৰ পদক্ষেপ ৷ আন এগৰাকী বিশিষ্ট অতথি, ভাষা উপদেষ্টা পৰিষদ, অসমীয়া, সাহিত্য অকাদেমিৰ আহ্বায়ক দিগন্ত বিশ্ব শৰ্মাই ভাষণত কয়—“ গ্ৰন্থমেলাই অসমত এক বৌদ্ধিক আন্দোলনৰ সৃষ্টি কৰিছে ৷ এয়া সমাজ-জীৱনৰ বাবে শুভসংবাদ ৷” তেওঁ ভাষণ প্ৰসংগত কয় যে কোনো এখন দেশক বিধ্বস্ত কৰিবলৈ হ’লে শৈক্ষিক, পাৰিবাৰিক আৰু সাংস্কৃতিক ঐতিহ্যত কুঠাৰঘাত কৰিলেই হ’ল ৷ এনে ষড়যন্ত্ৰই বহু দেশ ধ্বংস কৰিছে ৷ কিন্তু ভাৰতবৰ্ষৰ ঐতিহ্য এতিয়াও অক্ষুণ্ণ আছে ৷ তথাপি ৱেব চিৰিজ , টি ভি ছিৰিয়েল আৰু বলিউদে ভাৰতৰ এই ঐতিহ্য ধ্বংস কৰিবলৈ ষড়যন্ত্ৰ চলাইছে ৷ ইয়াৰ বিৰুদ্ধে আমি শক্তিশালীৰূপত থিয় দিব লাগিব ৷সাহিত্যই প্ৰমূল্য হেৰুৱাইছে নেকি ? সনাতন চিন্তাৰ পৰা সাহিত্য বিছিন্ন হৈছে নেকি ? এই কথাও আমি চিন্তা কৰিবৰ হ’ল ৷ পশ্চিম পৰা আমাদানি কৰা উত্তৰাধুনিক দৰ্শন অতি ভয়ানক, আসুৰিক ৷ সেয়ে আমি আমাৰ সাহিত্যৰ ঐতিহাসিক ভূমিকা বুজি পাব লাগিব ৷ বৈদিক সাহিত্য , সংস্কৃত সাহিত্য আমাৰ ভেটি ৷ সাহিত্য জীৱন আৰু অন্তৰাত্মাৰ অভিব্যক্তি হ’ব লাগিব ৷ ৰামায়ণ-মহাভাৰতে এই কামেই কৰিছিল বাবে আজিও মহাকাব্য দুখন বহুল পঠিত , চৰ্চিত ৷ কিন্ত উত্তৰাধুনিক সাহিত্য পাঁচ হাজাৰ বছৰলৈ চলিবনে নাই এয়া প্ৰমাণিত হোৱা নাই ৷ সামৰণী অনুষ্ঠানত আদৰণী ভাষণ প্ৰদান কৰে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই ৷ তেওঁ দহ দিনত শিৱসাগৰত প্ৰায় ৪০ লাখ টকাৰ গ্ৰন্থ বিক্ৰী হোৱা বুলি সদৰী কৰি গ্ৰন্থমেলা সাফল্যমণ্ডিত কৰাৰ বাবে শিৱসাগৰবাসীক ধন্যবাদ জ্ঞাপন কৰে ৷ সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উপ সভাপতি বাহাৰুল ইছলাম চৌধুৰীয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ সভাৰ আৰম্ভণিতে বৃষ্টিপ্ৰিয়া গগৈয়ে এটি বৰগীত পৰিৱেশন কৰি সকলোৰে প্ৰশংসাৰ পাত্ৰ হয় ৷ ইপিনে গ্ৰন্থমেলাৰে সংগতি ৰাখি অনুষ্ঠিত কৰা সাংস্কৃতিক প্ৰতিযোগিতাৰ বঁটা-বিতৰণিও অনুষ্ঠিত হয় আজি ৷ সাংস্কৃতিক সম্পাদক প্ৰবোধ দাসে জনোৱা ফলাফল অনুসৰি প্ৰথম ডুন পাব্লিক চিনিয়’ৰ ছেকেণ্ডাৰী স্কুল, শিৱসাগৰ , দ্বিতীয় ফুলেশ্বৰী উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয় , শিৱসাগৰ, তৃতীয় দিল্লী পাব্লিক স্কুল , শিৱসাগৰ আৰু চতুৰ্থ স্থান লাভ কৰিছে বিদ্যা ভৱন, ডিমুৱালে ৷ ঐতিহাসিক ৰাস মহোৎসৱৰ সৈতে নলবাৰীত আৰম্ভ অসম গ্ৰন্থমেলা৷শিৱসাগৰত সফল সামৰণিৰ দিনাই নলবাৰীত শুভাৰম্ভ হৈছে অসম গ্ৰন্থমেলাৰ ৷ নলবাৰীৰ ঐতিহাসিক ৰাস মহোৎসৱৰে সংগতি ৰাখি অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই আয়োজন কৰা অসম গ্ৰন্থমেলা, নলবাৰী আজি উদ্বোধন কৰে অসম চৰকাৰৰ শিক্ষা বিভাগৰ উপদেষ্টা ড° ননীগোপাল মহন্তই ৷ কৃষ্ণ-সংস্কৃতিৰ চানেকী ৰাসৰ সৈতে একেলগে গ্ৰন্থোৎসৱ আয়োজন কৰাটো অভিনৱ কৰ্ম বুলি উল্লেখ কৰি ড° মহন্তই নলবাৰীত অসম গ্ৰন্থমেলা সাফল্যমণ্ডিত হোৱাৰ আশা প্ৰকাশ কৰে ৷ তেওঁ কয় যে গ্ৰন্থ হ’ল জ্ঞানৰ সঁফুৰা ৷ গতিকে গ্ৰন্থমেলা মানেই জ্ঞানোৎসৱ ৷ ৰাজ্যখনত এতিয়া প্ৰান্তে প্ৰান্তে গ্ৰন্থমেলা অনুষ্ঠিত হোৱাটো আমাৰ সমাজ-জীৱনৰ বাবে শুভসংবাদ ৷ ইয়াৰ ফলত ভাষা-সাহিত্য চৰ্চাৰ এক আস্থাশীল পৰিৱেশ গঢ়ি উঠিব বুলি আশা কৰিব পাৰি ৷ তেওঁ লগতে পবিত্ৰ ৰাসৰ চমু বিশ্লেষণ আগবঢ়াই কয় যে ৰাস হৈছে কৃষ্ণ ভক্তিৰ এক অনন্য নিদৰ্শন ৷ গোপীসকল কৃষ্ণৰ পৰম ভক্ত ৷ উল্লেখ্য যে ৰাসৰ সৈতে নলবাৰীত আৰম্ভ হোৱা ১১ দিনীয়া অসম গ্ৰন্থমেলাত অসম প্ৰকাশন পৰিষদকে প্ৰমুখ্য কৰি ৰাজ্যখনৰ আগশাৰীৰ কুৰিটা প্ৰকাশন গোষ্ঠী আৰু বিক্ৰেতা প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে ৷ মুঠ ৫০খন বিপণীৰে আজিৰ পৰা পুথিপ্ৰেমীৰ বাবে মুকলি হৈছে অসম গ্ৰন্থমেলা, নলবাৰী ৷