অসম গণ পৰিষদৰ সভা
১৪ অক্টোবৰত ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱস
ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ আমবাৰীস্থিত অসম গণ পৰিষদৰ উদ্যোগত অগপৰ মুখ্য কাৰ্যালয়ত এখন কাৰ্যকৰী সভা অনুষ্ঠিত হয়৷উক্ত সভাত সভাপতি অতুল বৰা, মন্ত্ৰী কেশৱ মহন্ত,সম্পাদক ডা° কমলা কান্ত কলিতা,সম্পাদক তথা পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতা,মন্ত্ৰী ফণীভূষণ চৌধুৰী,প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস,বিধায়ক পৃথ্বিৰাজ ৰাভা,পশু পালন বিভাগৰ অধ্যক্ষ মনোজ শইকীয়া,কৃষক পৰিষদৰ সভাপতি পৰেশ বৈশ্য,অপূৰ্ব কুমাৰ ভট্টাচাৰ্য,আমগুৰি সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকাকে আদি কৰি প্ৰায় ৩৫ জন মান উপস্হিত আছিল৷কাৰ্যকৰী সভাৰ পাছতে সভাপতি অতুল বৰাই সাংবাদিকৰ আগত সংবাদ মেল যোগে কয়-১৪ অক্টোবৰত ৪১ সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হ’ব৷সেই সন্দৰ্ভত ২৭ ছেপ্টেম্বৰৰ ভিতৰত সকলো কাম-কাজ ঠিক কৰা হ’ব৷খানাপাৰাৰত হ’বলগা NDA পঞ্চায়ত প্ৰতিনিধি সন্মিলনকলৈও আলোচনা কৰা হয়৷BTR নিৰ্বাচনৰ সন্দৰ্ভতও আলোচনা কৰা হৈছে৷BTR নিৰ্বাচনৰ কমিটীয়ে প্ৰতিবেদন দাখিল কৰিলে,দুই এদিনতেই লোৱা হ’ব সিদ্ধান্ত৷বিধান সভাকলৈ আলোচনা হোৱা নাই যদিও, দলীয় কৰ্মী সকলৰ উৎসাহ এইবাৰ যথেষ্ট পৰিমাণে দেখা গৈছে৷BJP ৰ সৈতে আলোচনা হ’ব সেই সন্দৰ্ভত৷ দলৰ জ্যেষ্ঠ সকলে কিবা কব লগীয়া থাকিলে দলৰ মজিয়াত কব৷সংবাদ মাধ্যমৰ আগত ক’লে সংবাদ মাধ্যমে টিকট দিব নোৱাৰে৷সকলোকে দলীয় অনুশাসন মানি চলাৰ বাবে অনুৰোধ জনায়৷দলৰ কেন্দ্ৰীয় সমিতিৰ লগতে ভাতৃ-ভগ্নী সংগঠনৰ সৈতে আলোচনা হৈছে বুলি সভাপতি বৰাই জনায়৷