অসম গণ পৰিষদৰ শুভেচ্ছা
ৰঙিলী বাৰ্ত্তাসেৱা- অসমত তিনিটা পৰ্যায়ত অনুষ্ঠিত লোকসভা নিৰ্বাচন ২০২৪ৰ ভোটদান প্ৰক্ৰিয়া মঙলবাৰে সামৰণি পৰিল। দেশৰ এই বৃহৎ গণতান্ত্রিক প্ৰক্ৰিয়াত ৰাজ্যৰ সংবাদ মাধ্যমে যিদৰে সহযোগিতা আগবঢ়ালে তাৰ বাবে অসম গণ পৰিষদৰ তৰফৰপৰা সংবাদ মাধ্যমৰ প্ৰতিজন ব্যক্তিলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনালে অসম গণ পৰিষদ দলৰ প্ৰচাৰ সম্পাদক অংশুমান দত্তই৷ আশা কৰো, অনাগত দিনতো আপোনালোকে এইদৰে আমাক উৎসাহ জনাই থাকিব বুলি দত্তই সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে৷