অসম গণ পৰিষদৰ যুৱ পৰিষদৰ কাৰ্যনিৰ্বাহক সভা
ৰঙিলী বাৰ্ত্তাসেৱা- অসম গণ পৰিষদৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত অসম গণ পৰিষদৰ যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। উক্ত সভাত দলৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, সাধাৰণ সম্পাদক মনোজ শইকীয়া, সম্পাদক সুনীল ডেকা, যুৱ পৰিষদৰ সভাপতি জিতু বৰগোহাঁই,ডাঃ তপন দাস,অপূৰ্ব কুমাৰ ভট্টাচাৰ্য লগতে দলৰ প্ৰায় ১০০ ৰো অধিক জন মান কৰ্মকৰ্তা উপস্থিত থাকে৷ উক্ত সভাত পোন প্ৰথমে শপত বাক্য পাঠ কৰে সভাপতি অতুল বৰাই। আগন্তুক বিধান সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি যুৱ পৰিষদক নতুন ৰণনীতি তৈয়াৰ কৰি অধিক শক্তিশালী কৰাৰ বাবেই এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত কৰে৷যোৱা লোকসভা নিৰ্বাচনত ৰৈ যোৱা খুটি নাতি বোৰ বিতংভাৱে আলোচনা কৰাৰ উপৰি গ্ৰাম্য অঞ্চলত অধিক তৎপৰতাৰে, পাৰিলে সপ্তাহত এখনকৈ হ’লেও সভা পাতি প্ৰাথমিক ভেটি টনকিয়াল কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰতিখন পঞ্চায়তে পঞ্চায়তে যুৱ পৰিষদে ৰাইজক লগ কৰি তেওঁলোকৰ সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত সহায় সহযোগিতা কৰাৰ পোষকতা কৰে। বিশেষকৈ আগন্তুক ৫ টা বিধান সভা উপ নিৰ্বাচনৰ বাবে বেছি গুৰুত্ব আৰোপ কৰে।