অসম গণ পৰিষদৰ মহিলা পৰিষদৰ সভা
ৰঙিলী বাৰ্ত্তাসেৱা- আমবাৰীস্থিত অসম গণ পৰিষদৰ মুখ্য কাৰ্য্যালয়ত অগপ ৰ ভগ্নী সংগঠন অসম মহিলা পৰিষদৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। সভাত তেওঁলোকৰ সাংগঠনিক বিষয়ত আলোচনা কৰাৰ লগতে যোৱা পঞ্চায়ত নিৰ্বাচনত জয় লাভ কৰা মহিলা প্ৰাৰ্থী সকলক সম্বৰ্ধনা জনায়। সভাত সভানেত্ৰী পূৰবী তালুকদাৰ, সম্পাদিকা কস্তুৰী চেতিয়া, সহ স্পাদিকা মীৰা দত্ত চৌধুৰী, সাংগঠনিক সম্পাদিকা ৰঞ্জু কলিতা প্ৰমুখ্যে ১৫০ গৰাকী মান মহিলা কৰ্মী উপস্থিত থাকে।
আনহাতে অগপ ৰ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদেও কাৰ্য্যালয়ত আন এখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰে। সভাত পৰিষদৰ সাংগঠনিক দিশৰ ওপৰত পৰ্যালোচনা কৰে। সভাত পৰিষদৰ সভাপতি ত্ৰিনয়ন বৰুৱা, কাৰ্য্যকৰী সভাপতি উৎপল হালৈ, সাধাৰণ সম্পাদক মুকুল দাস, হৃষিকেশ মেধি, কৈলাস দলে সহ প্ৰায় কেবা গৰাকী কৰ্মকৰ্তা উপস্থিত থাকে। উল্লেখ থাকে যে দুয়োখন সভাতে দলৰ সভাপতি অতুল বৰা আৰু কাৰ্য্যকৰী সভাপতি কেশৱ মহন্ত উপস্থিত থাকে। সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত বৰাই কয়, দলত কোনো বিদ্ৰোহ হোৱা নাই। এয়া এক জাগৰণ। ইয়াৰ পৰা দল অধিক শক্তিশালী হ’ব। শক্তি বৃদ্ধিৰ সময় এয়া। অনাগত দিনত অগপৰ খুবেই ভাল হ’ব । ছয় জনজাতি কৰণ দলে মনে প্ৰানে বিচাৰে বুলি তেওঁ কয়।ইতিমধ্যে তেওঁলোকৰ আন্দোলন অব্যাহত আছে। ভাৰতীয় সংবিধানে কেইটামান জাতি জনগোষ্ঠীক পিছ পেলাই ৰাখিছে বুলি তেওঁ তাৎপৰ্য পূৰ্ণ মন্তব্য কৰে। এই সংক্ৰান্তত তেওঁ কংগ্ৰেছ দলকহে দোষাৰোপ কৰে। অহা বিধান সভাৰ অধিৱেশনত জনজাতি সন্দৰ্ভত সৰ্বদলীয় বৈঠক অনুষ্ঠিত হ’ব বুলি তেওঁ উল্লেখ কৰে।