অসম গণ পৰিষদৰ প্ৰতি থকা আনুগত্যৰ অনন্য নিদৰ্শন
অৱশেষত চেন্দেল-জোতা নিপিন্ধাৰ সংকল্প পৰিহাৰ অতুল দেৱনাথৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অসম গণ পৰিষদৰ প্ৰতি থকা আনুগত্যৰ অনন্য নিদৰ্শন দাঙি ধৰি অৱশেষত চেন্দেল-জোতা নিপিন্ধাৰ সংকল্প পৰিহাৰ অতুল দেৱনাথৰ। এসময়ৰ অসম গণ পৰিষদৰ অভেদ্য দুৰ্গ চামগুৰি বিধানসভা সমষ্টিত অসম গণ পৰিষদক প্ৰতিদ্বন্দ্বিতা কৰি অসম বিধানসভালৈ নিৰ্বাচিত হোৱা শ্ৰী অতুল শৰ্মাই ২০০১ চনৰ বিধানসভাৰ সাধাৰণ নিৰ্বাচনত পৰাজয়বৰণ কৰাৰ শোকত ব্যথিত হৈ পৰিছিল দলৰ অক্লান্ত সৈনিক অতুল দেৱনাথ৷ সমষ্টিটোৰ কুহুমতলী পঞ্চায়তৰ অন্তৰ্গত খলিহামাৰি গাঁৱৰ নিৱাসী অতুল দেৱনাথে চামগুৰি বিধানসভা সমষ্টিত দলে পুনৰ নিজৰ দখললৈ আনিব নোৱৰা পৰ্যন্ত চেন্দেল-জোতা পৰিধান নকৰাৰ সংকল্প গ্ৰহণ কৰিছিল। তেনেকৈয়ে জোতা-চেন্দেল নিপিন্ধাকৈ প্ৰায় আঢ়ৈ দশক নিজৰ সংকল্পত স্থিৰ হৈ থাকিল দেৱনাথ৷ শেহতীয়াকৈ সম্পন্ন হোৱা অসম বিধানসভাৰ উপ-নিৰ্বাচনত মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী হিচাপে দিপ্লুৰঞ্জন শৰ্মাই চামগুৰি বিধানসভা সমষ্টিত বৃহৎ বিজয় সাব্যস্ত কৰাৰ পাছত আজি দেৱনাথে চেন্দেল-জোতা পৰিধান কৰি তেখেতৰ সংকল্প পৰিহাৰ কৰে।অসম গণ পৰিষদৰ কলিয়াবৰ বিধানসভা সমষ্টি সমিতিৰ কাৰ্যালয়ত দলীয় কৰ্মীসকলৰ উপস্থিতিত দেৱনাথে সুদীৰ্ঘ ২৪ বছৰৰ পাছত চেন্দেল- জোতা পৰিধান কৰাৰ বিশেষ মুহূৰ্তৰ সাক্ষী হৈ আনন্দ অনুভৱ কৰে অগপৰ ম কাৰ্যকৰী সভাপতি কেশৱ মহন্তই। তেখেতৰ দৃঢ় সংকল্প আৰু ত্যাগ তথা দলৰ প্ৰতি থকা আনুগত্যৰ নিৰ্দশনে অগপ কৰ্মীসকলক উৎসাহিত কৰি তুলিছে বুলি মন্তব্য কৰে মহন্তই৷